চেইণ্ট লৰেন্স নদীৰ বুকুৰ এহেজাৰটা দ্বীপ : তিৰুজ্যোতি বৰা দাস

চেইণ্ট লৰেন্স নদীৰ বুকুৰ এহেজাৰটা দ্বীপ

তিৰুজ্যোতি বৰা দাস

থাউজেণ্ড আইলেণ্ডলৈ (Thousand Island) ফুৰিবলৈ যোৱাৰ দিনটো আছিল ৩ জুলাই ,২০১১ চন। নিউজার্চিৰ পৰা আগদিনা খন গাড়ীৰে গৈ আমি নিউয়র্কৰ হোটেলত ৰাতিটো কটাইছিলোঁ আৰু পুৱা ৯ বজাতেই গৈ থাউজেণ্ড আইলেণ্ড ওলাইছিলোগৈ।

 

ছবিত অঁকাৰ দৰেই গাঢ় নীলা ৰঙৰ পানী আছিল চেইণ্ট লৰেন্স নদীৰ (St. Lawrence)। আকাশো আছিল বর্ণময়, শুকুলা মেঘ আৰু নীলা ৰঙৰ খেলা।

জুলাই মাহৰ ৰ’দ , আৰ্দ্ৰতা কম বাবে গৰমৰ অনুভৱটো বিৰক্তিকৰ নাছিল। থাউজেণ্ড আইলেণ্ড ফুৰিবৰ বাবে আমি প্ৰথমে ফেৰীৰ টিকট ললোঁ আৰু শাৰী শাৰীকৈ গৈ ফেৰীৰ ডেকত উঠিলোঁগৈ। যাত্ৰীসকলক ফেৰীত থকা গাইডজনে মাইকেৰে ফেৰীত ল’ব লগীয়া নিয়মবোৰ সোঁৱৰাই দিছিল। এই সাৱধানবাণীৰ লগত আছিল থাউজেণ্ড আইলেণ্ডৰ বুৰঞ্জী আৰু ভূগোলৰ নিখুঁত বর্ণনা।

 

ফেৰীত উঠাৰ সময়ত মোৰ মন উৰা মাৰিছিল মাজুলীলৈ। নিমাতীঘাটত মাজুলীলৈ যোৱা ফেৰীৰ কাৰণে ৰৈ ৰৈ লাল চাহ আৰু কাটা বিস্কুট খোৱাৰ আমেজখিনি, ভিৰ থেলি চিট এটা বিচাৰি লোৱাৰ হাঁহাকাৰখিনিৰ লগত ফেৰীৰ পৰা নামিয়েই নদীৰ পাৰত ৰৈ থকা বাছখন ধৰিবৰ বাবে মৰা দৌৰটোৰ কথা ভাবি মই চেইণ্ট লৰেন্স নদীৰ বুকুতো সোঁৱৰণিত ডুব যাবলৈ নাপাহৰিলোঁ। ব্ৰহ্মপুত্ৰৰ বুকুত ডুবি মৰা বেলিটোৰ ৰঙখিনি, শিমলু তুলাৰ চঞ্চলতাখিনি, ঝাওবন আৰু কঁহুৱাৰ সুন্দৰতাখিনিৰ লগতে গৰাখহনীয়াত নিস্ব হোৱা পৰিয়ালবোৰৰ কথা মনত পৰি মোৰ মন গধুৰ হৈ পৰিল। যিয়েই নহওক ফেৰীৰ গাইডজনৰ নাটকীয় কথনশৈলীয়ে মোক সোঁৱৰণিৰ বুকুৰ পৰা আনি চেইণ্ট লৰেন্স নদীৰ বুকুত থিয় কৰালেহি। আমি আমাৰ কাষতে বহা মুম্বাইৰ পৰিয়াল এটিৰ লগত চিনাকী হৈ ললোঁ। সকলোবোৰ যাত্ৰী উঠাৰ পিছত খুউব ধীৰ গতিত ফেৰীখনে নদীৰ বুকুত যাত্ৰা আৰম্ভ কৰিলে।

 

অতীজতে থাউজেণ্ড আইলেণ্ডক তাৰ স্থানীয় লোকে “দা গার্ডেন অৱ ডা গ্ৰেট স্পিৰিট” (The garden of the great spirit) বুলি নামাংকৃত কৰিছিল। পিছত এজন ফ্ৰেন্স অন্বেষকে ইয়াক থাউজেণ্ড আইলেণ্ড নাম দিয়ে। যদিওবা থাউজেণ্ড আইলেণ্ড নামটোৱে এহেজাৰটা দ্বীপক প্ৰতিনিধিত্ব কৰিছে দৰাচলতে ১৮০০ সৰু বৰ দ্বীপৰ সমষ্টিৰে থাউজেণ্ড আইলেণ্ডৰ সৃষ্টি হৈছে।

 

নীলা আৰু সেউজীয়াৰ অপূর্ব সংমিশ্ৰণ থাউজেণ্ড আইলেণ্ড। চেইণ্ট লৰেন্স নদীৰ গাঢ় নীলা পানী আৰু সৰু বৰ সেউজ দ্বীপবোৰৰ মোহনীয়তা ইমান বেছি আছিল যে নিজৰ চকুৰেই যেন বিশ্বাস কৰিব নোৱাৰি। থাউজেণ্ড আইলেণ্ডৰ অন্যতম আর্কষণৰ  উৎস আছিল বল্ড কেচেল (Bold castle )। নিউয়র্ক চিটিৰ, ৱালডর্ফ এস্টৰিয়া ( Waldorf Astoria ) হোটেলৰ মালিক জর্জ চি বল্টয়ে এই মহলটো সাজি উলিওৱাৰ ব্যৱস্থা  কৰিছিল। তেওঁৰ মৰমৰ পত্নী লুইচক ভেলেন্টাইন ডে’ৰ উপহাৰ দিবৰ বাবে তেওঁ কেচেলটো সজাৰ দিহা কৰিছিল। কিন্ত অতি দুখজনক ভাবে ভেলেন্টাইন ডেৰ এমাহৰ আগত ১৯০৪ চনত লুইচৰ আকস্মিকভাবে মৃত্যু হয়। মনৰ দুখত জর্জ চি বল্টয়ে ততালিকে বনুৱাসকলক কাম বন্ধ কৰিবলৈ দিলে। তেতিয়ালৈ কেচেলটোৰ প্ৰায় ৮০ শতাংশ কাম সম্পূর্ণ হৈ উঠিছিল। এই মহলটো ১৯০৪ চনৰ পৰা ১৯৭৭ চনলৈ খালী হৈ পৰি আছিল। এই আটকধুনীয়া  কেচেলটো বর্তমান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে।

 

থাউজেণ্ড আইলেণ্ডৰ চালাড ড্ৰেচিং পৃথিবী বিখ্যাত। চালাড ড্ৰেচিং হৈছে চালাডৰ ওপৰত সজাবৰ বাবে দিয়া একপ্ৰকাৰৰ চচ যি চালাডখিনি অধিক সুস্বাদু কৰি তোলে। থাউজেণ্ড আইলেণ্ডৰ চালাড ড্ৰেচিং সকলোৰে আগত চিনাকী কৰি দিয়াৰ মূলতে আছিল জর্জ চি বল্ট। কথিত আছে যে আগতে থাউজেণ্ড আইলেণ্ডৰ মাছমৰীয়াসকলে তেওঁলোকে ধৰা বিভিন্ন মাছৰ ব্যঞ্জন যেতিয়া অভ্যাগতৰ আগত দাঙি ধৰিছিল তেতিয়া তাৰ লগত এই বিশেষ চালাড ড্ৰেচিঙো দিছিল। সেই সময়ত এই চালাড ড্ৰেচিঙৰ নাম আছিল গাইডচ ড্ৰেচিং। জর্জ চি বল্ট এবাৰ থাউজেণ্ড আইলেণ্ডলৈ আহোঁতে এই চালাড ড্ৰেচিং তৈয়াৰ কৰাৰ কিটিপটো শিকি যায় আৰু নিউয়র্ক চিটিত থকা হোটেল ৱালডর্ফ এস্টৰিয়া ত তেওঁ ইয়াক ব্যৱহাৰ কৰে। তেওঁ পূর্বৰ গাইডচ ড্ৰেচিং নামটো সলাই থাউজেণ্ড আইলেণ্ড চালাড ড্ৰেচিং নামটো ব্যৱহাৰ কৰে আৰু বর্তমান সেই নামেৰেই ই পৃথিৱী বিখ্যাত।

 

বিখ্যাত চিংগাৰ চিলাই মেচিন কোম্পানীৰ  প্ৰেচিডেণ্ট ফ্ৰেডৰিক গিলবার্ট বৰন (Frederick Gilbert Bourne)এ থাউজেণ্ড আইলেণ্ডত নিজাকৈ “হান্টিং ৰিট্ৰিট”  (Hunting retreat )নামৰ এটা মহল সাজিছিল। এই  হান্টিং ৰিট্ৰিটয়েই বর্তমান চিংগাৰ কেচেল (Singer castle) নামেৰে বিখ্যাত। চিংগাৰ কেচেলৰ ঘৰৰ মূধচ গাঢ় ইটাৰঙী। ফেৰীৰ পৰা এই বৃহৎ আকাৰৰ মহলতো দেখি মই আচৰিত হ’লোঁ। পাইন গছৰ ফাঁকে ফাঁকে মহলটোৰ খিৰিকী আৰু মটিয়া ৰঙৰ ৱাল দেখা পোৱা গৈছিল। এই মহলটোত পৰ্যটকৰ বাবে ৰাতি খোৱা আৰু থকাৰো ব্যৱস্থা আছে।

 

বল্ড কেচেলৰ কাষতেই আছিল “ডিয়েৰ আইলেণ্ড” (deer island )। ডিয়েৰ আইলেণ্ডটো হোৱাইট পাইন, ব্লেক ওক, হেমলক আৰু চুগাৰ মেপল গছেৰে ঠাহ খাই আছিল। তাৰ মাজৰেই আমি আমাৰ চাহ বাগানৰ বাংলো টাইপৰ এটা ঘৰ দেখা পাইছিলোঁ। ঘৰটোৰ তল অংশ চেইণ্ট লৰেন্স নদীৰ পানীত ডুব খাই আছিল। ১৮৫৬ চনত চেমুৱেল মিলাৰে ( Mr. Samuel Miller) এই ডিয়েৰ আইলেণ্ডটো কিনি লৈছিল। ১৯৪৯ চনত চেমুৱেল মিলাৰৰ পু্ত্ৰ ডগলছ মিলাৰে (George Douglas Miller) এই দ্বীপৰ এটা বিল্ডিং য়েল বিশ্ববিদ্যালয়ৰ (Yale University) Skull and Bones Society ক দান কৰিছিল। পোন্ধৰটা কোঠাৰ এই বিল্ডিং মূল্যৱান সামগ্ৰী আৰু কিতাপেৰে ঠাহ খাই আছিল। দুৰ্ভাগ্যজনকভাৱে ১৯৪৯ চনত জুই লাগি এই সকলোবোৰ সামগ্ৰী নষ্ট হৈ গৈছিল।

 

যিহেতু থাউজেণ্ড আইলেণ্ড কানাডা আৰু ইউ এচৰ সীমাত আছে সেয়েহে সৰু বৰ দ্বীপবোৰ দুয়োখন দেশতেই সিঁচৰিত হৈ আছে। আমাক গাইডজনে ফেৰীৰে গৈ থাকোঁতে পানীৰ মাজতে দুয়োখন দেশৰ সীমাৰেখাডাল দেখুৱাই দিছিল।

 

এটি কণমানি দ্বীপত আমাৰ অসম আর্হিৰ ঘৰ দেখুৱাই গাইডজনে আমাক বুজাই দিছিল যে সেই সৰু দ্বীপটোৱেই হৈছে থাউজেণ্ড আইলেণ্ডৰ সবাতোকৈ সৰু দ্বীপ। সেই দ্বীপৰ নাম আছিল “জাস্ট ৰুম এনাফ” (Just room enough)।

 

সৰু বৰ দ্বীপবোৰৰ কাষেৰে ফেৰীৰে গৈ থাকোঁতে বিলাসী নৌকাবিহাৰ কৰি থকা আবাসী বা পৰ্যটকসকলে আমাক হাত দাঙি সম্ভাষণ জনাইছিল। দুই এটা অচিন চৰায়েও ডেউকা কোবাই আমাৰ কাষেৰে পাৰ হৈ গৈছিল। থাউজেণ্ড আইলেণ্ডৰ চেইণ্ট লৰেন্স নদীৰ বুকুতে আছে পৃথিৱীৰ সৱাতোকৈ সৰু আন্তৰাষ্ট্ৰীয় দলংখন। কানাডাৰ এটি দ্বীপ আৰু ইউ এচৰ এটি দ্বীপ সংযোগী দলংখনৰ দৈঘ্য হৈছে মাত্ৰ ৩২ ফুট। দলংখনে দুয়োখন দেশৰ সীমাৰ এটি ডাঙৰ দ্বীপ আৰু এটি সৰু দ্বীপক সংযোগ কৰিছে। জেভিকন আইলেণ্ড (Zavikon island ) নামেৰে জনাজাত এই দ্বীপ দুটাৰ কানাডাৰ ফালে থকা দ্বীপটো আছিল ডাঙৰ আৰু তাত এটা বগা ৰঙৰ ঘৰ আছিল, আনহাতে ইউ এচৰ ফালে থকা দ্বীপটো আছিল নিচেই সৰু। দুয়োখন দেশৰ পতাকা দুয়োটা দ্বীপতে সগৌৰৱে থিয় দি আছিল।

 

দুপৰীয়া বাৰ বজাত আমি থাউজেণ্ড আইলেণ্ডৰ পৰা উভটনি যাত্ৰা আৰম্ভ কৰিলোঁ। মনত আৰু এক উলাহ আছিল। কাইলৈ ৪ জুলাই, এই দেশৰ স্বাধীনতা দিৱস। নিউয়র্ক চিটি আৰু নিউজার্চিৰ পার্কবোৰত স্বাধীনতা দিৱসৰ আতচবাজী বৰ সুন্দৰ হয়। গতিকে আজি ঘৰত জিৰণি লৈ কাইলৈৰ বাবেও প্ৰস্তুতি চলাব লাগিব।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!