চৰিয়াচিচ -ড° মুকুল শৰ্মা

আমাৰ সমাজত এনেকুৱা বহুত ভূক্তভূগী লোক আছে যাৰ শৰীৰত তলৰ ছবিত দিয়া চৰ্মৰোগবিধ দেখা যায়। এই চৰ্মৰোগ বিধক আমি চ’ৰিয়াচিছ্ নামেৰে জানো। চ’ৰিয়াচিছ্ শব্দটো গ্ৰীক শব্দ চ’ৰা(Psora) আৰু লেচিচ্(lasis) ৰ পৰা আহিছে য’ত চ’ৰা মানে খজুঁৱতি আৰু লেচিচ্ মানে অৱস্থা। গোটেই বিশ্বৰ একৰ পৰা তিনি শতাংশ লোক এই বেমাৰৰ দ্বাৰা আক্ৰান্ত বুলি এক সমীক্ষাত প্ৰকাশ। এই বেমাৰ বিধৰ সঠিক কাৰণ এতিয়ালৈকে উদ্ভাৱন হোৱা নাই যদিও অনুসন্ধান আৰু প্ৰয়োগ চলি আছে। কিন্তু কিছুমানে চ’ৰিয়াচিছক auto Immune বেমাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। Auto Immune বুজিবলৈ আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune System) বিষয়ে জানিব লাগিব । আমাৰ শৰীৰত বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু প্ৰৱেশ কৰিলে আমি অসুস্থ হৈ পৰো। আমাৰ শৰীৰৰ ৰক্তকণিকা বিলাকে সেই বেমাৰৰ বীজাণুবিলাকক চিনাক্ত কৰি সেইবিলাকক মাৰিবলৈ চেষ্ঠা কৰে। চ’ৰিয়াচিছ্ বেমাৰত এই ৰক্তকণিকা বিলাকে নিজৰ শৰীৰৰ ছালৰ কোষবিলাকক ভুলকৈ বাহিৰা বেমাৰৰ বীজাণুৰ নিচিনা আক্ৰমণ কৰে যাৰ ফলত এই জটিল Auto Immune বেমাৰবিধৰ সৃষ্টি হয়।।

চ’ৰিয়াচিছৰ কাৰণ:-

১/ বিৰুদ্ধ আহাৰ:-আয়ুৰ্বেদ মতে নতুনকৈ উৎপাদন হোৱা খাদ্য শস্য, দৈ, সাগৰীয় খাদ্য, লবণযুক্ত খাদ্য, মাটি মাহ, টেঙা বস্তু, মছলাযুক্ত খাদ্য বস্তু, কিণ্বিত ভোজন, ময়দা আৰু বেকাৰীৰ খাদ্য বস্তু, জাংক ফূড, ফাষ্ট ফূড্, ফ্ৰীজত ৰখা খাদ্য বস্তু আৰু শীতল খাদ্য বস্তু অধিক পৰিমানে সেৱন, ভালকৈ নৰন্ধা খাদ্য সেৱন আৰু আগৰ ভোজনৰ খাদ্যবস্তু হজম নোহোৱাকৈ নতুন খাদ্য সেৱন ইত্যাদিৰ ফলত চ’ৰিয়াচিছৰ নিচিনা জটিল বেমাৰে দেখা দিব পাৰে।।

২/ মিথ্যা বিহাৰ(অশুদ্ধ জীৱনশৈলী): অশুদ্ধ জীৱনশৈলী যেনে অত্যধিক গৰম আৰু গধুৰ খাদ্য গ্ৰহণৰ পিছত ব্যায়াম কৰা, বমি আদি অধাৰণীয় বেগ দমণ কৰা, অতিপাত গৰমৰ পৰা আহি লগে লগে ঠাণ্ডা পানী ব্যৱহাৰ কৰা, দিবা শয়ন আদিৰ ফলত আমাৰ খাদ্য পাচন প্ৰক্ৰিয়াত ব্যঘাত জন্মে যাৰফলত শৰীৰৰ প্ৰক্ৰিয়া বিলাককৰ অসমতুল্যতা ঘটে আৰু চ’ৰিয়াচিছৰ নিচিনা ৰোগৰ উৎপত্তি হব পাৰে।

৩/ অদৃষ্য হেতু(নজনা কাৰণ)

৪/ অত্যধিক শাৰীৰিক আৰু মানসিক চাপ ।। অন্য কিছুমান কাৰণ যিয়ে চ’ৰিয়াচিছ্ হোৱাত উদ্গনি যোগায়। যেনে———

* সংক্ৰমণ: উদাহৰণ স্বৰূপে শিশুৰ গ’লৰ সংক্ৰমণ ( ষ্ট্ৰেপ্ট’কক্কেল, ভাইৰাচ জনিত) সময়মতে চিকিৎসা নকৰিলে।।

* চালত হোৱা আঘাত যেনে কটা-চিঙা, জুইয়ে পোৰা, চানবাৰ্ন (sunburn) ইত্যাদিৰ ফলত সেই ঠাইটুকুৰাত বা তাৰ আশেপাশে এইৰোগ হব পাৰে।

* ধূম্ৰপান আৰু মদ্যপান।।

* কিছুমান ঔষধৰ পাৰ্শ্চক্ৰিয়া স্বৰূপে। যেনে- বিষনাষক, মেলেৰিয়াৰ ঔষধ ক্ল’ৰ’কুইন, উচ্চ ৰক্তচাপত ব্যবহৃত বিটা ব্লকাৰ ইত্যাদি।

* মেদবহুলতা- অতি শকত লোকৰ ছালৰ ভাজত চ’ৰিয়াচিছৰ তৰপ পৰা দেখা যায়।।

* শৰীৰৰ বিপাকজনিত কাৰক । যেনে- কেলচিয়ামৰ অভাব।

* হৰ্মনযুক্ত কাৰক। যেনে- গৰ্ভাৱস্থা।।

* বংশগত:- যদি পৰিয়ালৰ কোনো সদস্যৰ এই ৰোগবিধ আছে বা আছিল তেনেহ’লে অন্য সদস্যৰো এই ৰোগবিধ হোৱাৰ আশংকা ৪০% বাঢ়ি যায়। চ’ৰিয়াচিছৰ ক্ষেত্ৰত আন কিছুমান লক্ষণীয় দিশ হ’ল——–

* ই সোঁচৰা নহয়।।

* কেঁচুৱাৰ পৰা বৃদ্ধবয়সৰ যিকোনো ব্যক্তিৰ এইৰোগ হব পাৰে।।

* সাধাৰণতে ২০ ৰ পৰা ৩০ বছৰ বয়সৰ লোকৰ এইৰোগ বেছিকৈ হোৱা দেখা যায়।।

* এবাৰ আৰোগ্য হৈ পুনৰ ৰোগাক্ৰান্ত হোৱা প্ৰায়ে দেখা যায়।

* গ্ৰীষ্ম কালৰ তুলনাত শীতকালত ৰোগৰ প্ৰকোপ বেছি হয়।

চ’ৰিয়াচিছৰ লক্ষণ ——————–

১/ অনুজ্জল, ৰুক্ষ, ফাটি যোৱা ডাঠ চালৰ(মাছৰ বাকলিৰ নিচিনা) তৰপ দেখা যায়।

২/ খঁজুৱতি।

৩/ মূৰত ইয়াক ডাঠ উফিৰ নিচিনা দেখা যায়।

৪/ চালৰ ডাঠ তৰপটো উঠায় দিলে সামান্য ৰক্ত ওলায়।।

৫/ হাত আৰু ভৰিৰ নখবিলাকতো এইৰোগ হব পাৰে। চ’ৰিয়াচিছৰ ফলত হাত আৰু ভৰিৰ নখ বিকৃত হয় আৰু ইয়াৰ বৰণ সলনি হব ধৰে আৰু অবশেষত নখবিলাক আঙুলিৰ পৰা উঠি যাব পাৰে।।

৬/ চ’ৰিয়াচিছ পুৰণি হ’লে গাঠীঁৰ বিষ আৰু গাঠীঁবিলাক ফুলিব (arthritis) পাৰে।। চ’ৰিয়াচিছৰ প্ৰকাৰ —– বেছিভাগ ক্ষেত্ৰতে এজন মানুহৰ এটা সময়তে এটা প্ৰকাৰৰ চ’ৰিয়াচিছ হয়। এই প্ৰকাৰটো ঠিক হোৱাৰ পিচত অন্য প্ৰকাৰৰ চ’ৰিয়াচিছ হব পাৰে।

বিভিন্ন প্ৰকাৰৰ চ’ৰিয়াচিছ বিলাক হ’ল———–

ক) Plaque Psoriasis:- সচৰাচৰ দেখা দিয়া চ’ৰিয়াচিছৰ ভিতৰত এইটো প্ৰকাৰ বেছিকৈ দেখা যায়। ইয়াক চ’ৰিয়াচিছ ভালগাৰিচ্ বুলিও জনা যায়। এই প্ৰকাৰৰ চ’ৰিয়াচিছ মূলতঃ কিলাকূটি, আঁঠু, মূৰৰ চাল, কঁকাল, পিঠিত বেছিকৈ দেখা যায়। এই প্ৰকাৰৰ চ’ৰিয়াচিছত চালৰ ওপৰত ৰূপালী ৰঙৰ ডাঠ তৰপৰ সৃষ্টি হয় আৰু চালত কম বেছি পৰিমানে খজুঁৱতি থাকে। তেজো ওলাব পাৰে।।

খ) নিঁয়ৰৰ কণিকা সদৃষ Guttae Psoriasis:- সাধাৰণতে এইবিধ চ’ৰিয়াচিছ কম বসয়ীয়া লোকৰ হয়। গ’লৰ সংক্ৰমণ, মানসিক চাপ বা আঘাত বা কোনো ঔষধৰ পাৰ্শ্চক্ৰিয়াৰ ফলত মূলতঃ বুকু, ভৰি বা বাহুৰ ওপৰত ঘূৰণীয়া আকৃতিৰ পাতল দাগ এইবিধ চ’ৰিয়াচিছৰ বিশেষত্ব।

গ) নখৰ চ’ৰিয়াচিছ:- চ’ৰিয়াচিছৰ এইটো প্ৰকাৰত হাত আৰু ভৰিৰ নখৰ আকৃতি, বৰণ, গঠনৰ বিকৃতি ঘটে। নখবোৰ ফাঁট মেলিব পাৰে আৰু আঙুলীৰ পৰা এৰি আহিব পাৰে।।

ঘ) মূৰৰ চ’ৰিয়াচিছ:- ইয়াত মূৰৰ ওপৰৰ চালটো ৰঙা পৰি খঁজুৱাই, চুলি সৰিব ধৰে আৰু মূৰটো বগা উফিৰে ভৰ্তি হোৱা যেন লাগে।

ঙ) Inverse Psoriasis :- এইবিধ চ’ৰিয়াচিছ বেছিকৈ শকত লোকৰ শৰীৰত হোৱা দেখা যায়। কাষলতিৰ তলত, কৰঙণৰ চুকত, জননেন্দ্ৰিয়ৰ কাষত বা স্তনৰ তলত ৰূপালী ৰঙৰ উজ্জল দাগ বহিব পাৰে। খজঁুৱতিৰ উপৰিও বিষো হব পাৰে। বেছিকৈ ঘঁহনি খালে বা খজুৱালে ই বাঢ়ি যায়।

চ) Pustular Psoriasis :- অতি কম সংখ্যক মানুহৰ এইবিধ চ’ৰিয়াচিছ হয়। ই এবিধ গম্ভীৰ ধৰনৰ চ’ৰিয়াচিছ য’ত মানুহজনৰ সম্পূৰ্ণ শৰীৰটোত ছাল যোৱাৰ নিচিনা হয় আৰু পুঁজ জমা হয়। কেতিয়াবা জ্বৰ, বিষ, খজুৱতি, দুৰ্বলতা ইত্যাদিও হব পাৰে।

ছ) Erythrodermic Psoriasis :- এইপ্ৰকাৰৰ চ’ৰিয়াচিছ শৰীৰৰ ৮০ শতাংশ পৰ্য্যন্ত অঞ্চল বিয়পি যাব পাৰে। এইপ্ৰকাৰৰ চ’ৰিয়াচিছত আক্ৰান্ত হলে মানুহজনৰ শৰীৰৰ তাপমাত্ৰা সলনি হব, হৃদযন্ত্ৰৰ ধৰফৰনি বাঢ়ি যায় আৰু শৰীৰৰ চালবিলাক এৰি যাব ধৰে আৰু চালত জ্বলনি পোৰণি হয়। থিকমতে চিকিৎসা নকৰিলে ইয়াৰ ফলত মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে।

জ) গাঠিৰ হাড়ৰ চ’ৰিয়াচিছ :- একেৰাহে বহুদিন ধৰি (প্ৰায় ১০ বছৰ) চ’ৰিয়াচিছত আক্ৰান্ত হলে শৰীৰৰ গাঠিবিলাক আক্ৰান্ত হৈ গাঠিৰ বিষ হব পাৰে আৰু গাঠিবিলাক ফুলিব পাৰে যাক ইংৰাজীত Arthritis বুলি কোৱা হয়। চ’ৰিয়াচিছৰ ফলত হব পৰা জটিলতা:- চ’ৰিয়াচিছৰ প্ৰকাৰ আৰু হোৱা ঠাইটুকুৰাৰ ওপৰত ভিত্তি কৰি এই বেমাৰৰ পৰা কিছুমান জটিলতা আহিব পাৰে। যেনে—- *চালখন ডাঠ হৈ যাব পাৰে অতিমাত্ৰা খজুৱতিৰ ফলত বেক্টেৰিয়াৰ সংক্ৰমণ ঘটিব পাৰে। *Pustular Psoriasis ৰ ফলত শৰীৰত ডিহাইড্ৰেছন আৰু ইলেকট্ৰলাইতৰ অসমতুল্যতা হব পাৰে। *মানসিক হীনমন্যতা। *মানসিক টেনছন। *সামাজিক বহিস্কৰন। *চকুৰ জটিলতা। যেনে: য়ুভিয়াইটিচ্, কনজাংটিভাইটিচ্, চকুৰ পতাৰ সংক্ৰমণ। *হৃদৰোগ :- ষ্ট্ৰোক্, উচ্চ ৰক্তচাপ, শৰীৰৰ চৰ্বী বঢ়া। *স্নায়ুজনিত :- পাৰ্কিনচন বেমাৰ। *কিডনীৰ অসুখ। *ডায়েবেটিছ। *শৰীৰৰ বিপাক সম্পৰ্কীয় ৰোগ (Metabolic syndrome) । *অন্যান্য Auto Immune Disease, যেনে: Irritable bowel syndrome, Crone’s disease, Multiple sclerosis ইত্যাদি । *কৰ্কট ৰোগ। *আৰ্থাটিচ (গাঠিৰ বিষ)। আয়ুৰ্বেদিক চিকিৎসাৰ জড়িয়তে আৰু জীৱনশৈলীৰ কিছু পৰিবৰ্তনৰ জড়িয়তে এই বেমাৰটোৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়। # কোনো ধৰণৰ প্ৰশ্নৰ বাবে ই-মেইল কৰক [email protected], হোৱাটচ্এপ নম্বৰ ৯৫০৮০২৬৮২৫

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!