চৰ্দাৰ বনাম  চৰ্দাৰনী (অগ্নিভ দত্ত)

agniv dutta _rahghara

 

ৰাতিপুৱা অফিচ পাই লাল চাহকাপত সোঁহা এটা মাৰিছিলহে, আহিল নহয় ধুমুহাৰ দৰে ছোনিয়াজী সোমাই ৰুমটোলৈ । মোডিচাহাবে কিবা এটা কোৱাৰ আগতেই উঠিল নহয় জকজকাই মেডাম।

মেডাম : হেৰি…. আপুনি কি সাংঘাটিক মানুহহে ?
মোডি চাহাব (অকণ মান থেৰু- গেৰুকৈ): হেই হেই ছোনিয়াজী, কি কথা কয়হে আপুনি ? আৰু মেইন কথাতো হৈছে আপুনি পাহৰি গৈছে নেকি কিবা এটা ?
মেডাম : কি ডাল পাহৰিবলে আছেহে?
মোডি (মেডামৰ ভয়ংকৰ ৰুপ দেখি অলপ নাৰ্ভাচো হৈছে !!): মানে এইটো ৰুমত আজিকালি আপোনাৰ মনে মনে সিং নবহে বুইছেনে নাই ? আজিকালি ইয়াত দেশত ভাল দিন অনা মোডি বহে বুইছে। অলপ কথা চাই-চিতি ক’ব দেই।
মেডাম : ইয়াত মনে মনে নবহিলে কি হ’ব আপুনি দেখোন সিজনাৰ বাপেক ওলাল গৈ !
মোডি : কি কি কথা কয়হে ??
মেডাম : নহয় নো কি ? আপুনি আমাকে গালি পাৰি পাৰি এতিয়া সেইবোৰকে ভাল ভাল বুলি আমাৰ হোলা ভাই মোলা ৰাইজক এতিয়া আমাৰ গেলামালবোৰ বিক্ৰি কৰাত লাগিছে চোন ?
মোডি (মুখত আঙুলিটো দি): হেই হেই মেডাম কি কয় আপুনি? অকণমান মনে মনে কওঁকহে কথা বোৰ, বেৰৰো কাণ আছে বুইছে? মাৰিব খুজিছে দেখোন আমাক। এইবোৰটো ট্ৰেইলাৰহে বুইছে ? 2G, কয়লা সেইবোৰটো আছেই । সেইবোৰৰ পৰাও কিমান ভাল দিন কিমানৰ আনি দিঁও কি ঠিক ? অকল আপোনালোকেই চব খাই-বৈ হজম কৰিলেইটো ন’হব;  আমাৰোতো ঘৰ সংসাৰ আছে, দেৰিকে হ’লেও আছেতো সংসাৰ এখন !
মেডামে বৰ সুখৰ হাঁহি এটা মাৰি : বুইছে মোডি, আমি এইবোৰ বুজি পাঁও নহয় ইজনে সিজনৰ দুখৰ কথাবোৰ। চিন্তা নকৰিব দিয়ক। হেৰি নহয় আৰু এটা কথা আছিল বুইছে- এহ কথা মানে,অকল বাংলাদেশৰ মাটি-বাৰিত লাগি থাকিলেই ন’হব দেই;  মোৰ জোঁৱাইটোৰ মাটি-বাৰিৰ কিবা কিবি অলপ খেলি মেলি লাগি আছিল পাৰিলে সেইখিনিও চাই দিবচোন অকণমান। মই আকৌ আপোনাৰ ইলেকচনৰ সময়ৰ মূৰ্ত্তি দেখি ভয়েই খাই আছিলো, এতিয়াহে মনটো মুকলি হ’ল।
মোডি : হে…. হে…..ইলেকচনৰ সময়ৰ মূৰ্ত্তি দেখি আপুনিও তাৰ মানে সঁচা বুলি ধৰি ল’লে !!!! তেনেকুৱা কথা কৈ লাজ নিদিবহে !! হে… হে: চব পেটৰ তাড়নাৰ ফল বুইছে ।।।হে: হে: মানে আপোনালোকেতো বুজেই দিয়কচোন । ইলেকচনো গ’ল, আপোনাৰ জোঁৱাইৰ মাটিৰ খেলি মেলিও গ’ল বুলি ধৰি লঁওকহে। এতিয়া ঘৰলৈ গৈ আৰাম কৰকগৈ ।  এইবোৰত ময়ে মাথা মাৰিম দিয়ক । অ’ অ’ বাবাটোৰ কি খবৰ আজিকালি ? এই চকলেট দুটা দি দিব হে বাবাটোক । আমেৰিকা যাঁওতে পাই লৈ আহিছিলো ।বৰ লক্ষ্মী ল’ৰা কিন্তু দেই বাবাটো !

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!