ছাগলী মাংসৰ ৰন্ধন প্ৰণালী (দীপা দেৱী)

সাধাৰণতে ছাগলী মাংস ৰন্ধন প্ৰণালী প্ৰায় সকলোৱে জানেই, তথাপিও কম সময়তে ৰান্ধিব পৰাকৈ অন্যধৰণৰ প্ৰণালী এটা আগবঢ়াইছোঁ। যিহেতু ছাগলীৰ মঙহ সিজাবলৈ অলপ বেছি সময় লাগে, সেয়েহে প্ৰেচাৰ কুকাৰত ৰান্ধি কম সময়তে তৈয়াৰ কৰিম। তাৰ বিধি তলত উল্লেখ কৰিলোঁ…

উপকৰণ-

ছাগলীৰ মঙহ- ৫০০ গ্ৰাম

আলু- ২টা (ডাঙৰ আকাৰৰ)

পিয়াঁজ- ৪টা (মজলীয়া আকাৰৰ)

নহৰু- ২টা (মজলীয়া আকাৰৰ)

জলকীয়া গুৰি- ২ চাহ চামুচ

জিৰা গুৰি- ২ চাহ চামুচ

জালুকৰ গুৰি- আধা চাহ চামুচ

মিট মচলাৰ গুৰি- ১ চাহ চামুচ

গৰম মচলাৰ গুৰি- ১ চাহ চামুচ

গোটা গৰম মচলা- লং, ইলাচি, ডালচেনি

তেল, হালধি আৰু নিমখ নিজা জোখ অনুসৰি।

ছাগলী মাংস খিনি ভালদৰে ধুই পানী নিগৰাই থওক। আলু, পিয়াঁজ আৰু নহৰু বাকলি গুচাই ধুই লওক। এতিয়া আলু কেইটা জোখমতে কাটি লওক। পিয়াঁজ কেইটাও মিহি কৈ কাটি নহৰু খিনি পিহি লওক। লং, ইলাচি আৰু ডালচেনি শুকানে খুন্দি এফালে থৈ দিয়ক।

প্ৰণালী-

প্ৰথমে প্ৰেচাৰ কুকাৰটো জুই ওপৰত উঠাই দিয়ক, গৰম হোৱাৰ লগে লগে তাত জোখমতে তেল দিয়ক, তেল পকিলে কাটি ৰখা পিয়াঁজ খিনি ৰঙচুৱা হোৱালৈকে ভাজি পিহি থোৱা নহৰু খিনি দি আকৌ লৰাই থাকক। এতিয়া আন্দাজ মতে হালধি, নিমখ দিয়ক আৰু লগতে জলকীয়া, জিৰা, জালুক, মিট মচলা আৰু গৰম মচলাৰ গুৰি খিনি দি মাংস খিনি বহাই দি অলপ সময় লৰাই  থাকি আলু কেইটুকুৰা দি আকৌ অলপ লৰাই দিয়ক। এতিয়া মাংস, আলু আৰু মচলাৰ মিশ্ৰণ খিনিৰ আধা হোৱাকৈ পানী দি কুকাৰ ৰ ঢাকনি খন লগাই দিয়ক। দুটা হুইছেল দিয়াৰ পাছত কুকাৰটো নমাই থওক। কুকাৰ টো খুলিব হলে ঢাকনি খন গুচাই পুনৰ বাৰ জুইত উঠাই দিয়ক। এতিয়া শুকানে খুন্দি থোৱা গৰম মচলা দি হেতাৰে অলপ লৰাই মাংস তৰকাৰি খন ডাঠ যেন হৈ আহিলে কুকাৰ ৰ পৰা উলিয়াওক আৰু গৰম ভাত নাইবা শুকান ৰুটিৰ লগত পৰিবেশন কৰক।

 

————————————————————

সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব। ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।

—————————————————————

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!