ছাত্ৰ ছাত্ৰীৰ বয়সৰ উচ্চ সীমা(সাম্যন্ত কে গোস্বামী)

ছাত্ৰ ছাত্ৰীৰ বয়সৰ উচ্চ সীমা(সাম্যন্ত কে গোস্বামী)

কথাষাৰ শুনিবলৈ অলপ আচহুৱা যেন লগা নাইনে বাৰু? আচলতে সৰুৰে পৰাই বয়োবৃদ্ধ ছাত্ৰনেতাসকলক দেখি থকা বাবেহে মনত প্ৰশ্নটো খেলিলে ।

মেডিকেল বা ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম পঢ়াৰ বাবে বোধহয় বয়সৰ উচ্চসীমা ২৩ বছৰ । মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ Prospectus ত এই বাক্যশাৰী স্পষ্টভাবে উল্লেখ থাকে । কিন্তু পঢ়ি ইমানখিনি সময়ৰ ভিতৰত ওলাই আহিব লাগিব বুলি চাগে ক’তো উল্লেখ নাই । সমস্যাটো তাতেই । অসমৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ পাঠ্যক্ৰমসমূহতো ক’তো এনে কোনো নিয়মাৱলী নথকা সুযোগটোৰেই সদ্‌ব্যৱহাৰ(?) সৰুৰে পৰা দেখি আহিছোঁ । মানে দাড়ি-চুলি পকাৰ পিছতো (অকালপক্কতা নহয়) বহুতো বয়োবৃদ্ধ লোকে এতিয়াও নিজকে ছাত্ৰ বুলিয়েই দাবী কৰে ।

ছাত্ৰ বা ছাত্ৰী বুলিলে আমি কোনো বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাসকলকেই বুজোঁ । কিন্তু ক’ৰবাত নামভৰ্ত্তি কৰি ছাত্ৰনেতা-নেত্ৰী হৈ থাকিবৰ বাবেই বছৰ বছৰ ধৰি পৰীক্ষা নিদি থকাসকলো ছাত্ৰ-ছাত্ৰীয়েই নে? যদি সেইটোৱেই হয়, অসমত দুই এটা এনে পৰিয়ালো বোধহয় নথকা নহয় – যাৰ পৰিয়ালৰ আটাইতকৈ বয়োজ্যেষ্ঠ লোকজনৰ পৰা আটাইতকৈ কনিষ্ঠজনলৈ সকলো ছাত্ৰ-ছাত্ৰীয়েই । হয়তো আটাইতকৈ বয়োজ্যেষ্ঠজন সভাপতি, তেওঁৰ পিছৰ জনুৰ দুজনমান জিলা পৰ্য্যায়ৰ নেতা আৰু একেবাৰে কনিষ্ঠজনে কিছুদিন আগতে ছাত্ৰ ৰাজনীতিত নামিছে ।

দ্বিতীয় কথাটো হ’ল – এই বয়োবৃদ্ধ ছাত্ৰসকলৰ উপাৰ্জনৰ উৎস কি? কাৰণ তেওঁলোকৰ বহুতেই ছাত্ৰ হৈ থাকি থাকিয়েই মাটি-বাৰী কিনিলে, ঘৰ সাজিলে, বিয়া-বাৰু পাতিলে, গাড়ী কিনিলে! আৰু গাড়ীও একেবাৰে বলেৰ’, স্কৰপিঅ’ বা তাতোকৈও বিলাসী গাড়ী । এটা সৰু উদাহৰণ দিছোঁ – মোৰ এজন দূৰ সম্পৰ্কীয় দাদা । ২০১০ চনত ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ সময়ত লগ পাই সুধিছিলোঁ আবেদন কৰিব নে নাই । ক’লে “এহ্‌, কি নো মাহিলী আঠ হাজাৰ টকাত খাটি থাকিবা হে ? পাৰ্‌মেনেন্ট হোৱাৰ তো আশা নায়েই । তাতকৈ ইয়াতেই ভালে আছোঁ দেখোন ।” এতিয়া পোনপটীয়াকৈ ক’বলৈ গ’লে ‘ইয়াতেই ভালে আছোঁ’ৰ অৰ্থ কি বাৰু? মানে তাত মাহিলী আয় আঠ হাজাৰতকৈ বেছি । আৰু হয়তো অন্যান্য সা-সুবিধাও নথকা নহয় । উল্লেখ্য যে তেওঁ কোনো জিলা পৰ্য্যায়ৰ নেতাও নহয় । তেনেহ’লে অকমান ওপৰ পৰ্য্যায়ৰ নেতাৰ আয় কিমান হ’ব পাৰে সেয়া সহজেই অনুমেয় । এই আয়ৰ উৎস কি?

 

দেবব্ৰত গগৈ: পৰাগদাই সম্পাদনা কৰা ” আগান”ত প্ৰকাশ পোৱা উত্‍পল তালুকদাৰৰ কাৰ্টুন এটালৈ মনত পৰিছে । কাৰ্টুনটোৰ সংলাপটো আছিল এনেধৰণৰ —

” মোৰ সৰু ল’ৰাটো ৰিটায়াৰ হবলৈ দহ বছৰ আছে , ডাঙৰটোৱে আছু কৰে ” ।

 

গুৰুত্বপূৰ্ণ কথাটো হল কাৰ্টুনটো যিজনক ঊদ্দেশ্য কৰি সৃষ্টি কৰা হৈছিল , সেইজন এতিয়াও দলটোৰ নেতা হয় । কাৰ্টূনটো প্ৰকাশ হৈছিল 1994 নে 1995 চনত । মানে যোৱাটো শতিকাত|

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!