ছিংগাপুৰৰ অভিজ্ঞতা (-ধীৰাজ কলিতা, ছিংগাপুৰ)

ছিংগাপুৰৰ ছাফ চিকুনতাৰ কথা ৰাইজে শুনিছেই | স্বাস্থ্যৰ লগত জড়িত দুই এটা কথা নিজ অভিজ্ঞতাৰ পৰা লিখিছোঁ | পৄথিৱীৰ বহু দেশ ঘুৰা পৰ্য্যটকয়েও ছিংগাপুৰৰ ছাফ চিকুনতাৰ শলাগ লোৱা শুনিছোঁ – গাড়ী বোৰৰ পৰা ক’লা ধোৱা নিৰ্গত নহয়,ৰাস্তাতো ধুলি বালি নাই,গতিকে দিনটো আপুনি গাড়ী মটৰে ঘুৰি ফুৰিলেও মুখ খন নুধুলেও চলি যায় | বায়ুমণ্ডলত তুলনামুলক ভাৱে বীজানু কম বুলি বিশ্বাস | মহ আৰু উৰহৰ বিৰুদ্ধে চৰকাৰৰ তত্‍পৰতা চেল্যুট জনাবলগীয়া | আপুনি আপোনাৰ কোঠাত যদি মহ দেখিছে তত্‍ক্ষণাত ফোন কৰক – ৰাষ্ট্ৰীয় পৰিৱেশ সংস্থা (national environment agency) লৈ, যুদ্ধকালীন প্ৰস্তুতিৰে তেওঁলোক কম সময়ৰ ভিতৰত আহি অপোনাৰ লগতে ওছৰ-চুবুৰীয়াৰ ঘৰ তন্ন-তন্নকৈ পৰিক্ষা কৰিব আৰু মহৰ উত্‍স যদি কাৰোবাৰ ঘৰত বিছাৰি পায়, মোটা অংকৰ জৰিমানা লিখি দি ভৱিষ্যতে তেনে নকৰিবলৈ সকীয়াই থৈ যাব| এইয়া অকল মানুহ থকা অঞ্চলতেই নহয়, উদ্যোগ থকা এলেকাবোৰতো প্ৰায় প্ৰতি ১৫ দিনৰ মুৰে মুৰে ১৫-২০ জনীয়া দলে পৰিক্ষা কৰে | অফিছ,কেন্টিনৰ পাকঘৰ,পানীৰ টেপ,ইত্যাদি ইত্যাদি |মহ-মাখি ইয়াৰ বহুত মানুহে কিজানি ফটোতহে দেখিছে, বনাঞ্চল এলেকাৰ ফালে গলে হয়তো দেখিব | বহুতৰে মুখত শুনোঁ যে আমাৰ বহুত বেমাৰৰ মুল কাৰন খোৱা পানী | শুনিলে আচৰিত হব ইয়াৰ মানুহে ফিল্টাৰ ব্যৱহাৰ নকৰে | বজাৰত ফিল্টাৰ,ইনভাৰ্টাৰ আদি কিনিব নাপায়েই কিজানি | চৰকাৰে ঘৰত যি পানী যোগান ধৰে সেই পানীৰেই খোৱা-বোৱা,বাছন ধোৱা,গা ধোৱা….একেডালেই পাইপলাইন | দুই এখন হোটেল বাদে সকলোতে বটলত থকা পানী কিনিয়েই খাব লাগে | বতৰ নাতি-শীতোষন,গতিকে বতৰৰ সলনি হলে হোৱা জ্বৰ-চৰ্দি কাহ বা বানপানীৰ পিছত হোৱা মহামাৰী আদি ৰোগ হোৱাৰ প্ৰশ্ন নুঠে | সুন্দৰ পৰিৱেশে ৰাইজক সুস্বাস্থ্য এটাৰ গৰাকী হবলৈ সুযোগ দিছে | খোৱা লোৱা বস্তুৰ বহুত দাম, সেয়ে ভেজাল খাদ্যৰ পয়োভৰ কিঞ্চিত বুলি অনুমান কৰিব পাৰি | তাৰোপৰি ৰাস্তাৰ কাষৰ তুলনামুলক ভাৱে সস্তাৰ ফুডকোৰ্টবোৰতো বিভাগীয় কৰ্ত্তৄপক্ষই সময়ে সময়ে quality পৰিক্ষা কৰে| ৰাতিৰ সাজ সোনকালে খোৱা ছিংগাপুৰীয়ানৰ প্ৰায় নিয়মৰ দৰেই,নিজে ঘৰত ৰন্ধা বঢ়া কমেই কৰে(ঘৰ ভাৰা্লৈ্ দিলও,বিশেষকৈ ছাইনীজ ছিংগাপুৰীয়ান সকলে নিজৰ পাকঘৰত লঘু আহাৰৰ বাদে অইন খাদ্য ৰন্ধাটো মানা কৰিয়েই দিয়ে)|অফিচৰ পৰা ওভতাৰ সময়ত সন্ধিয়া ৫.৩০ বজাৰ পৰা ৮ বজালৈ প্ৰতিখন ফুডকোৰ্টতে ভিৰ | ঘৰত খাদ্য প্ৰস্তুত কৰিলে সময়কে ধৰি যিমান খৰছ হয় সেই একে খৰছতে তেওঁলোকে সুস্বাদু/স্বাস্থ্যকৰ খানা ফুডকোৰ্টতো পায় | সেয়ে কিজানি দোকানৰ পৰা কিনি খোৱাটোত তেওঁলোকে বেছি প্ৰাধান্য দিয়ে | শাৰিৰীক ব্যায়াম অধিকাংশ মানুহেই কৰে | ভৰ দুপৰীয়া,ৰাতি   ২ টা বজাতো ৰাস্তাত দৌৰি থকা মানুহ দেখিব পাব | বহুতেই অফিছলৈ জগিং কৰাৰ কাৰনে প্ৰয়োজনীয় পোছাক লৈ যায় আৰু অফিচৰ পৰা ঘৰলৈ দৌৰি দৌৰি আহে (দুৰত্ব কম হলে),
প্ৰতিজনে সপোন দেখে নিৰোগী হৈ জীয়াই থাকিবলৈ | কিন্তু সেয়া সম্ভৱ নহয়, ছিংগাপুৰত চিকিত্‍সা সেৱা অত্যাধিক খৰছী | কিন্তু প্ৰতিজন ছিংগাপুৰীয়ানকে “Medisave” নামৰ এক ৰাষ্ট্ৰীয় সঞ্চয় আচনিয়ে সামৰি লয় | উপাৰ্জন কৰা প্ৰতিজন ছিংগাপুৰীয়ানে নিজৰ আয়ৰ এটা অংশ CPF (কেন্দ্ৰীয় তহবিল) হিচাপে জমা কৰাটো বাধ্যতামুলক আৰু CPF ৰ এক নিৰ্দিষ্ট অংশ নিজৰ স্বাস্থ্যৰ নামত মানে “Medisave”ৰ নামত কটা হয় | এইখিনিতে উল্লেখ থাকে যে আমাৰ দেশৰ দৰে অৱসৰৰ পিছত CPFৰ পইছাখিনি একেলগে উলিয়াব নোৱাৰে | Medisave আৰু কিবা কিবিৰ নামত CPFৰ পৰা বিয়োগ কৰি ৰৈ যোৱা ধনখিনি অৱসৰৰ পিছত প্ৰতিমাহে অলপ অলপকৈ দিয়ে | আগতে হেনো CPF ৰ পইচাখিনি অৱসৰৰ পিছত বা চাকৰিৰ পৰা ইস্তাফা দিয়াৰ পিছত নিজৰ নামত জমা হোৱা সকলো খিনি পইছা উলিয়াব পাৰিছিল, এতিয়া নতুনকৈ এইয়া নিয়ম স্ৰজিছে | গোটেই কেইখন চৰকাৰী চিকিত্‍সালয়তে “Medisave” ৰ জৰিয়তে চিকিত্‍সা প্ৰদান কৰা হয় | এজনৰ “Medisave” থাকিলে নিজৰ পৰিয়াল,মানে লৰা-ছোৱালী,মাক-দেউতাক আৰু ককা-আইতাকে বিনামুলীয়া স্বাস্থ্য সেৱা পায় | বিনামুলীয়া বুলি কওতে সম্পুৰ্ন বিনামুলীয়া নহয়, Medisaveৰ বহুত দীঘলীয়া নীতি নিয়ম আছে,কি কি অসুখ হলে বা কিমান খৰছলৈ,অপাৰেছনৰ খৰছ দিব নে দৰৱৰ খৰছ দিব……………..ইত্যাদি | ইয়াত অতি জৰুৰী আৰু কম জৰুৰী দুই ধৰনৰ এম্বুলেন্স সেৱাৰ ব্যৱস্থা আছে ছিংগাপুৰত | ৰঙা আৰু সেউজীয়া ক্ৰচ চিহ্ন ইয়াৰে ডাক্তৰ বা ফাৰ্মাচীবোৰে ব্যৱহাৰ নকৰে | চৰকাৰী আৰু ব্যক্তিগত চিকিত্‍সালয়ৰ পাৰ্থক্য তপৰাই চকুত পৰা নহয় |

প্ৰৱাসী ভাৰতীয় সকলে বিশেষকৈ সচৰাচৰ নিজৰ প্ৰয়োজনীয় দৰৱ নিজ দেশৰ পৰাই লৈ আনে | বহু দৰৱ ডাক্তৰ লিখি নিদিলে ফাৰ্মাচীবোৰে বিক্ৰী নকৰে | যিবোৰ দৰৱ ডাক্তৰৰ প্ৰেচকিপচন নোহোৱাকৈয়ো বিক্ৰী কৰাৰ অনুমতি আছে তাকো খোলা বিক্ৰী নকৰে | মানে ধৰক পেটটো বেয়া লাগিছে, গেষ্ট্ৰিকৰ দৰৱ এটা খাওঁ বুলিলে নুন্যতম ১০ টা টেবলেট থকা এটা টেবেলেটৰ পেকেট ৫ ডলাৰ(২৫০ টকা) মানেৰে কিনি পানীৰ বটল ১-২ ডলাৰ(৫০-১০০ টকা) খৰছ কৰিব লাগিব, নহলে উপায় নাই | মই আজিলৈ যি কেইখন ক্লিনিকলৈ গৈছো,প্ৰতিটো দৰৱৰ পেকেট বা বটলটোৰ ওপৰত ৰোগীৰ নাম,খোৱাৰ নিয়ম,বিষৰ নে ফুলাৰ নে এন্টিবায়’টিক সেই কথাও স্পষ্টকে লিখা থাকে| সন্তান গৰ্ভত থাকোতেই সন্তানৰ লিংগ ইয়াৰ ডাক্তৰেও জনাই দিয়া নিয়ম আছে | ভাৰতীয় সহকৰ্মী এজনে কোৱাৰ দৰে গৰ্ভৱতী মহিলাই প্ৰথম তিনিমাহত প্ৰতি ১৫ দিনৰ মুৰে মুৰে চেকআপ কৰাব লাগে তাৰ পিছত প্ৰতি ১মাহৰ মুৰে মুৰে | অলপ উন্নত মানৰ ব্যক্তিগত চিকিত্‍সালয়লৈ নিলেই প্ৰতিবাৰ চেকআপৰ সময়ত ডাক্তৰৰ ফীজ,পৰিক্ষা নিৰীক্ষাৰ মাচুল আৰু দৰৱ সহিতে কমেও ৫০০ ডলাৰ(২৫ হাজাৰ টকা) খৰছ হয় | সেয়ে বহু ছিংগাপুৰীয়ানে বহু খৰছী অপাৰেছন বা চিকিত্‍সা ভাৰতবৰ্ষত গৈয়ে কৰায় | ভাৰতবৰ্ষৰ এপল’ হস্পিটেলৰ কথা বহুতেই জানে | বেজৰ কথা সুধিছিলো কেইবাজনকো,বেজালি নাই ইয়াত কিন্তু ছাইনীজ মানুহখিনিয়ে বিভিন্ন ধৰনৰ গছ-বনৰ পাত-ঠাৰি ইত্যাদি কিছুমান বেমাৰ নিৰাময়ৰ কাৰনে ব্যৱহাৰ কৰে,ই অৱশ্যে সাধাৰন দোকানতেই পায়|সিদিনা প্ৰথম দেখিলোঁ, বাছ ষ্টপেজত বিকলাংগ এজনৰ হুইল চেয়াৰখন, বাছৰ ড্ৰাইভাৰ জনে নিজৰ আসনৰ পৰা আহি দুই মিনিটত বাছত উঠাই দি আকৌ গাড়ী চলাব আৰম্ভ কৰিলে | ষ্টপেজত বাছ ৰখাবলৈ বাছৰ ভিতৰত ৰঙা আৰু নীলা দুই ৰঙৰ চুইচ থাকে | নীলা ৰঙৰ চুইচটো টিপি দিলে ড্ৰাইভাৰে আপোনাক নমাৰ ক্ষেত্ৰত সহায় কৰিব আহিব ৷

আগলৈ চিংগাপুৰৰ বিষয়ে আৰু অনেক ভাল লগা কথা লিখাৰ ইচ্ছা থাকিল ৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!