ছেবাৰ ফিল্ডত ফুটবলৰূপী ফাইল (-অঞ্জল বৰা)

বিশ্বকাপ ফুটবল চলি থকাৰ মাজতে মোৰ ব্যক্তিগত কাম এটাৰ বাবে ছেবাৰ কাৰ্য্যালয়লৈ গৈছিলোঁ৷ কামটো এমাহ মানৰ আগতেই দিয়া৷ ঠিক বিশ্বকাপ ফুটবলৰ আগে আগে৷ সকলো মানুহৰ গাত ইতিমধ্যে বিশ্বকাপৰ জ্বৰৰ উপসৰ্গ দেখা পোৱা গৈছে৷ গতিকে সকলোৰে মনবোৰ বিশ্বকাপময় হৈ পৰিছে৷ সকলো বস্তুকে বল যেন দেখা পাবলৈ লৈছে৷ এনে কাৰণতেই নেকি মোক ছেবাৰ কাৰ্যলয়টো ঠিক ফুটবল খেলৰ ফিল্ডখনৰ দৰেই লাগিল৷ আৰু মোৰ ফাইলটো চেপেটা নহৈ যেন লাহে লাহে গোল হৈ পৰিছে৷ সৰ্বমুঠ পাঁচবাৰ ছেবাৰ ফিল্ডত অনুশীলন কৰাৰ পিছত কালি ঠিক গ’লপোষ্টত বলটো সোমাব সোমাব বুলি ৫.৩০ বজালৈকে ৰৈ ৰৈ শেষত অমীমাংসিত ৰূপতে খেলখন এৰি গুছি আহিলোঁ৷

ঘৰলৈ আহি অনুভৱ কৰিলোঁ মই দেখোন বিশ্বকাপৰ মাজতে ফিল্ডত থাকিয়েই যোৱা এমাহে ভাল খেল এখনকে চাই আছিলোঁ৷ দুখৰ কথা যে ফিল্ডত এফালে ছেবাৰ অনেক বিষয়া, কৰ্মচাৰী আৰু আন ফালে অকল মই৷ গতিকে বিষয়া-কৰ্মচাৰীৰ মাজত সোমাই মোৰ বলটো এনেদৰে ঘুৰিবলৈ ধৰিলে যে মই কালিলৈকে মোৰ বলটো চুবলৈকে নাপালোঁ৷ প্ৰথমেই কাউণ্টাৰৰ ৰেফাৰিজনে নিৰ্ধাৰিত মাছুল লৈ মোৰ বলটো ফিল্ডত নমাই দিলে৷ বচ, তেতিয়াৰ পৰা যোৱা এমাহে মাথো মই খেলিয়েই থাকিলোঁ৷ প্ৰথমেই বাইদেউ এগৰাকীয়ে বল লৈয়েই নিজৰ দুভৰিৰ মাজত এনেদৰে ভৰাই ৰাখিলে যে দুই সপ্তাহমানলৈ বলটো তাৰ পৰা উলিয়াবই নোৱাৰিলোঁ৷ তাৰপিছত যেনিবা ছলে-বলে-কৌশলে তেওঁৰ পৰা উলিয়ালোঁ৷ এইবাৰ তেওঁৰ পৰা বল গ’ল কাৰ্য্যালয় অধীক্ষকজনৰ কাষলৈ৷ তেওঁ আকৌ বলটো লৈ মানুহ ফিল্ডৰ পৰাই দুদিনমানলৈ গায়ব হৈ থাকিল৷ দুদিনমানৰ পিছত গম পালোঁ বল গৈ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকৰ কাষ পালেগৈ৷ কিন্তু বলটো তেওঁ হাতেৰে এনেদৰে সাৱটি ধৰি থাকিলে যে মই ব্যক্তিগতভাৱে ৰেফাৰী (পিয়ন) এজনক নি তেওঁক হালধীয়া কাৰ্ড দেখুৱাই দিয়াতহে তেওঁ বলটো বিশেষ কৰ্তব্যৰত বিষয়াজনলৈ ঠেলি দিলে৷ সেইজন আকৌ পাকৈত খেলুৱৈ৷ বল পৰিলে মানে ভৰিৰে এনেদৰে খেলে যে, সৰু সুৰা খেলুৱৈয়ে পাত্তাই নাপায়৷ গতিকে দিনৰ দিনটো অপেক্ষা কৰি, বুজাই মেলি তেওঁৰ পৰা বলটো নিয়াৰ চেষ্টা কৰিলোঁ৷ এইবাৰ তেওঁ বল ঠেলিলে পঞ্জীয়কলৈ৷ নিজেই ৰেফাৰী এজনৰ সহায়ত বলৰ সৈতে পঞ্জীয়কৰ টেবুল পালোঁগৈ৷ তেওঁ বল লৈয়ে কিবা কিবি লিৰিকি বিদাৰি পুনৰ বলটো পূৰ্বৰ বিশেষ কৰ্তব্যৰত বিষয়াজনলৈকে ঠেলি দিলে৷ বচ, সেইদিনা ৪ বজাত খেলখন সিমানতে শেষ কৰিলোঁ৷ পিছদিনা পুনৰ গৈ দেখোঁ বলটো তাতেই পৰি আছে৷ নাই লৰচৰ নহয়৷ ৩ মান বজাত তেওঁ বলটো এৰি দিলে আৰু পূৰ্বৰ প্ৰথম খেলুৱৈজনলৈ ঠেলি দিলে৷ দেখিলোঁ তেওঁ গ’ল দিয়াৰ সলনি কিবা কিবি অসুবিধা জনাই লিখিহে দিছে৷ খঙতে গৈ সচিবৰ টেবুল পালোঁগৈ৷ বোলো চাৰ, খেলখন এমাহ ধৰি খেলি থাকি আজি শেষত বলটো কিয় বাউণ্ডেৰিৰ বাহিৰলৈ ঠেলিলে৷ মোক আজি বলটো চুবলৈ দিয়ক, নাইবা গ’লটো দি খেলখন শেষ কৰক !! নহ’লে নহ’ব৷ তেওঁ বিশেষ কৰ্তব্যৰত বিষয়াজনলৈ ফোন কৰিলে৷ মই গৈ তেওঁ কাষ পালোঁগৈ৷ তেওঁ আকৌ বলটো বিচাৰি পঠিয়ালে৷ বলটো লৈ ৰেফাৰী এজন আহিল৷ তেওঁ কিবা কিবি লিৰিকি বিদাৰি পুনৰ সচিবলৈ ঠেলিলে৷ সচিবেও চাই মেলি বলটো গ’লপোষ্টত ভৰাব লাগে বুলি লিখি দিলে৷ সেই দিনাও ৫ টা বজাত খেলখন শেষ হোৱাত গুছি আহিলোঁ৷ পিছ দিনা পুনৰ খেল আৰম্ভ হোৱাৰ লগে লগে মই ফিল্ডত উপস্থিত হ’লোঁ৷ বলটো এইবাৰ ফাইনেল শ্ব’টটোৰ বাবে পুনৰ সচিবলৈ পঠিয়াই দিলে৷ সেইজন আকৌ সেই দলৰ দলপতি৷ তেওঁ এবাৰ বাহিৰত এবাৰ ভিতৰত থাকি কিবাখন কৰি থাকে৷ গতিকে তেওঁ শ্ব’টটো মাৰিব মাৰিব বুলি মই ৫ টালৈকে ৰৈ থাকিলোঁ৷ মাজতে অনেক চেষ্টা কৰিলোঁ৷ কিন্তু নহ’ল৷ খেলখন আৰু ৰোমাঞ্চকৰ কৰাৰ মানসেৰে সেই দিনালৈও তেওঁ এটা মাত্ৰ শ্ব’ট মাৰি মোৰ বলটো গ’লপোষ্টত ভৰাই নিদিলে৷ খেল শেষ হোৱাত গুছি আহিলোঁ৷ আজিও খেলখন অমীমাংসিতভাৱেই চলি আছে৷

গোটেই পৃথিৱীৰ মানুহ বিশ্বকাপ ফুটবলৰ জ্বৰত আক্ৰান্ত হৈ থকাৰ সময়ত মই এনেদৰেই নিৰলে ছেবাৰ অফিচত আন এখন ফুটবল খেল খেলি আছিলোঁ৷ মাজে মাজে মাথোন মোৰ কাণত পৰি আছিল সেই ধাৰাভাষ্য – এইয়া আপোনালোকে দেখি আছে বলটো বৰ্তমান মেডামৰ পৰা > অধীক্ষকলৈ > অধীক্ষকৰ পৰা > সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকলৈ > সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকৰ পৰা > বিশেষ কৰ্তব্যৰত বিষয়ালৈ > বিশেষ কৰ্তব্যৰত বিষয়াৰ পৰা > পঞ্জীয়কলৈ > পঞ্জীয়কৰ পৰা পুনৰ > বিশেষ কৰ্তব্যৰত বিষয়ালৈ > তেওঁৰ পৰা পুনৰ মেডামলৈ > মেডামৰ পৰা পুনৰ তেওঁলৈ > বিশেষ কৰ্তব্যৰত বিষয়াৰ পৰা পুনৰ > সচিবলৈ > সচিবৰ পৰা পুনৰ মেডামলৈ > মেডামৰ পৰা পুনৰ সচিবলৈ গৈ আছে…. এইয়া সচিবে গ’লপোষ্টৰ ফালে বলটো নি আছে…. নি আছে… !! আৰু মই মাথোঁ অসহায়ভাৱে নিৰলে দৌৰি দৌৰি লেবেজান হৈ পৰিছোঁ !!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!