ছৌদি আৰৱ : মৃত্যুদণ্ড য’ত তেনেই সহজ (আফতাৰ হুছেইন চৌধুৰী)

(সাধাৰণতে শুক্ৰবাৰে জুমাৰ নামাজ পঢ়াৰ পাছত মছজিদ প্ৰাংগণত নাইবা কোনো ডাঙৰ ফিল্ডত সশস্ত্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত এই শাস্তি প্ৰদান কৰা হয়৷ ৰাজধানী ৰিয়াধৰ সকলোতকৈ পুৰণা ডাঙৰ মছজিদ ‘ধীৰা মছজিদ’ত প্ৰায় সকলো শুক্ৰবাৰে এজন নহয় এজনৰ ডিঙি কটা হয়৷ কেতিয়াবা ৰিয়াধৰ বেলেগ ঠাইতো এই কাম কৰা হয়৷ মুকলি ঠাইত এই শাস্তি প্ৰদান কৰা হয় যাতে সকলোৱে দেখিব পাৰে আৰু ইয়াৰ পৰা শিক্ষা ল’ব পাৰে৷ শিৰচ্ছেদ কৰাৰ আগতে মানুহজনৰ অপৰাধ কি আছিল মাইকযোগে জনাই দিয়া হয়৷ স্বদেশী নাগৰিক, বিদেশী কোনো অপৰাধী এই শাস্তিৰ পৰা সাৰি নাযায়।)

চৌদি আৰৱেই পৃথিৱীৰ একমাত্ৰ দেশ য’ত এতিয়াও ইছলামিক আইন অনুসৰণ কৰি ডিঙি কাটি দোষীক শাস্তি প্ৰদান কৰা হয়৷ হত্যা, ধৰ্ষণ, সশস্ত্ৰ ডকাইতি, ড্ৰাগছৰ ব্যৱসায়়, সমকামিতা আৰু ‘ক’লা যাদু অনুশীলন কৰা’ৰ অভিযুক্তক চূড়ান্ত শাস্তি মৃত্যুদণ্ড দিয়া হয়৷ চৌদি আৰৱৰ হাইল প্ৰদেশৰ গৱৰ্ণৰ তথা ৰাজকুমাৰে কিছুদিন আগতে ‘বিবিচি’ৰ এটা সাক্ষাৎকাৰত কোৱামতে ভালদৰে অনুসন্ধান তথা সাক্ষী প্ৰমাণ ভালদৰে চাইচিতিহে মৃত্যুদণ্ডৰ আদেশ দিয়া হয়৷
মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয় ৰাজহুৱা স্থানত ডিঙি কাটি৷ সাধাৰণতে শুক্ৰবাৰে জুমাৰ নামাজ পঢ়াৰ পাছত মছজিদ প্ৰাংগণত নাইবা কোনো ডাঙৰ ফিল্ডত সশস্ত্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত এই শাস্তি প্ৰদান কৰা হয়৷ ৰাজধানী ৰিয়াধৰ সকলোতকৈ পুৰণা ডাঙৰ মছজিদ ‘ধীৰা মছজিদ’ত প্ৰায় সকলো শুক্ৰবাৰে এজন নহয় এজনৰ ডিঙি কটা হয়৷ কেতিয়াবা ৰিয়াধৰ বেলেগ ঠাইতো এই কাম কৰা হয়৷ মুকলি ঠাইত এই শাস্তি প্ৰদান কৰা হয় যাতে সকলোৱে দেখিব পাৰে আৰু ইয়াৰ পৰা শিক্ষা ল’ব পাৰে৷ শিৰচ্ছেদ কৰাৰ আগতে মানুহজনৰ অপৰাধ কি আছিল মাইকযোগে জনাই দিয়া হয়৷ স্বদেশী নাগৰিক, বিদেশী কোনো অপৰাধী এই শাস্তিৰ পৰা সাৰি নাযায়৷
এবছৰ মান আগতে এজন (ইজিপ্তৰ নাগৰিক) গুদাম ঘৰৰক্ষীক হত্যা কৰি বস্তু-বাহানি চুৰৰ কৰাৰ অপৰাধত একেলগে আঠজন বাংলাদেশী নাগৰিকৰ শিৰচ্ছেদ কৰা হৈছিল৷ কেইমাহমান আগতে মই থকা ঘৰৰ ওচৰৰ ফিল্ডখনত এজন চৌদি নাগৰিকক পত্নী হত্যাৰ অপৰাধত শিৰচ্ছেদ কৰাৰ হৈছিল৷ এবাৰ পাকিস্থানী দুজন ভাই-ককাই (অভিযোগ- ড্ৰাগছৰ ব্যৱসায়়)ৰ শিৰচ্ছেদ আমাৰ লগৰ এজনে চাব গৈছিল, পিছত এসপ্তাহ সি শুব পৰা নাছিল৷ শুনা মতে ডিঙি কটাৰ আগতে ইঞ্জেকচন দি অজ্ঞান কৰি লোৱা হয়৷ ইছলামিক আইনমতে ডিঙি কটাৰ আগতে মৃতকৰ পৰিয়ালে এনেই নাইবা টকা লৈ অভিযুক্তক ক্ষমা কৰি দিব পাৰে৷ ডিঙি কটাৰ আগমুহূৰ্ততো যদি মৃতকৰ পৰিয়ালে দাবী কৰা টকা দিয়া হয় তেন্তে অভিযুক্তই ৰেহাই পায়৷ এবাৰ শুনিছিলোঁ এজন ফিলিপিন্সৰ নাগৰিকে নিজক বচাবলৈ এজন চৌদি নাগৰিকক হত্যা কৰাৰ পাছত মৃতকৰ পৰিয়ালে কেইবালাখ ৰিয়াল দাবী কৰিছিল, ফিলিপিন্সৰ বৈদেশিক মন্ত্ৰী চৌদি আৰৱত আহি সকলো ফিলিপিন’ নাগৰিকক আহ্বান জনাইছিল যাতে সকলোৱে চান্দা জমা কৰি অভিযুক্তজনক বচাব পাৰে৷
আগতে ইয়াত চুৰিৰ অপৰাধত হাত কটা হৈছিল, পিছত এই আইন সলনি কৰা হ’ল, এতিয়া চুৰিৰ শাস্তি জে’ল৷ ৰিয়াধত এতিয়া চোৰ,ডকাইত, প্ৰবঞ্চকৰ অভাৱ নাই৷ চৌদি নাগৰিককে ধৰি বেছিভাগ দেশৰ নাগৰিক এইবিলাক কাৰ্যত জড়িত৷ চোৰ আৰু প্ৰবঞ্চকৰ লগত হোৱা অভিজ্ঞতা বেলেগ এদিন লিখিম৷ আজিলৈ সামৰিলোঁ৷

–**–

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!