ছ’ৱাইন ফ্লুৰ আতংক – লক্ষণ, নিবাৰণ আৰু প্ৰস্তুতি (ৰূপাঙ্কৰ চৌধুৰী)

‘শুশ্ৰূষাতকৈ সুৰক্ষা শ্ৰেয়’

আমি ছ’ৱাইন ফ্লু বুলি সাধাৰণতে যাক কওঁ, সেয়া একপ্ৰকাৰৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ যাৰ লক্ষণবোৰৰ সাধাৰণ চৰ্দি-জ্বৰৰ লগত যথেষ্ট পৰিমাণে মিল আছে। এই বেমাৰ বিধ মূলতঃ গাহৰিৰ পৰা অহা বুলি বিভিন্ন গৱেষণাত পোৱা গৈছে যাৰ বাবে অসমীয়াত ইয়াক ‘গাহৰি চৰ্দি’ বুলিও কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হ’ল- A(H1N1)।

মাত্ৰ ২০১৫ চনতেই সমগ্ৰ ভাৰতবৰ্ষত ছ’ৱাইন ফ্লুৰ দ্বাৰা আক্ৰান্ত হৈ ৫৮৫ জন ব্যক্তি মৃত্যুক সাৱটি লৈছে। ইয়াৰে ১০০জন যোৱা ১২ ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে! এই গতিত থাকিলে এই ৰোগবিধে মহামাৰীৰ ৰূপ ল’বলৈ বেছি সময় নালাগে। চৰকাৰী তথ্য অনুসৰি,২০১৫চনৰ এই ডেৰমাহৰ ভিতৰতেই সৰ্বমুঠ ৮,৪২৩জন ব্যক্তি এই ৰোগ বিধৰ দ্বাৰা আক্ৰান্ত হৈছে সমগ্ৰ দেশত। সৰ্বাধিক আক্ৰান্ত ৰাজ্যসমূহ হ’ল- ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ।

লক্ষণ-
এই ৰোগ বিধৰ লক্ষণ সমূহ সাধাৰণ চৰ্দি-জ্বৰৰ দৰেই বাবে ছ’ৱাইন ফ্লুত আক্ৰান্ত বহুতৰে প্ৰথম অৱস্থাত ইয়াক চিনাক্তকৰণত আহুকাল হয়। কিন্তু সাধাৰণ চৰ্দি-জ্বৰৰ বাদেও আন কিছুমান বিশেষ লক্ষণ দেখা দিয়ে যাৰ দ্বাৰা এই ৰোগবিধ চিনাক্ত কৰিব পাৰি। সেইসমূহ হ’ল-
উশাহ লোৱাত কষ্ট
১০০ ডিগ্ৰী ফাৰেণহাইটতকৈ বেছি মাত্ৰাত জ্বৰ
কাহ
ডিঙি ফুলা
গা,মূৰ আৰু বুকুৰ বিষ
নিম্ন ৰক্তচাপ
তেজ-গ্ৰহণী
নখৰ ৰঙ নীলা হোৱা
বমি-বমি ভাৱ
ওপৰত উল্লেখ কৰা লক্ষণসমূহ দেখা দিয়া মাত্ৰেই চিকিৎসকৰ লগত যোগাযোগ কৰাটো বাঞ্ছনীয়।

নিবাৰণ-
নিশ্চিত কৰক যে আপুনি সুস্থ শৰীৰে আছে- প্ৰথমেই নিশ্চিত কৰক যে আপুনি প্ৰয়োজনীয় নিদ্ৰা গ্ৰহণ কৰিছে। দৈনন্দিন শাৰিৰীক পৰিশ্ৰম কৰক। যথেষ্টপৰিমাণে পানী আৰু সুবিধানুযায়ী ফলৰ ৰস খাওঁক। পৰিপোষক খাদ্য খাওক। দেহৰ প্ৰতিৰোধী ক্ষমতা সন্তুলিত কৰি ৰাখিবৰ বাবে বিশেষকৈ- দৈ, ‘জিংক (Zinc)’ৰ পৰিমাণ বেছিকৈ থকা খাদ্য যেনে-মাছ-মাংস, গাখীৰ, গোটা-দানাৰ খাদ্য , নহৰু আৰু সূৰ্য্য ৰশ্মিৰ পৰা আহৰণ কৰিব পৰা ‘ভিটামিন-ডি’ যথেষ্ট পৰিমাণে গ্ৰহণ কৰক। প্ৰয়োজনসাপেক্ষে ‘ভিটামিন-চি’ দৰৱ লওক। আপুনি যিমানে স্বাস্থ্যৱান হ’ব সিমানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা মজবুত হ’ব।
চাফ-চিকুণ- চাবোন আৰু পানী ব্যৱহাৰ কৰি সঘনাই হাত ধোৱাৰ অভ্যাস গঢ় দিয়ক। কাহ উঠিলে বা হাঁচি মাৰিলে ৰূমাল বা টিছু কাগজ ব্যৱহাৰ কৰক। যিসকল ব্যক্তি ছ’ৱাইন ফ্লুৰ দ্বাৰা আক্ৰান্ত বা আক্ৰান্ত বুলি সন্দেহ কৰা হৈছে, তেওঁলোকৰ পৰা নিজকে অন্ততঃ এহাত দুৰত ৰাখক।
বাহ্যিক খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতৰ্কতা- আমাৰ বহুতৰে এক অভ্যাস আছে যে ৰেষ্টুৰেণ্ট আদিত খাবলৈ গ’লে আনৰ থালৰ পৰা অসতৰ্ক ভাৱেই খাদ্য গ্ৰহণ কৰোঁ। এই বদঅভ্যাস আতৰ কৰক। খোৱা পানীৰ বটল যিমান পাৰে নিজৰ লগত কঢ়িয়াই ফুৰাৰ অভ্যাস কৰক।
মুখা পিন্ধাৰ অভ্যাস- ছ’ৱাইন ফ্লু প্ৰভাৱিত অঞ্চলৰ লোক সকলে মুখা পিন্ধাৰ (Face-mask) অভ্যাস কৰি তুলিব লাগে। ইয়াৰদ্বাৰা এই ভাইৰাছৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা নিজকে কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়।

প্ৰস্তুতি-
এটা কথা মনত ৰাখিব যে ছ’ৱাইন ফ্লু, এক নতুন ধৰণৰ ৰোগ। সেয়েহে আমাৰ দেহত ইয়াৰ লগত যুঁজ দিব পৰা প্ৰতিৰোধী ক্ষমতা গঢ়লৈ উঠাৰ সম্ভাৱনা একেবাৰেই ক্ষীণ। ছ’ৱাইন ফ্লু প্ৰতিৰোধৰ বাবে এক বিশেষ ধৰণৰ ‘ভেকচিন’ প্ৰস্তুত কৰি তোলা হৈছে যদিও সেয়া অতি দুৰ্লভ। সেয়েহে কিবা কাৰণত আপোনাৰ নিকটবৰ্তী অঞ্চলত ছ’ৱাইন ফ্লুৰ দ্বাৰা আক্ৰান্তৰ খবৰ পালে আটাইতকৈ সুৰক্ষিত ব্যৱস্থা হৈছে – ঘৰৰ ভিতৰত সোমাই থাকক।

লাহে লাহে দেশৰ বিভিন্ন ৰাজ্যত মহামাৰী ৰূপ ধাৰণ কৰা এই ৰোগে আমাৰ অসমত এতিয়ালৈ তেনেকৈ বিৰূপ প্ৰভাৱ পেলোৱা নাই। তথাপি নিজকে আগতীয়াকৈ প্ৰস্তুত কৰি ৰখাটো বাঞ্ছনীয়। শেহতীয়া ভাৱে ২০০৯চনৰ ১৬জুন তাৰিখে ‘ছ’ৱাইন ফ্লু’ক সমগ্ৰ বিশ্বতে মহামাৰী ঘোষণা কৰা হৈছিল। কেনেবাকৈ ছ’ৱাইন ফ্লুই আপোনাৰ অঞ্চলত মহামাৰী ৰূপ ধাৰণ কৰিলে নিজকে তলত দিয়া ধৰণে প্ৰস্তুত কৰি ৰাখিব পাৰে-
দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী (খোৱা-বস্তু, ঔষধ, শিশুৰ সামগ্ৰী) আদি পৰ্যাপ্ত পৰিমাণত ঘৰত মজুত ৰাখক যাতে ঘৰৰ বাহিৰত সঘনাই যাব লগা নহয়।
শিশুৰ পঢ়া-শুনাৰ লগতে নিজৰ অফিচৰ কাম ঘৰতেই কৰিব পৰা ব্যৱস্থা কৰি লওক। এয়া নিশ্চিত যে কিবা কাৰণত ছ’ৱাইন ফ্লুই মহামাৰীৰ ৰূপ ল’লে চৰকাৰী ভাৱেই স্কুল, কলেজ, অফিচ-কাচাৰি বন্ধ ঘোষণা হ’ব।
ইন্টাৰনেট, টিভি-ৰেদিঅৰ বা-বাতৰিৰ দ্বাৰা নিজকে শেহতীয়া পৰিস্থিতিৰ বিষয়ে জ্ঞাত কৰি ৰাখক।

শেষত পুনৰ কওঁ- শুশ্ৰূষাতকৈ সুৰক্ষা শ্ৰেয়।

One thought on “ছ’ৱাইন ফ্লুৰ আতংক – লক্ষণ, নিবাৰণ আৰু প্ৰস্তুতি (ৰূপাঙ্কৰ চৌধুৰী)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!