জধলা সি (জয়ন্ত আকাশ বৰ্মণ)

মহান চিকটা বুলি তাৰ এটা সুনাম আছে৷ অফিছত কোনোবাই যদি ৰঙা চাহৰ পাৰ্টীও দিয়ে, সিদিনাখন সি আৰু লাঞ্চ নকৰে৷ আৰু, অফিছত কোনোবাই যদি চিংৰা চাহৰ পাৰ্টী দিয়াৰ কথা থাকে, সিদিনা সি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিও নাহে৷

অফিছলৈ আহোঁতে সদায় সি উৱঁ‌লি যোৱা চোলা এটাৰ লগত ক’লা ফটা পেণ্ট এটা পিন্ধি আহে৷ বাথৰূমত সোমাই সি ভাল চোলা এটা পিন্ধি লয়, আৰু ছুটীৰ সময়ত আকৌ উৱলা পোচাকযোৰ পিন্ধি চোলাটো মোৰেই কাপ ব’ৰ্ডত থৈ যায়৷ সি অফিছৰ মোৰ ব্যক্তিগত পিয়ন৷ আমাৰ আড্ডাৰ সি এটা আচৰিত প্ৰজাতিৰ নমুনা৷ তাৰ কাৰ্পণ্য আমাৰ কেতিয়াবা বিৰক্তি আৰু কেতিয়াবা হাস্যৰসৰো উৎস৷

টেবুলত তাৰ কেজুৱেল লিভৰ দৰ্খাস্তখন পালোঁ৷ সন্ধিয়া মই তাৰ ঘৰলৈ গ’লোঁ৷ বেমাৰ হ’লেও সি কেতিয়াও দৰৱ কিনি নাখায়৷ টকাবোৰ কেৱল সাঁচিহে থয়৷ ইফালে ইয়াত ডেংগুৰ অত্যাচাৰ৷ গতিকে খবৰ কৰিবলৈ প্ৰথমবাৰৰ বাবে সিদিনা সন্ধিয়া মই তাৰ ঘৰলৈ গ’লোঁ৷ মই তাৰ কেৱল গাঁওখনৰ নামহে জানিছিলোঁ৷ দোকান এখনত মই তাৰ ঠিকনাটো সুধিলোঁ৷

দোকানীজনে ঘৰটো ভুলকৈ দেখুৱাই দিলে৷ যিটো ঘৰ দেখুৱাই দিলে, সেইখন এখন অনাথ আশ্ৰমহে আছিল৷

মই উভতি আহিলোঁ৷ দোকানীজনক পুনৰ সুধিলোঁ, এই যে অমুক অফিছত কাম কৰে মানস ভূঞা, তেখেতৰ ঘৰটোহে সুধিছোঁ৷ মই তেখেতৰ অফিছৰেই৷ দোকানীজনে ক’লে- হয়, মই আপোনাক তেখেতৰ ঘৰেই দেখুৱাইছোঁ৷ সৰুতেই মাক দেউতাকক হেৰুওৱা তেখেতে আপোনালোকৰ অফিছত চাকৰি পায়েই সেইখন অনাথ আশ্ৰম খুলিলে৷ নিজেও থাকে৷ নিজৰ দৰ্মহাৰেই চলায় বিছজনীয়া আশ্ৰমখন৷ এজন শিশুৰ গা বেয়া আছিল কালি৷ আজি ৰাতিপুৱাই তেখেতে তাক গুৱাহাটীৰ ডক্টৰৰ ওচৰলৈ লৈ গৈছে৷ আমিও সামান্য পইচা দি সহায় কৰিছোঁ৷

মই দোকানীজনৰ বাঁহৰ চাংখনত বহি পৰিলোঁ৷ নাতিদূৰত অসম আৰ্হিৰ পৰিপাটী অশ্ৰমখনৰ চোতালত কেইজনমান শিশোৱে ৰে’ল ৰে’ল খেলি আছে৷ এজন শিশুৱে কাগজৰ এখন উৰাজাহাজ উৰাই আছিল৷

পৃথিৱীখন ভাল৷

মানস পিয়ন সঁ‌চাকৈয়েই এটা আচৰিত প্ৰজাতিৰ নমুনা৷

জধলা কৃপণ মানস পিয়ন ধুনীয়া৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!