জনজাতীয় আখলত- (পূৰৱী বৰদলৈ)

জনজাতীয় আখলত পিঠাগুৰি আৰু খুদ চাউল খাৰৰ তৰকাৰী ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয় । তিৱা সকলেও এইদৰে খাবলৈ ভালপায় ।
উপকৰণ সমূহ:
খুদ চাউল এমুঠি ।
বুঢ়া মূলাৰ এমুঠি পাত ।
পিয়াজঁ এটা কুটি লোৱা ।
আদা এটুকুৰা আৰু নহৰু ৮ ফুট থেতালি লোৱা ।
কেঁচা জলকীয়া ২-৩টা ।
ৰৌ, ভকুৱা , মিৰিকা দৰে মাছৰ মূৰ এটা সামান্য ভাজি লোৱা বা কেঁচাই লব পাৰে যদি ব্যৱহাৰ কৰিব পাৰে ।
নিমখ ,হালধি, মিঠাতেল আৰু কলাখাৰ আন্দাজ মতে ।

প্ৰণালী :
খুদ চাউল কেইটা অলপ সময় পানীত তিয়াই থৈ ভালকৈ ধুই লব । মূলা পাত চাফা কৰি কুটি লব । এতিয়া কেৰাহিত সামান্য তেল গৰম কৰি পিয়াজঁ ভাজক ;থেতালি লোৱা আদা নহৰু দি হালধি মিলাব । এতিয়া শাক দিয়ক । অলপ সময় লৰাই খুদ চাউল দিব । নিমখ দিব । গৰম পানী দি উতলিব দিয়ক । উতল আহিলেই মাছৰ মূৰ দিব আৰু কলাখাৰ মিলাই সিজিব দিয়ক । কেঁচা জলকীয়া কেইটাও ফালি দিব । মধ্যমীয়া জুইত আটাইবোৰ সিজি থুপথুপীয়া হলে নমাই দিব ।
বি.দ্ৰ. মুগ ডাইল ২-৩ চামুচ খুদ চাউলৰ সৈতে তিয়াই ব্যৱহাৰ কৰিব পাৰে । খাবলৈ সোৱাদ হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!