জানেনে? (ৰাজীৱ ৰঞ্জন)

জানেনে?

ৰাজীৱ ৰঞ্জন

 

“চন্দ্ৰলৈ হাতুৰী এটা লগত ননাকৈ নাহিবা।” এপল’ ১২-ৰ অভিযাত্ৰী পিট কণৰাডে কোৱা এটা বাক্য। চন্দ্ৰ অভিযানত ALSEP(Apollo Lunar Surface Experiments Package)বুলি এবিধ সঁজুলিত বিদ্যুৎ যোগানৰ বাবে যি ব্যৱস্থা লাগে সেই অংশটো তাৰ বাকচটোৰ পৰা উলিয়াই ALSEP-ৰ নিৰ্দিষ্ট স্থানত বহুৱাবলৈ অসুবিধাৰ সৃষ্টি হৈছিল। সহযাত্ৰী এলান বীনে উপদেশ দিলে যে হাতুৰী এটা লৈ অলপ মৰিয়াই দিলে কাম কৰিব চাগৈ। প্ৰথমে ইতস্ততঃ বোধ কৰিছিল যদিও কণৰাডে উপদেশটো মানি সঁজুলিটোক হাতুৰীৰে লাহেকৈ মৰিয়াই দিলে। আৰু ভৱামতেই ই কামো কৰিলে যাৰ বাবে কণৰাডে কৈছিল: Don’t come to the moon without a hammer.

আপুনি ব্যৱহাৰ কৰা কিবা এটা সঁজুলিয়ে যদি কাম নকৰে তেনেহ’লে আপুনি প্ৰথম কি কৰে? বোধহয় আপুনি সঁজুলিটোক লাহেকৈ দুছাটমান মাৰে। ধৰক টিভিৰ ৰিম’ট কণ্ট্ৰলাৰটোৱে কাম কৰা নাই। ভালকৈ দুবাৰ মান থপৰিয়াই দি আপুনি নিশ্চয় চাই পাইছে। ম’বাইল ফোনটোৱে কাম কৰা

নাই। লুটিয়াই লৈ পাছফালে দুবাৰমান থপৰিয়াই দিয়ক। ডেস্কটপ কম্পিউটাৰৰ চিপিইউ বাকচটোত কেতিয়াও জোৰেৰে মৰি নোপোৱা আছে নে কোনোবা? এইটোক, মানে কিবা এটা সঁজুলিয়ে কাম নকৰিলে দুবাৰমান থপৰিয়াই বা মাৰি চোৱাটোক, ইংৰাজীত Percussive Maintenance বুলি কয়। ইয়াক Technical Tap বুলিও জনা যায়। এইটোৰ লগত এটা সূত্ৰ বা নীতি জড়িত আছে যিটোক কোৱা হয় Lane’s Principle. ইয়াৰ মতে এনেকুৱা কোনো সমস্যা নাই যিটোক যথাযথ বল প্ৰয়োগেৰে সমাধান কৰিব নোৱাৰি (There is no problem which cannot be solved by suitable application of blunt force.)।

গতিকে ইয়াৰ পিছত যদি আপোনাৰ ব্যৱহৃত কিবা সঁজুলিয়ে কাম নকৰে, প্ৰথমে মৰিয়াই চাওক, কাম কৰিবও পাৰে। (নিৰ্জীৱ, যান্ত্ৰিক সঁজুলিৰ ক্ষেত্ৰত হে প্ৰযোজ্য, জীৱ থকা বস্তুত প্ৰয়োগ কৰিলে ফলাফলৰ বাবে এই লেখক কোনোপধ্যেই দায়বদ্ধ নহ’ব)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!