জাপি (মণ্টু কুমাৰ ডেকা)

মাজনী অসমলৈ আহিছে৷ চুবুৰীয়া হলধৰৰ ছোৱালী৷ অহাৰ দিনা খনৰ পৰাই জাপি জাপি কৰি আছে৷ তাইক হেনো জাপি লাগে৷ বিহু নাচোতে মাকে পুৰস্কাৰ হিচাপে পোৱা জাপিটো দিল্লীলৈ লৈ গৈছিল৷ মাক দেউতাকে ভাবিছিল এদিন যেন ল’ৰা ছোৱালীহাল ডাঙৰ হ’লে কমচেকম সৰু সুৰা অসমীয়াৰ চিনাকি স্বৰূপ বস্তুবোৰৰ নাম যেন নজনাকৈ নাথাকে৷ সেই কাৰণে “মা দেতা” উচ্চাৰণ কৰিব পৰা হোৱাৰ পাছৰ পৰাই মাক নিৰলাই বেৰত আঁৰি থোৱা জাপিটোৰ ফালে আঙুলিয়াই ক’বলৈ শিকাইছিল “এইটো জাপি ..ডাঙৰ হ’লে বিহু নাচিব লাগিব, এইয়া চোৱা এনেকৈ নাচে৷ নিৰলাৰ নাচত মাজনীয়ে খুব আমেজ পায়৷ ৰঙচঙীয়া জাপিটোৰ ফালে কামুৰি টকা আঙুলিকেইটা টোৱাই দিয়া দিনটো সিহঁতৰ বাবে কিমান আনন্দৰ কথা আছিল! মাজনীক হলধৰৰ হাতত গটাই দি পাচলি কাটি কাটিয়েই কাণত মোবাইলটো লৈ নিৰলাই মাকক ক’বলৈ ধৰিলে, “মা আজি আমাৰ মাজনীয়ে জানে..কি কৈছে..?” “কি কৈছে? কি কৈছে, ক’কা আইতা কয় নে?” সিফালৰ পৰা মাকৰ নিৰন্তৰ প্ৰশ্ন৷ জানে “জাপি জাপি” বুলি কৈছে ..৷ কাইলে হেনো হলধৰে ক’কা আইতা ক’বলৈ শিকাব৷ আচ্ছা আপোনালোকৰ “কপ’ল ফ’টো” একপি হলধৰৰ মোবাইলত হোৱাছএপ কৰি দিবলৈ ভন্তিক ক’বচোন৷ সেইখন দেখুৱাই দেখুৱাই হেনো হ’লধৰে শিকাব ‘ এইটো মামা ক’কা, মামা আইতা..”৷

গাঁৱখনত টকৌ গছবোৰ নোহোৱাই হৈ পৰিছে৷ যোৱা বছৰ বাৰিষাত জাপি কেইটা বনাব ল’গা হোৱাত বিমলহতঁৰ গাঁৱৰ পৰাই টকৌ পাত আনিব লগীয়া হৈছিল৷ বাৰীত নতুনকৈ হোৱা গছজোপাত এটা জাপিৰ জোখৰ হে হ’ব৷ ইফালে মাজনী, তাই মোৰ লগতেই লাগি আছে৷ তাইক হেনো বৰষুণত লোৱা জপি লাগে৷ দিল্লীৰ দ্বৰকাৰ “সচদেৱা ইণ্টাৰনেশ্বনেল স্কুল”ত পঞ্চম শ্ৰেণীত পঢ়ে..৷ হিন্দী আৰু ইংৰাজীত সেই দিনা সিহঁতৰ স্কুলৰ লগৰীয়া চিমাৰ লগত মাকে কথা পতাই দিয়াটোও শুনিছো৷ মোৰ মৰম লাগে৷ কমচেকম জাপিটোক “হেণ্ডমেড ৱিলেজ কেপ” বুলি নকৈ কমচেকম জাপি বুলিবলৈ যে শিকিছে ..৷ বাহিৰৰ পৰিবেশৰ লগতেই নিজৰ শিপাডালকো যেন তাই বজাই ৰাখিব ..৷
“ককা সেইটো কিহৰ পাত?” গোহালি ঘৰৰ মজিয়াত পাৰি থোৱা ঢাৰিখনৰ পৰা উঠি মোৰ কান্ধত হাত থৈ মৰমৰে সুধিলে৷ “সেইটো টকৌৰ পাত মাজনী৷ সেইটোৰে জাপি সজাম৷” বাঁহৰ দৈ তুলি তুলি মই তাইক ক’লো৷ কালি মই তাইক দৈৰ বিষয়ে শিকাইছো৷ বেতৰ বিষয়েও কৈছো৷ তাই ৰাতিপুৱাৰ পৰা মোৰ ওচৰতে বহি জাপি সজোৱাৰ সকলোবোৰ কথা এফালৰ পৰা শিকি আছে৷ তাইৰ মনত কিমান যে প্ৰশ্ন৷ আমাৰ মাজত আজি কালি বহু কথা হয়৷ তাইৰ স্কুলৰ বন্ধু বান্ধৱীবোৰৰ কথা৷ শিক্ষক শিক্ষয়েত্ৰীৰ কথা৷ মই দিল্লী কাহানীও যোৱা নাই, দেখা নাই৷ কিন্তু তাইৰ পৰা মই বহু কথায়েই যেন শিকিছো৷ যেন তাইৰ লগত এফালৰ পৰা দিল্লীৰ গলিয়ে গলিয়ে ঘূৰি আছো৷ তাইৰ স্কুলৰ যেন প্ৰতিটো চুক মই দেখিছো৷ সিঁহতৰ স্কুলৰ চকীদাৰ ৰামলাল..৷ মাজনীয়ে হেনো ৰাখীবন্ধনৰ দিনাখন তেওঁক ৰাখী এডাল পিন্ধাই খুড়াক বনাই ল’ব আৰু দেউতাৰ পুৰণা জোতাৰ দুজোৰ মানো দিব৷
মাটিত সৰুকৈ গাত এটা খান্দি জাপিটোৰ দৈৰে সজোৱা ওপৰৰ খৰপটো সৰু গাতটোত বহাই লৈছো৷ তাৰ ওপৰত শুকান তিতা টকৌ পাতবোৰ দি জাপিৰ দৈৰে তৈয়াৰ কৰা তলৰ খৰপটোও ঢালি দিছো৷ আজি মাজনীয়ে দেউতাকৰ সৰু কেমেৰাটোও লৈ আনিছে৷ কিবা হেনো ভিডিঅ’ কৰিব৷ মোক হেনো লেপটপত দেখুৱাব৷ তাই মোৰ স্কুলীয়া দিনৰ কথাবোৰ শুনি খুব ভাল পায়৷ সৰু কালৰ মোৰ সেই জাপিটো..৷ ক’কাই সাজি দিয়া সেই জাপিটো লৈয়ে মই স্কুললৈ অহাযোৱা কৰিছিলোঁ৷ মই যিমান ওখ আছিলোঁ তাতকৈ বেছি আহল-বহল আছিল সেই জাপিটো৷ জাপিটোত সৰু পটাৰ ৰছী এডাল আছিল যিডালেৰে আজি কালিৰ হেলমেটৰ দৰে মুৰত পিন্ধি গলত মেৰিয়াই লৈছিলোঁ৷ সেইডালে জাপিটোক বতাহত উৰুৱাই নিয়াৰ পৰা ৰক্ষা কৰিছিল৷ মাজে-মাজে বতাহৰ জোৰত জাপিটো উৰি যোৱা যেন হোৱাত মই নিজে বাগৰি গৈছিলোঁ৷ ৰ’দ বৰষুণ নোহোৱাৰ দিনাখন জাপিটোত পিঠিতেই ওলোমাই ঘৰ পাইছিলোঁ৷ স্কুলত আৰু ঘৰত জাপিটো ৰখাৰ কাৰণে এক বিশেষ স্থান আছিল৷ এদিন আকৌ আমাৰ প্ৰধান শিক্ষক মহোদয়েও সৰুপানী চুবলৈ মোৰ সেই আহল বহল জাপিটোকেই লৈ গৈছিল৷ মোৰ যেন বুকু খন ফুলি গৈছিল৷
মাজনীক কথাবোৰ কৈ থাকোতেই জাপিটো তৈয়াৰ হৈ উঠিছিল৷ মাজনীয়ে এখন হাতেৰে কেমেৰাটো লৈ একান্তমনেৰে মোৰ কথাবোৰ শুনি গৈছিল৷ মাজ-মাজে তাইও প্ৰশ্ন কৰিবলৈও পাহৰিছিল৷ তাইয়ো যেন মোৰ লগতেই মোৰ শৈশৱতেই উতি- ভাহি ফুৰিছিল৷
গৰমৰ বন্ধ শেষ হৈ গ’ল৷ আজি ৰাতিপুৱাই মাজনী দিল্লীলৈ গুছি গ’ল৷ মোৰ ভৰি চুই আৰ্শীবাদ লোৱাৰ সময়ত মোৰ চকুলো চলচলীয়া হৈ গৈছিল৷ তাই বাইকৰ মাজত বহি গৈছিল৷ পিচফালে পটাৰ ৰছীৰে জাপিটো বান্ধি দিছিল৷ সিহঁত ক্ৰমান্বয়ে দুৰলৈ গুচি গৈছিল, মাজনীয়ে এখন হাতেৰে তেতিয়াও বাই বাই দি গৈছিল৷ পাছফালে পটাৰ ৰছীৰে বান্ধি থোৱা জাপিটো বতাহত জোৰকৈ ল’ৰিছিল ..৷ ময়ো যেন বতাহতে বাগৰি পৰিছিলোঁ৷ শৈশৱৰ সেই বিশেষ জাপিটোৰ সেই পটাৰ ৰছীডালে তেতিয়াও যেন মোক বাৰে বাৰে বতাহত উৰুৱাই নিছিল..৷
ঘৰলৈ আহি জাপি সজোৱাৰ সকলো সঁজুলি এফালে বান্ধি থৈ জাপি সজোৱাৰ কাম সিমানতে সামৰিলোঁ৷ আগন্তুক গৰমৰ বন্ধত মাজনী আহিলে তাইৰ স’তে আকৌ জাপি সজাম৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!