জাৰৰ দিন আৰু বাঢ়ি অহা বিষ (নীত কাশ্যপ)

জাৰৰ দিন সঁচাকৈয়ে মধুৰ । জাৰৰ দিনৰ জুইকুৰা , পুৱাৰ মিঠা মিঠা ৰ’দকন , গা ধোঁওতে পানীৰ প্ৰথম স্পৰ্শত জিকাৰ খাই উঠা , এই আটাইবোৰেই মধুৰ । কিন্তু সকলোৰে কাৰণে যেন মধুৰ নহয় এই জাৰৰ দিনবোৰ ! শুকান হৈ পৰা ছাল , ফটা ওঁঠ , গোৰোহা আৰু বাঢ়ি অহা বিষ ইত্যাদি সমস্যাই জুৰুলা কৰে বহুতকে । প্ৰায়ে আমি দেখোঁ শীতৰ এই দিনবোৰত আমাৰ শৰীৰক অতদিনে জুৰুলা কৰি থকা বিষ সমূহ বাঢ়ি যায় । সাধাৰণতে বয়স্ক লোক আৰু বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যা বেছি গুৰুতৰ হোৱা দেখা যায় । শীতৰ লগতে বাঢ়ি অহা বিষে প্ৰায়ে জাৰৰ এইদিনকেইটা অসহ্যকৰ কৰি তোলে । কিন্তু আমি অলপ সাৱধানতা অৱলম্বন কৰি জাৰৰ দিনৰ এই সমস্যাৰ পৰা কিছু সকাহ পাব পাৰোঁ । তাৰেই কিছু কথা তলত থুলমুলকৈ দাঙি ধৰিবলৈ প্ৰয়াস কৰিলোঁ…
ঠাণ্ডাৰ দিনত আমাৰ বিষসমূহ বাঢ়ি অহাৰ মূল কাৰণ হৈছে জাৰৰ দিনকেইটাত আমাৰ শৰীৰৰ চলন ( movement) ৰ পৰিমাণ কমি অহা । চলাচল আৰু কাম কমি অহাৰ লগে লগে আমাৰ মাংসপেশী সমূহ তুলনামূলক ভাৱে দূৰ্বল , টান আৰু জঠৰ হৈ পৰে ইয়ে বিষ বৃদ্ধি কৰে ।
আন এটা মুখ্য কাৰণ হৈছে জাৰৰ দিনত আমাৰ শৰীৰৰ ভংগীমা ( Posture) । ঠাণ্ডাৰ দিনত আমি সাধাৰনতে শৰীৰটো সংকুচিত কৰি ৰাখোঁ (sedentary poature )। ই আমাৰ দেহৰ উত্তাপ বজাই ৰখাত সহায় কৰে ঠিকেই কিন্তু দীঘলীয়া সময়ৰ কাৰনে বৰ্তি থকা মাংসপেশী আৰু গাঁঠিৰ এনে সংকোচনে বিষ বৃদ্ধি কৰে ।
জাৰৰ দিনত আমি পানী কমকৈ খাওঁ যাৰ ফলত আমাৰ শৰীৰত ডি- হাইড্ৰেচন ( Dehydration ) হ’ব পাৰে । আৰু ই আমাৰ শৰীৰৰ আৱৰ্জনা সমূহ বৰ্জন কৰাত বাধা দিয়াৰ লগতে আমাৰ শৰীৰটোও জঠৰ কৰি তোলে ।
বাঢ়ি অহা বিষৰ কাৰণৰ বিষয়ে আমি থুলমুলকৈ জানিলোঁ । গতিকে কিছু সাৱধানতা অৱলম্বন কৰি আমি বহু পৰিমানে এই বিষৰ পৰা সকাহ পাব পাৰোঁ । তেনে কেইটামান সাৱধানতা হ’ল —
১) গৰম কাপোৰেৰে নিজকে ভালকৈ আৱৰি ৰাখক । যিমানেই আপুনি ঠাণ্ডাৰ পৰা বাচি থাকিব সিমানেই আপোনাৰ চলাচল ( movement )বাঢ়িব আৰু ইয়ে আপোনাৰ দেহত ৰক্ত সঞ্চালন নিয়মীয়া কৰি ৰাখিব। দেহত তেজৰ সঞ্চালনে বিষ নিৰাময়ত সহায় কৰে ।
২) পৰ্যাপ্ত পৰিমানে পানী খাওক । ই আপোনাক ডি-হাইড্ৰেচনৰ পৰা সকাহ দিব । লগতে বিষৰ কাৰক শৰীৰৰ আৱৰ্জনা সমূহ দেহৰ পৰা বাহিৰ হোৱাত সহায় কৰিব।
৩) নিয়মীয়াকৈ ব্যায়াম কৰক । যদি ঠাণ্ডাৰ কাৰণে ব্যায়াম কৰাত অসুবিধা হয় তেনেহ’লে দিনটোৰ যিটো সময়ত উষ্ণতা অলপ বেছি থাকে সেই সময়ত আপুনি ব্যায়াম কৰিব পাৰে ।
৪) ভৰিত মোজা , ডিঙি আৰু হাত ভালদৰে আৱৰি ৰাখিব , ই আপোনাৰ দেহৰ উত্তাপ বাহিৰ হোৱাৰ পৰা ৰক্ষা কৰিব ।
৫) গৰম পানীৰ বেগ ( Hot Water Bag ) ঠাণ্ডাৰ দিনত হোৱা বিষৰ কাৰনে বহু উপযোগী । কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত গৰম পানীৰ বেগে ছালখন ৰুক্ষ কৰি তোলা দেখা যায় । তেনে লোকে বেগৰ সলনি টাৱেল এখন সহ্য কৰিব পৰা গৰম পানীত তিয়াই ভালকৈ চেপি লৈ গৰম পানীৰ বেগৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে ।
৬) সদায় যিমান পাৰে শৰীৰতো পোন কৰি ৰাখিবলৈ ( good posture )চেষ্টা কৰিব । ই আপোনাৰ মাংসপেশী সমূহ সংকুচিত হোৱাত বাধা দিব । সংকুচিত মাংসপেশী বিষৰ অন্যতম কাৰণ ।
এই সাধাৰণ আৰু অতি সহজ কামখিনি কৰি বিষৰ পৰা সকাহ পোৱাৰ লগতে যাতে জাৰৰ দিনকেইটা সুন্দৰকৈ উপভোগ কৰিব পাৰে তাৰেই কামনা কৰিলোঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!