জিলিকাব লুইতৰে পাৰ – দেৱেশ্বৰ কাকতি

কোনেনো জিলিকাব লইুতৰ পাৰ! অসমীয়া মানুহে৷ অসমীয়াৰ আকৌ বোলে সংজ্ঞাই নাই৷ খা বাপেকে৷ তেনেহ’লে কি? খিলঞ্জীয়া? এইটোৰ সংজ্ঞা এটা বৰ্ত্তমান থাওকতে পোৱা নাযায় যদিও নিৰ্ণয় কৰা বৰ কঠিন নহ’ব৷ কঠিন হ’ব নানান বিতৰ্কৰ বাবেহে৷ নানাজনৰ নিজৰ নিজৰ ব্যক্তিগত বা দলীয় বাসনা পূৰণ কৰাৰ স্বাৰ্থত বিচিত্ৰ কথা ওলাবই৷

অসমীয়া আৰু খিলঞ্জীয়া একে নহয়৷ অৰ্থাৎ সকলো খিলঞ্জীয়া অসমীয়া কিন্তু সকলো অসমীয়া খিলঞ্জীয়া নহয়৷ এতিয়া জিলিকাম লুইতৰে পাৰ বোলোঁতে অসমীয়াৰ সৰ্বাঙ্গীন উন্নতিৰ কথাকে আহে৷ বিশেষকৈ শিক্ষা দীক্ষা, অৰ্থিক-সামাজিক, ভাষা-সংস্কৃতি আৰু সবাতকৈ ডাঙৰ কথা অসমীয়াৰ কিছুমান বেয়া স্বভাৱ ত্যাগ৷ যেনে এলাহ, নিজৰ মাজত খোৱা-কামোৰা, উজনি-নামনি, নিজক সকলো কামৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ নকৰা ইত্যাদি৷

কিছু দিনৰ পৰা চকুত পৰা গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসমীয়া মানুহৰ কৰ্মবিমুখতা গঢ় লোৱা আৰু আঁঠুৰ মূৰত সোণ বিচৰা স্বভাৱ৷ সাফল্যৰ বাবে জানো চমু পথ থাকে? কিন্তুু চমু আৰু বক্ৰ পথেৰে সাফল্য অৰ্জনৰ বাবে বাটবুলা স্বভাৱ এটা গঢ় লৈ উঠিছে৷ আনহে নালাগে সাধাৰণ মানুহৰ মনত এনে এটা ধাৰণা হৈছেগৈ যে বক্ৰ পথেৰেহে কেৱল সকলো সম্ভৱ৷ তাৰ বাবে ৰাজনৈতিক আৰু আমোলা পৰ্য্যায়ৰ নৈতিকতাহীন কৰ্মকাণ্ডকেই জগৰীয়া কৰিব পৰা যায়৷

কৃষি কৰ্মৰে দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ লগতে নিজক স্বাৱলম্বী কৰাৰ দৰে পৰিকল্পনা শিক্ষিত সকলৰ মাজত নাই বুলিবই পাৰি৷ বৈজ্ঞানিক আৰু যান্ত্ৰিক পদ্ধতিৰে কৃষিক পেচা হিচাবে আঁকোৱালি ল’ব পাৰিলে অসমীয়াৰ উন্নতি হ’বই৷ বছৰত একাধিক কৃষি কৰ্মৰ বাবে চৰকাৰৰ কিছুমান বিভাগৰ সমন্বয় অৱশ্যসম্ভাৱী৷ যিটো এতিয়াও দূৰ্ভাগ্যজনকভাৱে অনুপস্থিত৷

উজনি অসমত ক্ষুদ্ৰ চাহখেতি কৰি বহুতো নিবনুৱাই জীৱিকা উলিয়াইছে যদিও বিভিন্ন কাৰণত পৰমুখাপেক্ষী হৈ থকা আৰু অনিয়ন্ত্ৰিত আৰু অবৈজ্ঞানিক ধৰণে কীটনাশক দৰৱ ব্যৱহাৰে বিদেশৰ বজাৰত অসমৰ চাহৰ চাহিদা নিঃশেষ কৰাৰ আশঙ্কা দৃঢ় কৰিব৷ শিক্ষিত অৰ্ধশিক্ষিত ক্ষুদ্ৰ চাহখেতিয়কসকলক এই ভয়াবহতাৰ বিষয়ে সময় থাকোতেই জ্ঞান দিবলৈ চৰকাৰী উদ্যোগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ লগতে চৰকাৰে তেওঁলোকৰ ভূমি সম্পৰ্কীয় সমস্যা অতিশীঘ্ৰে সামাধান কৰিব লাগে৷
এই বিলাকো “জিলিকাম লুইতৰে পাৰ“ৰ অংশ বিশেষ৷

ডেকাচামৰ মাজত অত্যধিক অপ্ৰয়োজনীয় প্ৰত্যক্ষ ৰাজনীতি বিস্তাৰে তেওঁলোকক কৰ্মবিমুখ কৰিছেনেকি, এইটোও এটা চিন্তাৰ কাৰণ৷ বহু ক্ষেত্ৰত এনে বিস্তাৰে সমাজত বিভেদ বা ঘৃণাৰ সৃষ্টি কৰিছে নেকি তাকো বিচাৰ কৰিব লাগিব৷
লুইতৰ পাৰ জিলিকাবলৈ এই বিলাকো প্ৰাসঙ্গিক বিবেচনাৰ বিষয়৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!