জীৱনৰ নাটঘৰত অসমীয়াৰ সুৰাপান- এক পৰিসাংখ্যিক বিশ্লেষণ: অজয় লাল দত্ত

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

জীৱনৰ নাটঘৰত অসমীয়াৰ সুৰাপান-

এক পৰিসাংখ্যিক বিশ্লেষণ

অজয় লাল দত্ত

“অসমত ঘটি থকা বেছি দাম্পত্য কলহৰ মূলতে সুৰাপান”-হোমেন বৰগোহাঞি ৷ তেখেতৰ এই কথাষাৰক নুই কৰিব পৰা পাঠক, সমাজবিদ, ৰাজনীতিবিদ চাগৈ নাই৷ সুৰাপায়ীসকলে সুবিধা অনুসৰি ঘৰুৱা, দেশীয়, ভাৰতত বনোৱা বিদেশী মদ আৰু আমদানিকৃত বিদেশী সুৰা সেৱন কৰি জীৱনৰ নাটঘৰত ৰঙীন সময় উদযাপন কৰি আছে৷ কাৰোবাৰ ঘৰত এই লৈ কাজিয়া, কাৰোবাৰ ঘৰত পৰিয়ালৰ সহিত উদযাপনৰ দিহা আদিৰে এই সকলে নিজৰ নিজৰ চেটিংত সময়বোৰ উপভোগ কৰিছে বুলিয়েই কব পাৰি!

ৰাষ্ট্ৰীয় মেডিয়াত প্ৰকাশ পোৱা নেচনেল পৰিসাংখ্যিক তথ্যৰ ভিত্তিত অসমৰ প্ৰায় ১৮% লোক সুৰাপায়ী৷ তাৰ্ আঁত ধৰি “অসমীয়াৰ সুখ-দুখ” নামৰ সামাজিক যোগসূত্ৰৰ মঞ্চত বাতৰি পৰিৱেশন কৰোতে সদাশয় পাঠক এগৰাকীয়ে প্ৰকৃততে ১৮%ই চাগৈ নাখায়, ৮২% অসমীয়াই সুৰাপায়ী বুলি মন্তব্য কৰাৰ পাছত কথাটো পুনৰ চিন্তা কৰি চাবলগীয়া হ’ল৷

বিশ্লেষাত্মক দৃষ্টিৰে চাবলৈ গ’লে জন-গাঁথনিক আঁহ ফালি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰে৷ অসমৰ ১০০% মানুহৰ ভিতৰত চাগৈ ১৮বছৰৰ তলৰ আৰু ৬০বছৰৰ ওপৰৰ মানুহ ৪০ শতাংশ হব, যি সুৰাপানত ব্ৰতী নহয় বুলি “ধৰি” লৈছো৷ বাকী থাকিল ৬০%৷ অসমৰ জনসংখ্যাৰ প্ৰায় ৫০% বা তাৰ আশে পাশে ইছলাম-ধৰ্মীয় লোক৷ যাৰ ভিতৰত লুকাই-চুৰকৈ পানী খোৱা লোকৰ সংখ্যা পুতৌলগাই৷ লিংগ ভিত্তিক পৰ্যবেক্ষণ কৰিলে ৪৮%মান মহিলাও নাই জানো!

সকলো কথাক পৰিষ্কাৰ ৰূপত চাবলৈ গ’লে প্ৰাপ্তবয়স্ক “অসমীয়া” ৮২% শতাংশই সুৰাপায়ী হোৱাৰ কথাটো জল-জল পটকৈ ওলায় পৰে৷ সেই পৰিসংখ্যাত এদিন টেষ্ট কৰা, পাৰ্টীত খোৱা, সকামত খোৱা, সপ্তাহান্তত খোৱা, প্ৰতি সন্ধিয়া খোৱা সকলোকে ধৰা হৈছে৷ একেবাৰে মুখত নিদিয়া প্ৰকৃত আমি বুজা খিলঞ্জীয়া শব্দই চুই যোৱা ধৰণৰ অসমীয়া শতকৰা ১৮%তকৈ যে কম হ’ব সেয়া নিশ্চিতই!

একেদৰে মহিলাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সুৰাপানত ১০%ৰে প্ৰথম স্থান লাভ কৰিছে অসমৰ নাৰী সমাজে৷ জনজাতীয় নৃগোষ্ঠীয় নীতি-নিয়মৰ কথা বাদ-দিও আজিৰ তাৰিখত নতুন-ধনীক শ্ৰেণীৰ পৰিয়ালত সুৰাপানক লুকাই খোৱাৰ পৰম্পৰাটো জলাঞ্জলি দিয়াৰ লগতে পাৰিলে শ্ৰীমতীটো এঢ়োক দি ঘৰতে শান্তিৰে পাৰ্টি কৰাৰ সু-প্ৰৱণতা এটা গঢ় লৈ উঠিছে৷ নিউক্লীয়াৰ পৰিয়ালত শ্ৰীমতীক মেনেজ কৰিলেই সকলো অল-ক্লীয়াৰ হোৱা কথাটোৱে ইয়াত প্ৰভূত অৰিহণা যোগাইছে৷ লগতে সামাজিক অনুষ্ঠানত “পাৰ্টি” শব্দৰ লগত হাত ধৰি “ৰঙীন পানীয়” থিয় দি থকাৰ যি “সন্মানজনক” পৰম্পৰাৰ সৃষ্টি হৈছে, সিও লোকলজ্জ্বাৰ পৰা শ্ৰীমতীক বেকৱাৰ্ড টেগটো অঁতৰাবৰ বাবেই “অন্ততঃ ব্ৰীজাৰ জাতীয়” চৰৱতীয় সুৰাৰ অভ্যাস একোটাৰ বাবে পতিদেৱ অনুৰোধ কৰাটো সুলভ হৈ পৰিছে৷ (***ঘৰত শান্তিৰে খোৱাক সু-প্ৰৱণতা বুলি লিখাৰ এটা কাৰণ আছে-ই বাহিৰত কৰা সুৰাপান, মানে বাৰৰ অত্যাধিক খৰচ, গাড়ী ড্ৰাইভ কৰা বা যাত্ৰা পথৰ দুৰ্ঘটনা, বন্ধুৰ উৎসাহতে সীমাহীন সুৰাপানক কৰা আদি আনুসংগিক পৰি-ঘটনাৰ পৰা বাচি থকাৰ ক্ষেত্ৰত ই সহায় কৰে বাবে, সু-প্ৰৱণতা বোলা হৈছে!)মহিলাৰ ক্ষেত্ৰতো জন-গাঁথনিগত এক বিশ্লেষণ কৰিলে, ধৰ্মীয় কাৰণ, বয়স, জইণ্ট ফেমিলী আদিৰ কথা বিবেচনা কৰিলে নিউক্লীয়াৰ ফেমিলি কৰি থকা বা ভাড়াঘৰ, হোষ্টেলত থকা নতুন চাম প্ৰাপ্তবয়স্ক অসমীয়া নাৰীৰ প্ৰায় সত্তৰ শতাংশই সুৰাপানৰ জুতি লোৱাটো এক সঁচা কথা!যদিও বিশ্লেষণৰ তথ্য আৰু অফিচিয়েল তথ্যৰ মাজত বৃহৎ পাৰ্থক্য থকা যেন লাগিব, তথাপি সাতে-সোতৰই মিলি, পৰিসংখ্যাই তুলি ধৰা প্ৰকৃত ছবিখন আচলতে এই বিশ্লেষণত পোৱা অতীৱ ৰঙীন খনহে!

অথচ আহি থকা সময়ৰ বাবে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ প্ৰতিচ্ছবি ৰঙীন নহয়, ক’লা-বগাহে৷ লুকাই কম বয়সতে বিয়েৰ তথা ড্ৰেনডাইটেৰে নিচাৰ প্ৰেকটিচ কৰা নতুন প্ৰজন্মক বাদ দি এই বিশ্লেষণ কৰা হৈছে, সেই সকলক ধৰিলে ছবি আৰু ভয়ঙ্কৰহে! সেই কথা অনুধাৱনৰ সময় আহিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!