জীৱনৰ বাটত পোৱা কিছু অভিজ্ঞতা: কিছু তিতা কিছু মিঠা -(ভাবিতা দাস)

জীৱনৰ বাটত পোৱা কিছু অভিজ্ঞতা(কিছু তিতা কিছু মিঠা)

-ভাবিতা দাস

দৃশ্যপট (১)

অফিচলৈ আহোতে মই প্ৰায়েই দুজন অন্ধ যুৱকক লগ পাওঁ ৷ দুয়োজনেই কেতিয়াবা গণেশগুৰিত নামে নহ’লে শিলপুখুৰীত নামে ৷ তেওঁলোকৰ উদ্দেশ্য গান গাই দুই পইছা অৰ্জন কৰা ৷ যি কি নহওক তেওঁলোক যেতিয়া বাছখনত উঠে শাৰীৰিকভাবে অক্ষম লোকৰ বাবে সংৰক্ষিত আসনত বহি থকা লোকসকলে তেওঁলোকক আসনখন কেতিয়াও এৰি নিদিয়ে৷ ইয়াৰ বাবে বহুতদিন মই কাজিয়াও কৰিছো কিন্তু বাছখনত থকা বাকী লোকসকলে মুখেৰে টু শব্দ এটা নামাতে। আনকি কেতিয়াবা কিছুমান বাছৰ কণ্ডাক্টৰ হেণ্ডিমেনেও তেওঁলোকক নিব নিবিছাৰে ৷ তেওঁলোকে চকুৰেহে নেদেখে ৷ কিন্তু তেওঁলোক বিচাৰ বিবেকহীন নহয় ৷ ভাড়াও দিয়ে তেওঁলোকে কিন্তু কিয় নিব নিবিছাৰে তেওঁলোকক ৷ এওঁলোকে চকুৰে নেদেখে বাবে সমাজৰ অস্পৃশ্য নেকি ? তেওঁলোকে আন ব্যক্তিৰ লগত যান বাহনত ভ্ৰমণ কৰিব নোৱাৰে নেকি ? এই প্ৰশ্নবোৰে উত্তৰ বিছাৰি বিছাৰি কেতিয়াবা মনটোৱে হাহাকাৰ কৰি উঠে ৷ ভগৱানক কেতিয়াবা চিঞৰি চিঞৰি সুধিবৰ মন যায় ভগৱান তুমি কিয় সকলোকে সমান চকুৰে নোচোৱা………..?? কিন্তু আজি হঠাৎ দেখা পালো বাছখনৰ কণ্ডাক্টৰজনে অন্ধ যুৱকহালক বাছত নিজে হাতত ধৰি উঠাই দি তেওঁলোকৰ বাবে সংৰক্ষিত আসনত বহি থকা লোক দুজনক উঠিবলৈ  দি তেওঁলোকক বহিবলৈ দি (আনকি আজি ভাৰাও নল’লে তেওঁলোকৰ) দেখুৱাই দিলে মানবতাৰ অন্য এক নিদৰ্শন৷ এনেদৰেই জীৱনৰ বাটত অলিয়ে গলিয়ে আমি বিভিন্ন লোক লগ পাওঁ৷ যিসকল লোকক আমি সৰু বুলি ভাবো তেনেবোৰ লোকেই দি যায় কেতিয়াবা বৃহৎ জ্ঞান ৷

 

দৃশ্যপট (২)

কাছাৰীত অৱস্থিত ডি চি অফিছৰ সন্মুখত সদায়েই দেখো এজনী ১৮-১৯ বছৰীয়া যুৱতী ৷ কোলাত কণমানি কেচুৱা এটা ৷ ৰ’দ বৰষুণকো আওকান কৰি কোলাত কণমানি কেচুৱাটো লৈ তাই  তাতেই বহি থাকে ৷ বেচেৰীৰ এটাই আশা হয়তো কোলাত থকা সন্তানটিৰ কথা ভাবিয়েই স্বামীয়ে তাইক পুনৰ ঘৰলৈ উভতাই নিব৷ সঁচাকৈয়ে জানো উভতি আহিব তাইৰ স্বামী অৰ্থ্যাৎ সন্তানটোৰ পিতৃ ৷ বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দি যিজন মানুহে নিজৰ অসৎ কামনা পুৰণ কৰি তাইক ঘৰলৈ নিবলৈ গাড়ী এখন ভাড়া কৰি আনিম বুলি যি গ’লেই ৷ কেতিয়াও যে আৰু উভতি নাহিল ৷ অজলা অবলা ডালীমিৰ দেহত সেইজন প্ৰেমিকৰূপী দানৱে দি থৈ গ’ল এটি কন্যা সন্তান৷ যাৰ বাবে এতিয়া মাথো ফুটপাথেই আশ্ৰয়স্থল৷ এনেদৰেই বা আমাৰ সমাজত আৰু কিমানজনী ডালীমি আছে কোনোবাই জানো ৰাখিছে তাৰ খৱৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!