জীৱনৰ ভগ্নাংশ-২ (মৃণালজ্যোতি গোস্বামী)

জীৱনৰ ভগ্নাংশ
 

দৌৰি দৌৰি ভাগৰত হালি পৰিব ধৰিছিলোঁ৷ হঠাৎ গম পালোঁ মই ফুটপাথত নাই৷ ফুটপাথৰ তলত থকা মেনহলটোৰ ভিতৰতহে৷ ইয়াতো দৌৰাদৌৰিপলিথিনৰ টোপোলা… …নিৰোধ… …গেলা কণি… …নেপকিন… …বিস্তা… …কিলবিলাই থকা সৰু সৰু কীট… …কিবা এটা উৎকট গোন্ধ… …ব্যস্ত সময় নাই কৰোঁ… …এটাক পিছ পেলাই আগবাঢ়াৰ দৌৰত সকলো ব্যস্ত৷ মই সন্ধান কৰিবলৈ ধৰিলোঁ গোন্ধৰ উৎস৷ সেই একেই গোন্ধ… …পাইছিলোঁ তাহানিতে৷ আইলৈ মনত পৰিল … …ফটা নিহালিখনৰ মাজেদি তৰা গণা আইৰ মুখখনৰ প্ৰকৃত ছবিখন ভাঁহি নুঠিল৷… …এটা চিৎকাৰ… …জুই… …কুকুহা হৈ উৰিছিল… …ঘানিৰ মহটোৰ দৰে বাগৰি পৰিছিল৷ বতাহত নাচিছিল ধনগুলৈয়ে৷… …১৯৮৩… …ফিচকাৰি নেকি মই সুধিছিলোঁ হবলা!মুখত আছিল এটা শেলুক… …গুমগুমনি উঠিছে… …এসোঁতা কেঁচা পখৰা তেজ৷ মোৰ কলিজাতো সঠিক স্থানত আছেনে বাৰু!
কাষলৈ চাওঁতে দেখো জালুকবাৰী আউটপষ্টৰ পুলিচকেইটা৷ ৰাতি হলে হাতত এডাল লাঠি, আগটো ফলা৷ গাড়ীবোৰৰ খিৰিকিৰে সোমাই যায় আৰু ওলাই আহে, ফাকত লাগি আহে আৰ. বি. আই.ৰ এখন প্ৰমাণপত্ৰ৷ ঢল নামিছেকিহৰ ঢল!… …ধেমাজিত গছত আশ্ৰয়লৈ থকা কেইবাজনো লোকক বানে উটুৱাই নিলে… …বান আক্ৰন্তৰ হাহাকাৰ… …ৰামলীলা ময়দানত আন্নাৰ আন্দোলন… …জনলোকপাল বিল… …তিহাৰ জেল… …‘বিপদ কালত বুদ্ধি ভ্ৰষ্টনেকি চৰকাৰৰ… …অখিলে অসমৰ সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিছে… …কি বা হয়!কালি উৎপল দাৰ কাৰ্টুনএটা দেখিলোঁ,— ভৰতৰ প্ৰধানমন্ত্ৰী হেনো আন্না, অসমৰ মুখ্যমন্ত্ৰী অখিল, কোনোবা এজনে সপোনত দেখিছে… …আহিবনে বাৰু এনে দিন!লাখ লাখ জনতা ওলাই আহিছে এই সংগ্ৰামলৈআনফালে এজনে লিখিছেপথাৰত কঠিয়া নাই, তাতে অখিল ব্যস্ত ৰাজধানীত… …উফঃ ভাগৰ লাগিছে মোৰ… …হঠাৎ এটা চিৎকাৰঢল নামিছে দৌৰ
চকুৰ পচাৰতে উটি গৈছে গৰু, , ছাগলি, ভেৰা… …মানুহমই ৰৈ যাব ধৰিছিলোঁ৷ মোৰেই সহোদৰস্বৰূপ একান্ত লগৰীয়া ছাঁটোক চাওঁতে দিখিলোঁএবাৰ ইফালে, এবাৰ সিফালে সিও ঢপলিয়াইছে৷ জীৱনৰ গতিত স্থবিৰতাৰ স্থান নাই, গতিৰ বিনে গতি নাই… …মই মিচিকিয়াই নিজেই নজনাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁনতুন উদ্যমেৰে৷ মনৰ পৰা হেৰাই গল হৰিধন, বকুলি, বাখৰ, হৰি, ৰাজ, পাৰ্থ দা, অপু দা… …কেৱল দৌৰিছোঁ… …পিঠিৰ ঘাঁটুকুৰাও দৌৰিছে… …ক্ৰমাৎ বাঢ়িছে… …চক্ৰবৃদ্ধি সুতত

জীৱনৰ ভগ্নাংশ

দৌৰৰ দৌৰ বাৰু কিমান!কেতিয়বা ভাবি ভাবি ভাগৰি পৰোঁ৷ ভাগৰি পৰোঁ দৌৰিও… …জাপ মাৰি উঠিলোঁ চিটিবাচ এখনত৷ কলৈ যাওঁ বাৰু… …মনৰ ভিতৰত আগাদেৱা কৰিলেহি বহুতো ছবি৷ বেজবৰুাৱাই হাঁহিৰ থুনপাক মেলি বহি ললেহি মোৰ কাষৰ চিটটোত… …উৎপল দাৰ (Utpal Talukdar) কাৰ্টুন এখনৰ খেও ধৰিয়েই আৰম্ভ কৰিলেকি হে ডেকা, আন্না নে অন্ন?… শৰ্মিলাক দেখা নাই… ২০০২ চনৰ পৰা… কোনো গুৰুত্ব নাই… …৩০৯ ধাৰা… … সেনাবাহিনীৰ বিশেষ আধিকাৰ আইন… …আনাৰ্য মূলৰ বাবে ইমান আবহেলা… …হব পাৰে যুগে যুগে দেখো তেনেই…দেখা নাই কেনেদৰে মানুহে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে৷… …পংকজে (Pankaj Barah) ঠিকেই লিখিছে ‘‘বানপানী যত বছেৰেকীয়া ঘটনা, তাত দুৰ্য্যোগ ব্যৱস্থাপনাৰ কোনো উপযুক্ত ব্যৱস্থা নাই কিয় ? … … বন্যাৰ্তক এসাঁজ ভাত বা এটুপি পানী বা জলাবলৈ অকনমান কেৰাচিন দিয়াৰ কথা চিন্তা কৰিব নোৱাৰে কিয়? বিদেশ ভ্ৰমণ কৰি থকা নেতা সকলে বিদেশৰ উন্নত দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা সমূহ পৰিদৰ্শন নকৰে কিয়?কুকুৰ মেকুৰীৰ দৰে বানপানীত উটি যায় আমাৰ মানুহ ! হায় আমাৰ প্ৰশাসন, হায় আমাৰ ৰজাঘৰীয়া সকল

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!