জীৱন আৰু সংগ্রাম (ড° বুলজিৎ বুঢ়াগোহাঁই)

জীৱন আৰু সংগ্রাম” হ’ল ড° পুষ্প গগৈৰ জীৱন বিভিন্ন দিশ আলোকপাত কৰি লিখা এখন অভিনন্দন গ্রন্থ । গ্রন্থখনৰ সম্পাদনা সমিতিত সম্পাদক হ’ল উমেশ চেতিয়া , বগেন গগৈ আৰু তিলেন গগৈ ; সদস্য হ’ল দেৱানন্দ কুম্বাং , য়েছেং গগৈ , ইখাম গগৈ আৰু দীপালী গগৈ। ‘আগকথা’ত এনেদৰে লিখিছে “বহুজনে হয়তো ভাৱিব পাৰে ড° পুষ্প গগৈৰ দৰে অসমৰ একেবাৰে পিছপৰা অৱহেলিত ঠাই এসময়ৰ কলীয়া পানী বা আজিও অসমৰ বানপানীৰ ভঁৰাল ধেমাজিৰ নিচিনা এখন ঠাইৰ এজন কোনো বঁটা বাহন নোপোৱা কোনো বিশেষ ডাঙৰ অনুষ্ঠানৰ চৰকাৰী বা বেচৰকাৰী দায়িত্ব নোপোৱা কোনো ক্ষেত্রত অসমত ডাঙৰ সাহিত্যিক শিল্পীৰ দৰে খ্যাতি নথকা প্রচাৰ নোপোৱা এজন ব্যক্তিৰ অভিনন্দন গ্রন্থ প্রকাশৰ কি প্রয়োজন থাকিব পাৰে। …..নিজৰ নিজৰ জগতত একো একো চহৰ নগৰত কোনো কোনো ব্যক্তিক একোখন সমাজ একোখন স্থানৰ একোখন সমাজে গুণ গৰিমা গাই তেওঁৰ গুৰুত্ব সমাজৰ মাজত প্রচাৰ কৰিব পাৰে, কিন্তু তেনে বুলিয়েই ধেমাজি ,উত্তৰ লখিমপুৰ, বিহপুৰীয়া, বিশ্বনাথ চাৰিআলি, নাজিৰা, চৰাইদেও,ৰঙিয়া, ধূপধৰাৰ দৰে ঠাইৰ ব্যক্তিয়েও যদি তেনে স্থানতে থাকি সমাজৰ বিভিন্ন দিশত বিভিন্ন বৰঙণি যোগাইছে, তেনেহ’লে তেওঁলোক খ্যাতিমান বা বঁটা পোৱাৰ সৌভাগ্যৰ অধিকাৰী নহবও পাৰে তেনে ব্যক্তিকো সমাজত মূল্যায়ন কৰিবলৈ জীৱিত কালতে সকলোৱে গুৰুত্ব নিদিলেও সৰু নগৰ চহৰ গ্রামাঞ্চলৰ হিতাকাংশী দুই একে হ’লেও গুৰুত্ব আৰোপ কৰি ব্যক্তি একোজনৰ জীৱনত কি আছে তাক চালি জাৰি চোৱা দৰকাৰ আৰু আমি ভাবো সমাজখনৰ উত্তৰণৰ বাবেইও এক গুৰুত্বপূৰ্ণ কাম।……. ° পুষ্প গগৈ খ্যাত হওঁক নহওঁক আমি জনাত তেখেত সাহিত্যৰ নাটক, উপন্যাস, কবিতা, কলা সমালোচনা ,ভাস্কৰ্য স্থাপত্যৰ পৰ্যালোচনা, শিল্পকলাৰ জনপ্রিয়তা আৰু সজাগতা,বিজ্ঞান ৰচনা, গল্প, নানা দিশৰ প্রন্ধাৱলী আদি লিখাৰ লগতে তাই ভাষা সংস্কৃতিৰ গৱেষণামূলক লিখনিৰ উপৰিও নাট পৰিচালনা, নাট অভিনয়,গীত ৰচনা আৰু গীত গোৱা,ফিল্ম স্ক্রিপ্ট লিখা, ফিল্ম পৰিচালনা দিশত নমা, ফিল্ম সমালোচনা, চিত্র অঁকা, সাহিত্য সংস্কৃতিৰ বিভিন্ন ক্ষেত্রত সংগঠন কৰা, ৰাজনীতিতো নামি চোৱা, কৃষি কৰ্ম, ব্যৱসায়, শিক্ষকতা কৰা আদি দিশত নিজক জড়িত হৈ আহিছে। … ড° পুষ্প গগৈৰ অভিনন্দন গ্রন্থখনিত কেৱল গগৈৰ জীৱন আলোকিত হোৱা নাই, তেওঁৰ সহপাঠী বন্ধুবান্ধৱীসকলৰো জীৱনৰ বহু কথা তথা ধেমাজি কলা সাহিত্যৰ বুৰঞ্জী, অসমত তাই ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ বুৰঞ্জী তথা অসমৰ আধুনিক শিল্পকলাৰ ইতিহাসৰো এখিলা পাত উন্মোচিত হৈছে। লগতে থাইলেণ্ড,চীন আদিৰো বহু কথা উন্মোচিত হৈছে।”

গ্রন্থখনত থকা লেখাবোৰ হ’ল ° শৰৎ কুমাৰ ফুকনৰ ‘ড° পুষ্পধৰ গগৈঃ ঐতিহ্য আৰু কিছু সাময়িকী’; জ্যোৎস্না বৰগোহাঁই কোঁৱৰৰ ‘ধেমাজিৰ পথিকৃত গগৈ ছাৰ’; বন্দনা দত্ত হাজৰিকাৰ ‘আশীষঃ পাৰিবা কিয় নোৱাৰিবা ’; বগেন গগৈৰ ‘এক ক্লান্তিহীন পথৰ পথিক ড° পুষ্প গগৈ’; দিলীপ কুমাৰ বুঢ়াগোহাঞিৰ ‘ড° পুষ্প গগৈ এক ব্যতিক্রমি ব্যক্তিত্ব’; অসীম দত্তৰ ‘ড° পুষ্প গগৈ আৰু মইঃ যুগল বন্দী’; মলুং চাও বলো বাইলুঙৰ ‘সংগ্রামৰ আন এটি নামঃ ড° পুষ্প গগৈ’; চুচেন ভিতৰুৱাল কোঁৱৰৰ ‘যুক্তীবাদী মনৰ মানুহ এজনৰ কথা’; ° উমাকান্ত শৰ্মাৰ ‘ড° পুষ্প গগৈক মই যি দৰে জানো’; যদুমণি গোস্বামীৰ ‘ মোৰ সান্নিধ্যত ড° পুষ্প গগৈ ছাৰ’; য়িখাম গগৈৰ ‘গৱেষক ড° পুষ্প গগৈ’;দীপালী গগৈৰ ‘স্বামী দেৱতা ড° পুষ্প গগৈ’; ° অন্নজ্যোতি গগৈৰ ‘ড° পুষ্প গগৈৰ লগত সান্নিধ্যৰ কেইটামান স্নেপ’; দিব্য চুতীয়াৰ ‘মোৰ দৃষ্টিত ড° পুষ্প গগৈঃ এক নিৰ্মোহ বিশ্লেষণ’; নিবেদিতা বড়া সন্দিকৈৰ ‘ড° পুষ্প গগৈ ছাৰলৈ জন্মদিন উপলক্ষে শ্রদ্ধাৰ্ঘ’; গণেশ পেগুৰ ‘ড° পুষ্প গগৈৰ জীৱন সংগ্রাম আৰু সাহিত্য সংস্কৃতিৰ সাধনা’; উমেশ চেতিয়াৰ ‘চিত্রশিল্পী আৰু গৱেষক সমালোচক ড° পুষ্প গগৈ’; অৰবিন্দ্র ৰাজখোৱাৰ ‘ড° পুষ্প গগৈৰ উপন্যাস চাওলুং ছ্যুকাফা উপন্যাসৰ পৃষ্ঠাত চাওলুং ছ্যুকাফাৰ জীৱন আৰু অভিযান’; পুৰেন্দ্রৰ প্রসাদ শইকীয়াৰ ‘দৃষ্টিত সৃষ্টিৰ প্রতীক ড° পুষ্প গগৈ’; মৃদুল তামুলীৰ ‘উচ্চাকাংক্ষাৰ নিৰৱ সাধক ড° পুষ্প গগৈ’; Tilen Ggogoi ৰ ‘Dr. Puspa Gogoi : From Bakal Gaon to Thailand’; ompong Witayasakpanৰ ‘A few lines about Dr. Puspa Gogoi’; য়িখাম গগৈৰ ‘ধেমাজিত ড° পুষ্প গগৈৰ চিত্র প্রদৰশনীঃ এক অৱলোকন’; নৱ বৰুৱাৰ ‘ড° পুষ্প গগৈৰ কৰ্ম জীৱন’; ডিম্বেশ্বৰ দাসৰ ‘ড° পুষ্প গগৈ ছাৰৰ সান্নিধ্যত’; দিলীপ কুমাৰ হাজৰিকাৰ ‘ফুলৰ দৰেই পুষ্প গগৈ’; পদ্মেশ্ব দিহিঙ্গীয়াৰ ‘পুষ্প গগৈৰ সান্নিধ্যত দুটামান দিন’; ললিত চুতীয়াৰ ‘নামকৰণ’; হেমন্ত বৰপাত্র গোহাঁইৰ ‘চিত্রকৰ পুষ্প গগৈ’; পুষ্পা চুতীয়াৰ ‘ড° পুষ্প গগৈ ছাৰৰ সান্নিধ্যঃ টুকুৰা ছৱি পমখেদি ’; বগেন গগৈৰ ‘ধেমাজিত ড° পুষ্প গগৈৰ একক চিত্র প্রদৰ্শনী’; বীৰেণ শইকীয়াৰ ‘এখন সোণসেৰীয়া অতীত বোটলা উপন্যাস ‘চাওলুঙ ছ্যুকাফা’’; জ্যোতিমা কোঁৱৰৰ ‘ভিনদেউ ড° পুষ্প গগৈঃ মোৰ অনুভৱ’; উমেশ চেতিয়াৰ ‘নাট্যকাৰ ড° পুষ্প গগৈ’; লগতে গ্রন্থখনত আছে ° পুষ্প গগৈৰ ডায়েৰীৰ কেইখিলামান পাত, ° পুষ্প গগৈৰ লগত আদানপ্রদান হোৱা কিছু চিঠি পত্র, ° পুষ্প গগৈৰ লগত মধু আলাপ, Bio-Data of Dr. Puspa Gogoi, Photos on Gogoi’s Life, Photos on Gogoi’s Paintings আদি।

° পুষ্প গগৈৰ অভিনন্দন গ্রন্থখন কিংখাপ আৰু ধেমাজি জিলা সাহিত্য সভাৰ হৈ ধেমাজিৰ দঞিছেং প্রকাশনে প্রকাশ কৰিছে। গ্রন্থখনৰ মূল্য ২০০টকা। গ্রন্থখনত মুঠ ৩৫৪ পৃষ্ঠা আছে। গ্রন্থখন প্রথম প্রকাশ পাইছে ২১জুলাই,২০০৯। এই গ্রন্থখনৰ পৰা সকলো শ্রেণীৰ পাঠক উপকৃত হ’ব। এনে এখন সুন্দৰ গ্রন্থ পাঠক সমাজলৈ আগবঢ়োৱা বাবে গ্রন্থখনৰ সম্পাদনা সমিতিক ধন্যবাদ জনাইছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!