জীৱন জয়ৰ গান (-ধৰ্মজ্যোতি ভট্টাচাৰ্য্য)

 

জীৱন জয়ৰ গান
__________
-ধৰ্মজ্যোতি ভট্টাচাৰ্য্য৷

১.
প্ৰকৃত শিক্ষক অভিজ্ঞতা
প্ৰকৃত ছাত্ৰ প্ৰচেষ্টা
শ্ৰেষ্ঠ গ্ৰন্থ জীৱন
শ্ৰেষ্ঠ খাদ্য চিন্তন
শ্ৰেষ্ঠ আশ্ৰয় সততা৷
২.paint
আনে চাবৰ বাবে থিয় হোৱা
আনে জানিবৰ বাবে কথা কোৱা
নিজ প্ৰশংসা শুনিবৰ বাবে
থাকা তুমি ক্ষন্তেক নিৰৱে
তাৰ পাছত নিজ পথ লোৱা৷
৩.
ঘোঁৰাৰ পৰিচয় দৌৰত
গাইৰ পৰিচয় গাখীৰত
ষাঁড়ৰ পৰিচয় বোজাত
জ্ঞানীৰ পৰিচয় বচনত
বীৰৰ পৰিচয় ৰণত৷
৪.
আনৰ গুণ দেখা
নিজৰ দোষ লেখা৷
৫.
শত্ৰুক বিনাশ কৰা বন্ধুত্বৰে
খঙক বিনাশ কৰা ভালপোৱাৰে
যদি নিজে সুখ লোৱা
তেন্তে আনক সুখী কৰা
মৃত্যুক জয় কৰা ত্যাগেৰে৷
৬.
নিজ নামে ধন্য যিজন
উত্তম পুৰুষ সেইজন
পিতৃ নামে ধন্য যি
মধ্যম পুৰুষ সি
পত্নী নামে ধন্য, অধম সেইজন৷
৭.
খঙে ঘটাই বুদ্ধিৰ বিনাশ
অহংকাৰত হয় জ্ঞানৰ নাশ
দানে পুণ্য
লোভে পাপ
অধিক চিন্তাত আয়ুস হ্ৰাস৷
৮.
যি ফুৰে নিজ সত্য ঢাকি
যি ফুৰে আনৰ অসত্য বকি
যি ফুৰে গাই নিজ জয়গান
জানিবা, চৰিত্ৰ হয় তাৰ ম্লান
জীৱন মাথোঁ তাৰ ফাঁকি৷
****

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!