জীৱন পথৰ বাধা

বহু বছৰৰ আগতে এজন ৰজাই তেওঁৰ পাত্ৰ-মন্ত্ৰীৰ সৈতে ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈছিল৷ তেওঁ বহুদূৰ ভ্ৰমণ কৰাৰ পিছত এঠাইত দেখিলে এটা ডাঙৰ শিলে পথ এটা বন্ধ কৰি ৰাখিছে৷ কিন্তু তেওঁ মন কৰিলে কোনোৱেই পথটোৰ পৰা শিলটো আঁতৰোৱা নাই আৰু সকলোৱে তাৰ ওপৰেৰে পাৰ হৈ গৈছে৷ আনকি তেওঁৰ লগত যোৱা নিজৰ মন্ত্ৰী আৰু পাৰিষদবৰ্গইও তেনেদৰেই পাৰ হৈ সিপাৰলৈ গৈছে ৷
তেওঁ মন্ত্ৰী আৰু পাৰিষদবৰ্গক এই বিষয়ে সোধাত তেওঁলোকে ৰজাক প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰিলে যে, কোনোৱেই এই ডাঙৰ শিলটো ইয়াৰ পৰা আঁতৰাব নোৱাৰে আৰু ইয়াক আঁতৰোৱা কেতিয়াও সম্ভৱ নহয় ৷

 

কেইদিনমানৰ পিছত এজন কৃষকে অকলে শাক-পাচলিৰ এখন ডাঙৰ ভাৰ লৈ সেইফালেদি যাব লগা হৈছিল ৷ তেওঁ দেখা পালে যে শিলটো আঁতৰ নকৰাকৈ তেওঁ শাক-পাচলিৰ ভাৰখন সিপাৰলৈ নিব নোৱাৰে ৷ সেয়ে তেওঁ পাচলিৰ ভাৰখন মাটিত থ’লে আৰু শিলটো আঁতৰাবলৈ আপ্ৰাণ চেষ্টা কৰিলে ৷ বহু সময়ৰ চেষ্টাৰ পিছত তেওঁ শিলটো পথটোৰ পৰা আঁতৰাবলৈ সক্ষম হ’ল ৷ শিলটো আঁতৰাই তেওঁ পুনৰ শাক-পাচলিৰ ভাৰখন তুলি উঠাবলৈ ধৰোতেই দেখা পালে যে শিলটো থকা ঠাইতে এটা সৰু ধনৰ মোনা মাটিত পৰি আছে ৷

 

ধনৰ মোনাটোত বহুত সোণৰ মুদ্ৰাৰ লগতে তেওঁ এখন চিঠি  দেখা পালে ৷ চিঠিখন মেলি তেওঁ দেখিলে ৰজাই তাত লিখি থৈছে “এই সোণৰ মুদ্ৰাখিনি সেইজন ব্যক্তিয়েই লাভ কৰিব যি ইয়াৰ পৰা শিলটো আঁতৰাব পাৰিব ৷” সেই কৃষকজনে আন বহুতে অনুভৱ কৰিব নোৱাৰা এক সৰ্বোত্তম শিক্ষা লাভ কৰিলে ৷

“প্ৰত্যেক বাধাই নিজক আগুৱাই নিয়াত এটা সুবিধা প্ৰদান কৰে ৷ “

(“Every obstacle presents an opportunity to improve one’s condition.”)

……………………………
মূল উত্স-Akramulla Syed
অনুবাদ- অঞ্জল বৰা

Don`t copy text!