জেলত ৰঙ-ৰূপ-ৰস (ডাঃ ভূপেন্দ্ৰ শইকীয়া) জেলত ৰঙ-ৰূপ-ৰস

 

 

এক ভিন্ন স্বাদৰ বাবে এই বাৰ্তাটো পঢ়িব পাৰে : –
কাৰাগাৰনো কেনেকুৱা তাৰ আপুনি চাক্ষুস অভিজ্ঞতা নহ’লেও অনুমান কৰিব পাৰে চিনেমাৰ মাধ্যমেদি বা আনৰ মুখত শুনি৷ খাদ্যৰ নামত শিল-বালি মিহলি ঢেংঢেঙীয়া দাইল, পাথৰ মিহলি শকত অপৰিস্কাৰ চাউলৰ ভাত৷ পকাৰ মজিয়াত শুবলৈ এখন চাদৰ, পিন্ধিবলৈ এযোৰ দগধা কাপোৰ ইত্যাদি৷ কিন্তু এইখন পৃথিৱীতে থকা কেইখনমান জেলৰ বৰ্ণনা শুনকচোন৷ হয়তো এবাৰ ভূমুকি মাৰিবলৈ মন যাব পাৰে নাইবা মনলৈ আহিব পাৰে সেইখন দেশত কিয়নো জনম নললোঁ৷
অষ্ট্ৰিয়া দেশত থকা এখন জেলত পঞ্চতাৰকা হোটেলত থকা সকলোবোৰ সা-সুবিধা আছে৷ জেলত নহয় যেন ৰিচৰ্টতহে প্ৰবেশ কৰিছে আচামীৰ এনে অনুভৱ হয়৷
নৰৱেৰ হেল্ডন জেলত কয়দীয়ে উপভোগ কৰিবলৈ পায় সুন্দৰ প্ৰাকৃতিক দৃশ্যাৱলী, সুখাদ্য, গৰম কফি, কেবলযুক্ত টিভি,ব্যক্তিগত বাথৰুম, মিনি ফ্ৰিজ আদিৰ সুবিধা৷
ইটালিৰ ফৰ্টেজা মডিচিয়া জেলত চাৰিতাৰকা হোটেল সুবিধাৰ সৈতে আছে কেফেটেৰিয়া য’ত কয়েদীয়ে কাম কৰি মন পচন্দৰ নানা বিধ খাদ্যসম্ভাৰ প্ৰস্তুত কৰে৷ সাধাৰণতে আজীৱন কাৰাবাস খটা আচামী এই জেলৰ বাসিন্দা৷
স্পেইনৰ আৰাঞ্জুআচ জেলত কয়দীৰ সৈতে সৰু সন্তান থকা পৰিয়ালৰ লোকেও এটা সময়লৈকে একেলগে থকাৰ সুবিধা পায়৷ ব্যক্তিগত সা-সুবিধাযুক্ত নিজস্ব বাথৰুমযুক্ত কোঠালি আচামীয়ে ব্যৱহাৰ কৰিবলৈ পায়৷
বলিভিয়াৰ চেনপ্ৰেডো জেলৰ ভিতৰতে চুপাৰ মাৰ্কেট,দোকান বজাৰ আদি আছে৷ কয়দীয়ে হাজাৰ বা পোন্ধৰশ ডলাৰ খৰচ কৰি নিজৰ পচন্দৰ কোঠালি বাচি লব পাৰে৷ এই কাৰাগাৰটো চাবলৈ টুৰিষ্টৰো আগমন ঘটে৷
ফিলিপাইনচ দেশৰ চেবু ডিটেনচন এণ্ড ৰিহেবিলিটেচন চেন্টাৰ নামৰ কাৰাগাৰত য’ত সাধাৰণতে দুৰ্ধৰ্ষ অপৰাধী থাকে – তাৰে ১৫০০ কয়দীয়ে এখন ডান্স কৰিঅ’গ্ৰাফি থ্ৰিলাৰত অভিনয় কৰাৰ সুযোগ পোৱাটোও এক বিচিত্ৰ বাৰ্তা৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!