টঙীঘৰ – পাৰ্থপ্ৰতীম চৌধুৰী

এপথাৰ সৰিয়হৰ মাজৰ টঙীঘৰত শুইছা ?

টঙীঘৰৰ জলঙাৰে জোনাক চাইছা ?

জোনটো গলে মানে

যদি তুমি দেখা পালা

চেকাচোৰোগাকৈ

নিষিদ্ধ হুদুমদেও

তেনেহ’লে না নকবা

আহাঁ, অশ্লীল জোনাকত আমিও নগ্ন হ‌ওঁ !

প্ৰেমতকৈও ডাঙৰ, ভাললগা, এটা টেঙাবুলীয়া গোন্ধ আছে

শিলঘৰীয়া মাছেৰে ভৰা এটা জুৰি

অথবা জোনাকীৰ চেলেং

ঔ-খোজীয়া বাটত

মোৰো আছে

টঙীঘৰৰ জখলা বগাই

যদিহে আহে সৰিয়হফুলীয়া বান

জানিবা বুজিবা মোৰ হৃদয় হ’ল থান বান !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!