টাইৱানৰ চিঠি ৪ (মনোজ মন কলিতা)

(ভাৰত বনাম টাইৱান)

টাইৱান – সেউজীয়া, নীলা আৰু সেউজীয়া | প্ৰকৃতিয়ে যেন প্ৰাণ ভৰি ভৰি ৰঙৰ সমাহাৰ ঢালি দিছে ইয়াত | এই টাইৱানৰেই চৰকাৰী নাম “চীনা গণৰাজ্য”, পূব-এচিয়াৰ এক ৰাষ্ট্ৰ | প্ৰত্নপস্তৰ যুগৰ পৰাই টাইৱানৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায় | পূৰ্বতে মূল চীন দেশৰ সৈতে সংলগ্ন টাইৱান বৰ্তমান এক স্বাধীন ৰাষ্ট্ৰ হিচাপে গণ্য কৰা হয়(!) | ১৯১১ চনত ঘাই চীনৰ পৰা ফালৰি কাটি আহি “Republic of China” ৰ গঠন হয়, আৰু সেই সুৰতে সুৰ মিলাই চীন দেশৰ চৰকাৰী নাম হয় “People’s Republic of China” | “Republic of China”ৰ গঠনৰ মূল ব্যক্তিজন হৈছে “চান য়াট চেন” | “চান য়াট চেন” ক টাইৱানৰ “জাতিৰ পিতা” হিচাপেও জনা যায় | তেখেতেই আছিল স্বাধীন টাইৱানৰ প্ৰথম শাসক | ১৯২৫ চনত তেখেতেৰ মৃত্যুৰ পাছত “চ্যাঙ কাই চেকে” শাসনৰ বাঘজৰী হাতত লয় | বিভাজনৰ বহু বছৰ পিছলৈকে চীন দেশে টাইৱানক স্বাধীন ৰাষ্ট্ৰ বুলি গণ্য কৰা নাছিল | এতিয়াও কোনো ক্ষেত্ৰত চীন দেশে দাবী কৰে যে টাইৱান স্বাধীন ৰাষ্ট্ৰ নহয় | ১৬৪২-১৬৬২ ৰ সমচোৱাত “Dutch” সকলে টাইৱানক শাসন কৰিছিল আৰু তেতিয়াই ইয়াৰ নাম হৈছিল “Ilha Formosa” অৰ্থাত্‍ “ধুনীয়া দ্বীপ” | “Dutch” সকলৰ পূৰ্বতে ১৬২৬-১৬৪২ ৰ সমচোৱা বৰ্তমানৰ টাইৱানৰ প্ৰায় অংশ “Spanish” সকলৰ অধীনত আছিল | ১৬৬২ চনত “কক্সজিঙা”ই Dutch সকলক শাসনৰ পৰা আঁতৰাই টাইৱানক নিজৰ হাতলৈ নিয়ে, কিন্তু ১৬৮৩ চনত টাইৱানৰ শাসন “ফুজিয়ান” সকলৰ হাতলৈ যায় | এই ফুজিয়ানসকলক ১৮৯৪-৯৫ চনত জাপানী  লোকসকলে শাসনৰ পৰা আঁতৰাই পঠিয়ায় আৰু টাইৱানক নিজৰ অধীনলৈ আনে | ১৯৩৮ চন মানলৈ টাইৱানত তিনি লক্ষ্যাধিক জাপানীলোক থকাৰ তথ্য পোৱা যায়; কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰায়সংখ্যক জাপানীলোকে টাইৱানৰ পৰা জাপানলৈ স্থানান্তৰিত হয় |

চৰকাৰী হিচাপ মতে টাইৱানত প্ৰায় ৫০০ জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে, তাৰোপৰি ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কৰ্মৰত ভাৰতীয় লোকৰ সংখ্যাও লেখত ল’বলগীয়া | ভাৰতৰ অ‍ইন ৰাজ্যৰ লোকতকৈ অসমৰ ছাত্ৰ-ছাত্ৰী তথা চাকৰীয়াল তেনেই ক’ম | বৰ্তমান সময়ত ১০ জন মান অসমীয়া টাইৱানত আছে নে নাই সঠিককৈ কোৱাতো টান | তথাপি টাইৱান থকা ভাৰতীয়া লোকৰ সংখ্যা অ‍ইন প্ৰায়বোৰ দেশত থকা ভাৰতীয়লোকৰ তুলনাতকৈ ক’ম | কিন্তু সংখ্যাত তাকৰ হ’লেও ভাৰতীয় লোক নিজৰ বুদ্ধিমত্তাৰ বাবে টাইৱান বিখ্যাত | প্ৰায়বোৰ দেশতেই ভাৰতীয়াসকলে নিজৰ জ্ঞান, সাহস আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা স্বভাৱৰ ভাৱে সকলোৰে প্ৰিয় | কিন্তু আন এচাম ভাৰতীয়লোকে নিজৰ দেশৰ নাম মাটিৰ সৈতে মিহলাই আছে এইবোৰ দেশত | উদাহৰণ স্বৰূপে ক’বলৈ গ’লে এটা সৰু ঘটনাৰ কথা মনলৈ আহে | মোৰ গৱেষণাগাৰৰ এগৰাকী সহযোগী ছাত্ৰীৰ এক ঘটনা | এদিন গৱেষণাগাৰত দূপৰীয়া সময়ত আমি দুয়ো আলোচনা কৰি আছিলো | কথাপ্ৰসংগত তেওঁ মোক ক’লে যে ম‍ই গৱেষণাগাৰত যোগদান কৰাৰ আগলৈকে ভাৰতীয়া মূলৰ লোকৰ প্ৰতি ভাল ভাৱ নাছিল ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ত কৰ্মৰত এজন ভাৰতীয় মূলৰ প্ৰবক্তাই এবাৰ তেওঁক অশ্লীল সংকেত দিছিল আৰু নৈশ যাপনৰ প্ৰস্তাব দিছিল; নিজৰ বুদ্ধিমত্তাৰ বাবে সেইদিনাখন কোনো অঘটন নোহোৱাকৈ সাৰি আহিল ছাত্ৰীগৰাকী | এনে ঘটনা আৰু বহু আছে; এবাৰ শুনিছিলো ভাৰতীয় মূলৰ আন এগৰাকী প্ৰবক্তাই এগৰাকী ছাত্ৰীৰ সৈতে বলপূৰ্বক অসত্‍ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ প্ৰয়াস কৰিছিল | এতিয়া প্ৰশ্ন হয় এনেবোৰ ঘটনা কিয় সঘনাই শুনিবলৈ পোৱা যায় | বিদেশত ভাৰতীয়ৰ ওপৰত অত্যাচাৰ শুনিলে আমি জাঙুৰ খাই উঠো, কিন্তু সেই একেই ভাৰতীয়লোকে এনে কাৰ্য্য কৰিলে আমি কিয় মাত নামাতো ? এয়াই নেকি গান্ধীবাদ | এনে পৰিস্থিতিত কিয় আমি ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আহিছো ? মোৰ মতে এনে কাৰ্য্য কৰাসকলক এক দৃষ্টান্তমূলক শস্তি দিব লাগে | অন্যথা ভাৰতবৰ্ষৰ হেৰাই গৈ থকা গৌৰৱে কালৰ অতল গহ্বৰত নিগাজীকৈ খোপনি পুতিব |

ভাৰতীয় লোকৰ কথা কৈ থাকিলে ওৰ নপৰে | ভাৰতীয় মূলৰ বস্তু আৰু খাদ্যৰ আদৰ আছে ইয়াত | ইয়াত অসমৰ চাহৰ দৰে ভাৰতীয় খাদ্যৰো চাহিদা চকুত ল’গা | ঠিক একেদৰে ভাৰতীয় চলচিত্ৰৰো ব্যৱসায় খুব ভাল | প্ৰায়বোৰ লোকৰ মুখে মুখে আমীৰ খানৰ “থ্ৰী ইদিয়ত্স”ৰ কথা শুনিবলৈ পোৱা যায় | চলচিত্ৰখনত অন্তৰ্নিহিত হৈ থকা কাহিনীটোৰ প্ৰেমত বাৰুকৈ জুৰুলা হৈছিল ইয়াৰ লোকসকল, আৰু কোনো কোনোৱে অকৌ কথাৰ মাজত চলচিত্ৰ খনৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰি আমোদ পায় | তাৰোপৰি মহাত্মা গান্ধীক চিনি পোৱা লোকৰ সংখ্যাও ইয়াত কম নহয় | বহুতেই জানে তেওঁৰ জীৱন কাহিনী, ভাৰতৰ স্বাধীনতা যুঁজৰ কাহিনী আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁৱায়|

এয়াই হৈছে ভাৰত; ভাল-বেয়া সকলোতে আগৰণুৱা | কিন্তু আমি সেই বেয়াবোৰ আঁতৰাই সেই ঠাইত ভালেৰে ওপচাই দিব পাৰিব লাগিব; অন্যথা আমাৰ অনুজসকলে নিজকে এদিন ভাৰতীয় বুলি পৰিচয় দিবলৈ ইতস্তঃবোধ কৰিব |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!