টিপছ্ – ৰাজীৱ ভাগৱতী

 

আমবাৰীৰ কুইক পিক খনলৈ চাৰিজনী গাভৰু সোমাই আহিল৷ খোজ কাটলত আভিজাত্যৰ চিন৷ তাৰে দুজনীক মই চিনি পাঁও৷ মোক তাতে বহি থকা দেখি মিচিকিয়াই হাঁহি সামান্য কথা বতৰা হ’ল আৰু খালী থকা ছ’ফাখিনিত বহিলগৈ৷ তেওঁলোকৰ আগমনে ৰেষ্টুৰেণ্টখনৰ গহীন পৰিৱেশটো চঞ্চল কৰি তুলিছিল৷ কথা বতৰাবোৰ অলপ জোখতকৈ বেছি স্বৰৰ আছিল বাবে দুই এটা কথা কাণত পৰিছিলহি৷ স্বাভাৱিক কথাবতৰা, কোনখন শ্বপিং ম’লত কি কি সুবিধা, কোনটো কাপোৰৰ ব্ৰেণ্ডত বৰ্তমান কিমান অফাৰ চলি আছে, সিদিনা “গুৱাহাটী চেণ্ট্ৰেল“ত গৈ কি হ’ল, লগৰ গায়ত্ৰী, কংকনাহঁতৰ বইফ্ৰেণ্ডবোৰ কেনে ইত্যাদি ইত্যাদি৷ অৱশ্যে মই চিনিপোৱা এগৰাকীৰ সেই আভিজাত্যতা নাই৷ মই জনাত দুই চাৰিটা টিউচন কৰি ইয়াত চলি আছে৷ মাজতে এজনীয়ে তাইক কোৱা শুনিলো- “ তোৰ যে কাম নাই আৰু গৈ গৈ টিউশ্ব্যনবোৰ কৰগৈ৷ বাদ দে এইবোৰ৷ মোৰ দ্বাৰা যে এইবোৰ অসম্ভৱ দেই৷ “ আনজনীয়ে অলপ উচ্চাসিত হৈ কৈ উঠিল- “হয় দেই, এই গৰমত যে কৰিব নোৱাৰি৷ মই যে ইমান কষ্ট কৰিব নোৱাৰো হ’লে৷ “ তৃতীয়গৰাকীয়ে ক’লে-“আমাৰ ইটো মোক এইবোৰ কৰিলে থ’বহে৷ বৰ বেয়া পাই৷ “ হয়টো তেওঁ প্ৰেমিক জনৰ কথা কৈছে৷ লগে লগে বাকীদুজনীৰ সহযোগ- “মোৰ ইয়ো নিদিয়ে, কৈয়েই দিছে লাগিলে একো নকৰিবা কিন্তু যাহা তাহাকে ক’তো নুশুমাবা“, “মোৰো দেই৷ “ ছোৱালীজনী মোৰ পিনে পিঠি দি বহি থকাৰ বাবে মুখৰ ভাৱটো ধৰিব নোৱাৰিলো কিন্তু এটা শব্দও নক’লে৷ মাজতে এগৰাকীয়ে ৱেইটাজনক মাতিলে, “ৱেইটাৰ কিমান টাইম লাগিব? অলপ সোণকাল কৰিবা দেই৷ “ তেনেদৰেই পাৰ হৈ গ’ল সময়বোৰ৷ কেতিয়াবা মানুহবোৰক লক্ষ কৰি থাকি ভাল লাগে সেয়েহে অলপ লেহেমিয়া কৰি মই তাতে বহি থাকিলো৷ খুৱাবোৱা হোৱাৰ পিছত তেওঁলোকৰ বিল পেইমেণ্ট কৰাৰ পৰ্ব পৰিল৷ হিচাপবোৰ কৰা হ’ল৷ এজনীয়ে কৈ উঠিল- “ৰ’ ৱেইটাৰজনক টিপ্ছ দিব লাগিব নহয় কিমান দিবি? “ আনজনীৰ উত্তৰ-“মই ইয়াৰ লগত আহিলে ই দিয়ে৷ “ তৃতীয়জনীয়ে ক’লে-“আজিকালি সৱেই টিপ্ছ দিয়ে কিবা এটা দি দিও৷ “ হঠাত এটা গহীন মাত-“এইমাহতো দেউতাৰ পৰা ১০০০ টকা আনিব লগা হ’ল৷ তঁহতে টিপ্ছ দে! কিন্তু মই এতিয়াও স্বাৱলম্বী হ’বই পৰা নাই গতিকে তেওঁ ৱেইটাৰ হ’ব পাৰে কিন্তু এজন স্বাৱলম্বী যুৱকক মোৰ দৰে দেউতাৰ অধীন এজনী ছোৱালীৰ টিপ্ছ দিয়াৰ নৈতিক অধিকাৰ নাই৷ “ মই চিনি পোৱা দ্বিতীয় গৰাকীয়ে ক’লে-“ এ থ অ আমিওটো দেউতাৰ পইছাৰেই চলো৷ আৰু সি ৱেইটাৰহে৷ বাদ দে আমি তিনিজনীয়েই দিম৷ “ তিনিওজনীয়ে হাঁহি দিলে৷ শেষত বিল পেইমেণ্ট কৰি ওলাই গ’ল৷ মই চাই ৰ’লো৷
টিপ্ছ দিব বিছৰা মোৰ চিনাকিগৰাকীৰ ফেইচবুৰ টাইমলাইনত সিদিনা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ জীয়েকে কোনোৱা ৰেষ্টুৰেণ্টত কাম কৰা প’ষ্ট এটা শ্বেয়াৰ কৰা দেখিছিলো৷ হয়টো কেপশ্বনটো আছিল-“This is called dignity of labour“

ৰাজীৱ ভাগৱতী

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!