টি-গ্ৰুম ( ভ্ৰমণ কাহিনী) –ৰাজীৱ কুমাৰ বৰদলৈ

(পশ্চিম কাৰ্বি আংলঙ)
স্থানীয় ভাষাত টি-গ্ৰুম বুলি জনাজাত এই ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য লোকচক্ষুৰ আঁৰতেই আছে৷ অথছ এই ঠাইডোখৰৰ দূৰত্ব গুৱাহাটীৰ পৰা বৰ বেছিও নহয়৷ কিন্তু আমাৰ মানুহৰ আমাৰ নিজৰ পাহাৰ–পৰ্বত, নৈ, জান-জুৰিৰ প্ৰতি তীব্ৰ অনীহা থকাৰ ফলতেই বহু ঠাইৰ বিষয়ে আজিও অজ্ঞ হৈয়ে আছে৷ তাতে আকৌ পশ্চিম কাৰ্বি আংলঙ!

কিন্তু টি-গ্ৰুমৰ সৌন্দৰ্যৰ কথা যিসকলে বৰ্তমান (সংখ্যাত তাকৰ) জানে তেওঁলোকে এই ঠাইৰ সৌন্দৰ্যৰ কথা একমুখে শলাগে৷ মোৰ প্ৰথম টি-গ্ৰুম ভ্ৰমণৰ সৌভাগ্য হৈছিল ২০১৫ চনৰ শেষ ভাগত মোৰ প্ৰথম চিনেমাখনৰ শ্বুটিঙৰ সময়ত৷
এই ঠাইখন পশ্চিম কাৰ্বি আংলঙ আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত সুন্দৰ এখন পাহাৰীয়া শিলাময় নদী আৰু লগতে জলপ্ৰপাত৷ চাৰিওফালে অৰণ্যৰ বাংময় নীৰৱতা আৰু সেউজীয়াৰ সমাহাৰ৷ ঠাইখনৰ ওচৰে-পাজৰে স্থানীয় লোকৰ ঝুমখেতি আৰু পাৰাপাৰহীন সেউজীয়া অৰণ্য, ওখ-চাপৰ পাহাৰৰ টিলা৷ টি-গ্ৰুমৰ ওচৰে-পাজৰে এক বিস্তীৰ্ণ অঞ্চলত মানুহৰ বসতি তেনেকৈ নাই৷ এটা-দুটা ঝুমতলিৰ খেৰ বাঁহৰ সৰু সৰু মাৰু ঘৰৰ বাহিৰে আৰু একো চকুত নপৰে৷ টি-গ্ৰুমলৈ যাবলৈ হ’লে প্ৰথমে পশ্চিম কাৰ্বি আংলঙৰ উমছ’ৱাই অঞ্চলৰ আমছাই গাঁও অথবা মিল্ককেম্প নামৰ ঠাইডোখৰত উপস্থিত হব লাগিব৷ ইয়াৰ বাবে প্ৰথমে নেলীত উপস্থিত হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দিশে গোপালকৃষ্ণ চাহ বাগিচাৰ পিনে থকা উলুকুঞ্চীলৈ যোৱা পথেৰে যাব লাগিব৷ নিজা বাহন, বাইক অথবা নেলীৰ পৰা কেইবাখনো সৰু সৰু যাত্ৰী কঢ়িওৱা গাড়ীৰে যাব পাৰি৷ নেলীৰ পৰা উলুকুঞ্চীলৈ ৪৭ (47) কি. মি.৷ আনহাতে উমছ’ৱাইৰ মিল্ককেম্পলৈ আনুমানিক ২৮-৩০ কি. মি. হ’ব৷

নেলীৰ পৰা যোৱা পথটো প্ৰথমতে ৮-১০ কি. মি. বেয়া যদিও পাহাৰৰ ওপৰলৈ গৈ থাকিলে ভাল পকা ৰাস্তা পোৱা যায় একেবাৰে উলুকুঞ্চীলৈকে৷ গন্তব্যস্থান মিল্ককেম্প পোৱাৰ পিছত তাৰ পৰা দক্ষিণ দিশে যাব লাগিব৷ উমছ’ৱাইৰ মিল্ককেম্প অঞ্চলৰ পৰা প্ৰথমতে উল্লেখ কৰা আমছাই গাঁওখনৰ পাহাৰ দেখাই পোৱা যায়৷ সেই ঠাইৰ পৰা আমছাই গাঁৱৰ পিনে যোৱা সদ্যনিৰ্মিত কংক্ৰিটৰ ইটাৰে গঢ়া পথটো পাব৷ আৰম্ভণিতে বাঁহেৰে নিৰ্মিত এখন সুন্দৰ কাৰু-কাৰ্য খোচিত তোৰণ পাব৷ তোৰণখন এইবছৰৰ অনুষ্ঠিত হৈ যোৱা তিৱা সাহিত্য সভাৰ আদৰণী তোৰণ আছিল৷ তাৰ পৰা আমছাই গাওঁখন আৰু স্থানীয় ভাষাত বালাখংগৰ (পালাকোঁৱৰ)নামৰ এটা সৰ্ববৃহৎ প্ৰকাণ্ড শিল দেখা পোৱা যায়৷ টি-গ্ৰুম যোৱাৰ পথত উক্ত শিলটো আৰু সুন্দৰকৈ কাষৰ পৰা দেখা পোৱা যায়৷ স্থানীয় লোকৰ সহযোগত যিসকল দুঃসাহসী ক্ৰীড়াৰ সৈতে জড়িত তেওঁলোকে বালাখংগৰ শিলটো আৰোহণ কৰিব পাৰে য’ৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ সেউজীয়া পাহাৰসমূহ অতি মনোমোহাকৈ দৃশ্যমান হয়৷

বাঁহৰ গেট থকা যিটো পথৰ কথা উল্লেখ কৰিছিলোঁ সেইটো পথেৰে আমছাই গাঁৱৰ পাহাৰৰ কাষে কাষে দক্ষিণ দিশে টি-গ্ৰুমলৈ যোৱা মূল পথটো৷ পথটো আহল বহল যদিও কেঁচা৷ নিজা বাহন বাইক যদি নাথাকে তেন্তে খোজ কাঢ়িব লাগিব৷ ৩-৪ কি. মি. যোৱাৰ পাছত দুখন মজবুত বাঁহৰ সাঁকো পোৱা যাব আৰু বাহন থাকিলে সেই ঠাইতে নিশ্চিন্তমনে থৈ যাব পাৰিব৷ কোনেও চুৰ নকৰে আনকি নুচুয়েও৷ বাঁহৰ সাঁকো দুখন পাৰ হৈ আৰু আধা কি.মি. পাহাৰীয়া সৰু সৰু পথেৰে গলেই টি-গ্ৰুম আৰু জলপ্ৰপাত পাই যাব৷

টি-গ্ৰুমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আকৌ বছৰটোৰ ঋতু অনুযায়ী ৰূপ সলায়৷ প্ৰকৃততে পাহাৰীয়া ঠাইবোৰ এনেকোৱাই৷ ঋতু অনুযায়ী প্ৰকৃতিৰ ৰূপ বেলেগ বেলেগ হয়৷ টি-গ্ৰুমলৈ যোৱা আটাইতকৈ ধুনীয়া সময়খিনি হৈছে অক্টোবৰ-নবেম্বৰৰ পৰা সিফালে এপ্ৰিললৈকে৷ বাৰিষাকালি পিছে বৰ সুবিধাজনক নহয়৷ অক্টোবৰ-নবেম্বৰৰ এই সময়খিনিত পাহাৰত য’তে-ত’তে কেইবিধমান বিশেষ ধৰণৰ নাম নজনা বনৰীয়া ফুল ফুলে৷ প্ৰধানকৈ এবিধ ৰঙা ৰঙৰ আৰু অন্যবিধ হালধীয়া ৰঙৰ৷ এইখিনি সময়ত টি গ্ৰুমৰ পানী স্ফটিকৰ দৰে পৰিষ্কাৰ হৈ পৰে আৰু নদী খনৰ বৰণ নীলা হৈ পৰে৷ ঠায়ে ঠায়ে কঁহুৱা আৰু দূয়োপাৰে বনৰীয়া ফুল ফুলি জাতিষ্কাৰ হৈ পৰে৷ এই সময়ত আকৌ ঝুম খেতি চপোৱাৰ সময়৷

যি সকলে এই ঠাই ভ্ৰমণ কৰে তেওঁলোকে লগত খোৱা বস্তু নিলে ভাল অথবা সৰু ফ্ৰাইপেন এটা লগত নি নুডলচ্‌ জাতীয় খাদ্য প্ৰস্তুত কৰিও খাব পাৰে কিন্তু কোনোপধ্যেই যাতে প্লাষ্টিকৰ সামগ্ৰীৰ বাবে পৰিবেশ বিনষ্ট নহয় তাৰবাবে নিজেই সচেতন হ’ব লাগিব৷

চিনাকি নাথাকিলে স্থানীয় কোনো লোকক কিঞ্চিৎ বৰঙনি যাচি গাইড হিচাপে নিয়াতো দৰকাৰী৷ আমছাই বা মিল্ককেম্পত তেনে লোক বিচাৰিলে পোৱা যায়৷ কিছুদিনৰ আগতে সেই অঞ্চলৰ যুৱক-যুৱতীক এই সম্পৰ্কে কোনোবাই প্ৰশিক্ষণ দিয়া বুলিও খবৰ পাইছিলোঁ৷
(আমি য’তেই যি উদ্দেশ্যৰেই নাযাওঁ কিয় স্থানীয় লোকৰ সৈতে সৌহাদ্যপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি সহায় আৰু উপদেশ লোৱাটো কিন্তু অতি দৰকাৰী)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!