টেক্সেবল পূজা ( জ্যোতি ৰুপম দত্ত )

দুৰ্গা পূজা শেষ হ’ল৷ দাবী ধমকি দি চান্দা উঠাই লাখ লাখ টকা খৰচ কৰি ধুমধামেৰে অসংখ্য পূজা পতা হ’ল৷ বহু ঠাইত পূজাৰ নামত অশ্ৰাব্য গালি গালাজ পাৰি গুণ্ডা বাহিনীৰ দলৰ দৰে বজাৰৰ দোকানী পোহাৰীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি চান্দাৰ নামত বহু টকা উঠোৱা হ’ল৷ মই নিজেই দেখিছো চান্দা উঠোৱা দলৰ সৈতে যোৱা ফাৰ্মাচী এখনৰ কোটিপতি স্বত্বাধিকাৰী এজনৰ সামান্য ফলমূলৰ দোকানীৰ ওপৰত পূজাৰ চান্দাক লৈ চলোৱা তৰ্জন গৰ্জন৷ তৰহে তৰহে লাখটকীয়া লাইট, মণ্ডপৰ কাৰুকাৰ্য্যৰ প্ৰতিযোগিতা চলিল৷ চুবুৰীয়ে চুবুৰীয়ে, ওচৰা ওচৰিকৈ বহু পূজা পতা হ’ল৷

পিছে ৰাইজৰ টকাৰে পূজা পাতি সুশৃংখলভাৱে হিচাপ দাখিল কৰাৰ সাহসকণ থাকিবনে সেই ফুটপাথৰ পোহাৰীৰ ওপৰত দপদপনি দেখুওৱা বীৰপুংগৱ সকলৰ? চাপৰিলে মেঘ নেৰায় হেনো! মোৰনো কি, বুলি এৰি দিলেই জানো হব? উছৱৰ গইনা লৈ নীতি-বহিৰ্ভূত কাম কাজ কৰাৰ বাবে আমিয়েই উদগণি দিয়া নাই জানো ধৰ্মৰ নামত ব্যৱসায় কৰা এচাম অসাধু ব্যক্তিক?

এইবাৰ পূজাৰ সময়ত দেখিলো প্ৰশাসনৰ পূজামণ্ডপ সমূহৰ অগ্নি-প্ৰতিৰোধ ব্যৱস্থা, বিদ্যুত সংযোগ ব্যৱস্থাৰ কঠোৰ নিৰীক্ষন, জনসাধাৰণৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে লোৱা বিভিন্ন আদৰণীয় ব্যৱস্থা ইত্যাদি৷ আৰক্ষী বাহিনী তথা প্ৰশাসনৰ কৰ্মকুশলতাৰ বাবেই এইবাৰৰ পূজাৰ আয়োজন সুকলমে সমাপন হ’ল৷ এতিয়া চৰকাৰ তথা প্ৰশাসনৰ আনবোৰ বিভাগেও আমি একেই কাৰ্যদক্ষতাৰে প্ৰতিখন ৰাজহুৱা পূজা সমিতিক হিচাপ দাখিল কৰিবলৈ বাধ্য কৰোৱাতো বিচাৰিছো৷

ৰাজহুৱা পূজা সমিতিক দিয়া চান্দাৰ টকা বহুজাতিক কম্পেনীয়েই দিয়ক বা ফুটপাথৰ পোহাৰীজনীয়ে, সেয়া ৰাজহুৱা টকা, গতিকে হিচাপ বিচৰাৰ অধিকাৰ সকলোৰে আছে৷ বিষয়টো একো জটিল নহয়, প্ৰশাসনৰ হাতত প্ৰতিখন পূজা সমিতিৰ বিষয়ববীয়াৰ নাম ঠিকনা আছেই, গতিকে এক নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰি সুচাৰুৰূপে হিচাপ দাখিল তথা পৰীক্ষণ কৰাত অসুবিধা কি আছে বাৰু? পইত্ৰিশ লাখ, ত্ৰিশ লাখ, পচিছ লাখ, দহ লাখ… বাঃ কিমান যে লাখটকীয়া পূজা৷ দিয়ক এতিয়া লাখটকীয়া হিচাপ৷ ক্ষুদ্ৰ ব্যৱসায়ীসকলক সততেই সৰু সৰু কথাতেই বিক্ৰী-কৰ, আবকাৰী কৰ, নিগম-নিকায় কৰ আদি বিভিন্ন কৰ-কাটল, নীতি-নিয়মৰ নামত হাৰাশাস্তি কৰা বিয়াগোম বিভাগবোৰৰ বাবে এয়া এক সামাজিক দায়বদ্ধতাৰ কাম নহয় জানো? প্ৰত্যেক ব্যক্তিয়ে যথাযথভাৱে কৰ দিয়া, আয়-ব্যয়, সম্পত্তিৰ হিচাপ দাখিল কৰাতো যিদৰে বাধ্যতামুলক তেনেদৰে প্ৰতিটো ৰাজহুৱা অনুষ্ঠানেও আয়-ব্যয়, সম্পত্তিৰ হিচাপ ৰাজহুৱাকৈ দাখিল কৰাতো জানো উচিত নহয়? এই বিষয়ে আইন-কানুনৰ হয়তো তথাকথিত বহু ধাৰা-অনুচ্ছেদ, নীতি-নিয়ম, অধিনিয়ম ইতিমধ্যে আছেই৷ বিজ্ঞজনে এই বিষয়টোৰ ওপৰত আলোকপাত কৰিলে সুখী হ’ম৷ কিন্তু কথাটো হ’ল এই নীতি-নিয়মবিলাক কিমান কঠোৰ ভাৱে বলবৎ হৈছে?

অকল পূজা সমিতি বুলিয়েই নহয়, মোৰ মতে সকলো ৰাজহুৱা অনুষ্ঠানে সমজুৱাকৈ হিচাপ নিকাচ দাখিল কৰিব লাগে যাতে সেই অনুষ্ঠানলৈ দহ টকা চান্দা দিয়াজনৰো বিশ্বাস অটুত থাকে৷ সদৌ শেষত মনলৈ অহা কথা এটা কব খুজিছো, বছৰি আঢ়ৈ লাখ টকা আৰ্জিলেই আমি কৰৰ আওঁতাত সোমাই পৰো, গতিকে বছৰি এবাৰ হলেও বিশ-ত্ৰিশ লাখটকীয়া উছৱ এটা আয়োজন কৰা আয়োজকসকলে কিছু অংশ কৰ হিচাপে প্ৰদান কৰি ৰাইজৰ কল্যাণৰ বাবে স্থানীয়ভাৱে কিবা এটা কাম কৰিলে কেনে হয় বাৰু? যেনে ৰাজহুৱা প্ৰস্ৰাবগাৰ এটা?

=/=

(এইখিনিতে যিসকল পূজা সমিতিয়ে সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে বাহুল্যতা বৰ্জিত কৰি পূজাৰ আয়োজন কৰি ৰাজহুৱাভাৱে হিচাপ নিকাচ দাখিল কৰিছে বা আগৰে পৰাই কৰি আহিছে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত থাকিল৷ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!