টেণ্ডুলকাৰৰ ডাবল চেঞ্চুৰীৰ বিলৈঃ গায়ত্ৰী গোস্বামী অধ্যাপক

 

প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত মোৰ প্ৰথম পচন্দ উডি উডপেকাৰ৷ এবাৰ খেল এখন চাবলৈ গৈ বহু চেষ্টাৰ মূৰতো যেতিয়া টিকট এটা যোগাৰ কৰিব নোৱাৰিলে, কাঠৰোকা উডিয়ে খঙতে গোটেই ষ্টেডিয়ামখনকে এফালৰ পৰা খাই থৈ দিলে!

প্ৰতিশোধ বস্তুটো বৰ বেয়া বস্তু বুলি জানো, কিন্তু তেজ-মঙহৰ সাধাৰণ মানুহে সেয়া অস্বীকাৰ কৰিবলৈ প্ৰথমতে হিমালয়ত গৈ কেইদিনমান তপস্যা কৰিব লাগিব৷ অৱশ্যে জোৰে জোখাৰে প্ৰতিশোধ লোৱা কলা আয়ত্ত কৰিবলৈ সময়ৰ সমান শিক্ষক আৰু ধৈৰ্যৰ সমান চেকনি নাই৷ খেল বুলি কলে ভোক-পিয়াহ নলগা দিনত খৰালিৰ শুকান পথাৰখনৰ সমান আপোন কোনো নাই৷ ফুটবল, ক্ৰিকেটৰ মায়াত নৰানিয়ে আঁচ টনা ভৰি দুটাৰ কথাও তল পৰে৷ টিভিটোত খেলৰ বাহিৰে বাকী অনুষ্ঠানৰ ভিতৰত চিত্ৰহাৰ, শান্তি, স্বাভিমান, দ ছৰ্ড অৱ টিপু চুলতান চোৱাহে ভালকৈ মনত আছে (স্বাভিমানৰ এটা ডায়েলগ মনলৈ এতিয়াও আহি আছে, , তুমহাৰে প্যাৰ কে সমন্দৰ পৰ, মে বচ্ এক তলাব ধুন্দ ৰাহা হু)৷

বাকী, যিকোনো খেল বাদ পৰি যোৱা নাছিল, বছৰেকীয়া পৰীক্ষাৰ (বাকী পৰীক্ষাৰতো কোনো কথাই নাছিল) আগদিনাও গোটেই দিন টিভিত ক্ৰিকেট চাইছিলোঁ, মেনিয়াটো আই পি এললৈকে চলি আছিল৷ হঠাতে যতি পৰিছিল বিয়াৰ পিছত৷ নতুন ঘৰত নকইনাৰ ব্যস্ততা, তাতে শাহুআইৰ ছিৰিয়েলৰ প্ৰতিহে তীব্ৰ ধাউতি৷ তথাপি টিভিটোৰ ওপৰত একচ্ছত্ৰী সম্ৰাজ্ঞীক আওকাণ কৰি যিমান পাৰি সিমান খেল চাই গৈছিলোঁ৷ অবশেষত যতি পৰিল কেঁচুৱাৰ মাক হোৱাৰ পৰা, তাতে কস্মিন কালেও কেঁচুৱাৰখীয়া এগৰাকী আমাৰ কপালত নাছিল৷ গৃহস্থও খেল থাকিলে সম্পূৰ্ণ আপোনপেটীয়া হৈ পৰে৷ গতিকে কত মজাদাৰ খেল চোৱাৰ পৰা কত বেদনাদায়ক বঞ্চিতকৰণৰ সন্মুখীন হৈছো তাৰ হিচাপ দিব নোৱাৰিম৷

ডিবৰু বিশ্ববিদ্যালয়ৰ খেলপথাৰখনৰো বন মাৰি দিছিলোঁ৷ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ বৰ্ণালীৰ, মীনাক্ষীৰ নিজৰ খেল ভলীবলক লৈ আহৰি নাছিল, ল’ৰাৰো হোষ্টেল পৰ্যায় কিম্বা বিভাগীয় পৰ্যায়ত ভলীবল তীব্ৰ প্ৰত্যাহ্বানমুলক আছিল৷ বাকী পি-টেকৰ দুজনমানে খুব ট্ৰেকচ্যুট পিন্ধি পিন্ধি চাল একোটা মৰা মনত পৰে৷

যিদিনা ৰেডিঅ’ত খেলৰ ধাৰা বিৱৰণী চলিছিল, সেইদিনা আমি শেষ মুহূৰ্তলৈকে শুনি শেষত ছৰ্টকাট মাৰি বুৰঞ্জী বিভাগৰ কাষৰ ৱালখন বগাই জাপ মাৰি ডিপাৰ্টমেণ্ট পাইছিলোঁগৈ৷ এদিন ঠিক জাপ মাৰি দি সন্মুখত জেকেজি ছাৰৰ মুখৰ আগতে পৰিলোঁ৷ তেখেতে সদায় সেই ঠাইতেই গছৰ তলত গাড়ী পাৰ্ক কৰিছিল৷ মোৰ লগৰ দুজনী বেৰৰ সিপাৰেই ৰৈ দিলে৷ মই উপায়ন্তৰ হৈ ছাৰক ক’লো, ‘গুড মৰ্নিং ছাৰ৷’ তেখেতেও মৰ্নিং মৰ্নিং কৈ গুচি গ’ল৷ সৌ সিদিনা যাওঁতে দেখিলোঁ, তালৈ অহাযোৱা কৰিব পৰা সৰু বাট এটা উলিয়াই দিয়া হৈছে৷ বাকী ল’ৰামখাৰ সেইটো মুখ্য পথ আছিল৷ (যদিহে আচল পথত কোনো আকাংক্ষিতক নাপায়!) আনদিনা আক’ চেনিআলিয়েদি পাক এটা মাৰি গেট হৈহে ক্লাছ পাইছিলোঁগৈ আৰু সেই চেগতে ট্ৰেকত প্ৰেক্টিচ কৰাসকলৰ দৰ্শন হৈছিল৷

পিনজিবি-মফিৰ ভলীবল এখনত খেলতকৈ মেক্সৰ দুৰ্বাৰ নৃত্যই প্ৰধান্য পাইছিল, দুজনমানৰ কি সুললিত কাণ তালমৰা চিঞৰ আছিল, এতিয়াও চকুৰ আগত ভাহি আহে৷ বাকী খেলসমূহত এৰা গছেই বৰ গছ আছিল৷ এবাৰ মোৰ হাতত বেট (খুব কমেইহে ভাগত পৰে), খেলি থকাৰ সময়ত ভূমিকম্পৰো খবৰ ৰখা নাছিলোঁ৷ একোবত এটা ছিক্সাৰ উঠিল, পিছে কপাল আছিল ফুটা, বল গৈ চিধা লাগিলগৈ খেলপথাৰৰ বাহিৰৰ ফেন্সিঙৰ কাষত থৈ দিয়া বাইক এখনৰ বেক লাইটটোত৷ বাইকখন আছিল পৰিসংখ্যা বিজ্ঞান বিভাগৰ এজন গৱেষকৰ৷ তেখেতে কাষতেই ৰৈ খেল চাই আছিল৷ (নহ’লেতো কোনে লাইট ভাঙিলে খবৰ লোৱাৰ প্ৰয়োজনেই নাছিল! )৷

ইফালে লাইট ভগা দেখি মোৰ জীউ বাজ হওঁ হওঁ৷ মুহূৰ্ততে বিবিধ চিন্তাই দোলা দি গ’ল, ক্ষতিপূৰণ দিবলগীয়া হয় যদি? তেতিয়া গেটৰ পৰা থানা চাৰিআলিলৈ টেম্পোৰ ভাৰা তিনিটকা৷ ঘৰৰ পৰা পঞ্চাশ পইচা একোটা লৈ যাওঁ৷ দৰদাম (কাজিয়া) কৰি আঢ়ৈ টকা দিওঁ, তাকো বচাবলৈ প্ৰায়ে বাগানৰ মাজেদি তিনিকিলোমিটাৰ মান খোজ কাঢ়ো৷ আৰু এতিয়া ক্ষতিপূৰণ! উহ, ভাবিবই নোৱাৰি৷ গতিকে যিমান পাৰি সিমান মিহিকৈ ক্ষমা খোজাৰ গত্যন্তৰ নাই! চুপচাপ আগবাঢ়ি আহিছোঁ, কেনেকৈ আহিছোঁ খেয়াল নাই!

পিছে ছাৰজনে আমি কিবা এটা কোৱাৰ আগতেই, “নাই, নাই, একো নাই, হ’ব হ’ব“ বুলি বাইক ষ্টাৰ্ট দি গুচি গ’ল৷ বহুদিন পিছতহে, আমাৰ লগত চিনাকি হৈ কথাৰ মাজতে কৈছিল যে তেওঁ হেনো মই কান্ধতে মস্ত বেটখন লৈ যি খঙত গৈছিলোঁ, তেখেতক দম দিবলৈহে গৈছোঁ বুলিহে ভাবিছিল৷

প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত গৃহস্থ মোতকৈ কম নহয়৷ এদিন, কিবা কথাত লাগি পৰিৱেশ গৰম৷ তেখেতে মাজতে দৰৱ হিচাপে শাৰী এখন কিনাৰ প্ৰস্তাৱ দিলে৷ ময়ো খঙৰ ভমকত নালাগে বুলি দিলো কৈ৷ দুদিন পিছত, খং ৰাগ শেষ হ’লত, ক’লো, – ‘বোলো শাৰী এখন কিনাৰ কথা কৈছিলা যে, আজি ওলাও নেকি?’

তেখেতে গহীনাই ক’লে, ‘টেণ্ডুলকাৰক এবাৰ খেলিবলৈ খেলপথাৰলৈ পঠিয়ালে, শূন্য মাৰিলে বুলি দুনাই খেলিবলৈ চাঞ্চ নিদিব নেকি কোনোবাই? ’

টেণ্ডুলকাৰৰ খেল চোৱাৰ সোৱাদেই বেলেগ, তাতে আমি মাহকেই হাহঁ বুলি খোৱা মানুহ৷ টেণ্ডুলকাৰে নব্বৈ পাৰ কৰাৰ লগে লগে ঘৰখন কাঁহ পৰি জিন যায়, ভয়তে কোনেও কালৈকো নাচায়, চকুৰ টিপ মাৰিবলৈ ভয় লাগে, জানোচা চেঞ্চুৰী নমৰাকৈ আউট হৈ যায়৷

সেইজনাই ডাবল চেঞ্চুৰী কোবোৱাৰ দিন সেইদিনা৷ চৌব্বিশ ফেব্ৰুৱাৰী দুহেজাৰ দহ৷

মোৰ কোলাত কেচুৱা৷ খেল আছে বুলি জানো, কিন্তু কাকো ঘুনাক্ষৰেও কথাটো কোৱা নাই৷ চাবলৈ নাপাও বুলি জানোৱেই, বৰঞ্চ গৃহস্থক সুবিধা কৰি দিয়াহে হ’ব৷ ঘৰুৱা কামৰ সময়ত কেঁচুৱাটোক এপাক ধৰি দিয়ে তেওঁ৷ খেল চলিলে সেয়া মুদাও মৰিব৷ অভিজ্ঞতাই মানুহক বহু কথা শিকায়! তেওঁ নাজানে যেতিয়া, ময়ো চুপচাপ আছো৷ প্ৰতিশোধৰ অগণিত দগ্ধ হিয়া মন৷

ইফালে টেণ্ডুলকাৰে তামাম খেলিছে৷ মাৰ ঘৰত ভাইটিহতে ধূপ-ধূনা জ্বলাই খেল চাইছে৷ তথাপি মোৰ নিচিনা এগৰাকী সমৰ্থকৰ অনুপস্থিতি সহ্য কৰিব নোৱাৰি বাৰে বাৰে মোলৈ মোবাইলত মেছেজ কৰি আছে, স্ক’ৰসহ বিৱৰণি৷

টিভি অ’ন আছিল৷ পিছে কিবা অন্য চেনেলৰ কিবা প্ৰ’গেম এটা৷ ঘৰখনত এনেকৈ টিভি অ’ন কৰি মানুহ কেইজন দূৰত কোনোবা ৰূমত কথা পাতি থকাটো পুৰণি অভ্যাস৷ সুযোগ ললো মই৷ কামৰ ফাঁকে ফাঁকে টিভিৰ ৰূমটোলৈ আহি আহি মাজে মাজে খেলখন আদিৰ পৰা অন্তলৈকে উপভোগ কৰিলোঁ৷ কি তীব্ৰ উত্তেজনাময়, টেণ্ডুলকাৰৰ অদমনীয় ইনিংচৰ সহায়ত ভাৰতৰ স্কৰ চাৰিশ এক, 401/3, দক্ষিণ আফ্ৰিকা 248, টেণ্ডুলকাৰৰ 25টা চাৰি, 3টা চিক্স, 200/147টা বলত৷ মোৰ তাতোতকৈ উত্তেজনা, মনে মনে খেলখন চোৱাৰ৷ ভ’লিউমটো যিমান পাৰি কমাই লওঁ৷ মাজে মাজে চেনেলটো সলাই ভলিউমটো বঢ়াই আঁতৰি গৈ কামত লাগো, পুনৰ আহি ভ’লিউমটো কমাই দিওঁ যাতে গৃহস্থই কোনোপধ্যেই গম নাপায়৷ প্ৰতিশোধ, অতি ঘোৰতৰ, মধুৰ প্ৰতিশোধ!

পিছত ভাতৰ পাতত লাহেকৈ ক’লো, ‘কাইলৈ ৰাতিপুৱাৰ খবৰ কাগজৰ হেড লাইন কি হ’ব পাৰে মই এতিয়াই ক’ব পাৰিম৷’

‘কি?’

‘টেণ্ডুলকাৰৰ ডাবল চেঞ্চুৰী৷’

‘অ’, খেলখন আছিল বুলি পাহৰি থাকিলোঁ নহয়, নক’লা কিয়?’

মই মাছৰ কাঁইট বছাত গুৰুত্ব দি তলমুৰ কৰি ভাত খাই থাকিলোঁ৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!