ঠিক এইখিনিতেই —– বিমান শইকীয়া

 

ঠিক এইখিনিতেই আইৰ সমাধিটো আছিল

পিতাইয়ে কৈছিল আইৰ কাষতে তেওঁকো ৰাখিবলৈ

নদীখনে সাজ সলালে
ভূগোল সলনি হ’ল

পিতাইৰ কথা ৰাখিব পৰা নহ’ল
আইৰ সমাধিটো হেৰাল

ঠিক এই খিনিতেই সময়বোৰ কলংকিত হ’ল

ইতিহাসক হত্যা কৰি নকৈ জন্ম দিয়াৰ আখৰা পতা হ’ল

আইৰ সমাধি হেৰুওৱাৰ দৰে কথাবোৰ নিৰুদ্দেশ

ইতিহাসে কোৱা কথাবোৰ এতিয়া মৰণ যন্ত্ৰনাত পিষ্ট

ঠিক এইখিনিৰ পৰাই চটফটনি বোৰ আৰম্ভ হ’ল

ঘোষা পাঠ কৰি পিতাইক বিদায় জনোৱাৰ দৰে

ৰাজকীয় মৰ্যাদাৰে সমাধি পতা হ’ল

মহাকালৰ বুকুত হেৰাল সোণালী ইতিহাস

পিতায়ে কৈছিল তেওঁ লাচিতৰ দেশৰ মানুহ
আছিল
গৌৰৱ আছিল এসোপা স্বাভিমান

কথাৰে কথাই পতা যুঁজ পাকত পৰি চাকত ঘুৰে

লাচিতৰ দেশতে হেৰাই দেশৰ লাচিত

কথাই প্ৰতি মুখত কথা
লাচিত আছিল নে নাছিল

ঠিক এই খিনিতে প্ৰাৰম্ভ হ’ল নকৈ ইতিহাস লিখাৰ আখৰা৷ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!