ডক্তৰেট পাবলৈ যোগ্যতা নথকা বিজ্ঞানীগৰাকী (মানসী গোস্বামী)

১৯২৫-২৬ চনৰ কথা। ৰক্ষণশীল, অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী কন্যাৰ আঠবছৰীয়া জন্মদিন আছিল সেইটো। আঢ্যৱন্ত পিতৃৰ অষ্টম সন্তানৰ মাজৰ সাত নম্বৰ সন্তান এই কন্যাগৰাকীয়ে এই জন্মদিনটোতে ভাঙিছিল এক নিয়ম। পৰিয়ালৰ পৰম্পৰা অনুযায়ী কন্যা সন্তানক জন্মদিন উপলক্ষে দিয়া হীৰাৰ কাণফুলিযোৰ একাষৰীয়া কৰি থৈ তাৰ পৰিৱৰ্তে বিচাৰিছিল “এনাইক্ল’পেডিয়া ব্ৰিটানিকাৰ সংগ্ৰহটো। খুব কম বয়সতে মহাত্মা গান্ধীৰ সমৰ্থনত চলা “ৱাইকম সত্যাগ্ৰহৰ (Vaikom) দ্বাৰা প্ৰভাৱিত হোৱা ছোৱালীগৰাকীয়ে পিছলৈ জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত হৈ খাদী বস্ত্ৰ পৰিধান কৰিবলৈ লয়। পৰিয়ালৰ আন আন কন্যা সন্তানৰ দৰে সোনকালে বিয়াত বহিবলৈ সন্মতি দিয়াৰ সলনি বিজ্ঞানৰ উচ্চ শিক্ষা ল’বলৈ মন মেলা ছোৱালীজনীয়ে এইক্ষেত্ৰত নিজৰ পৰিয়ালৰ পৰাও পোৱা নাছিল বিশেষ অনুপ্ৰেৰণা। তদুপৰি সেই সময়ত নাৰীৰ বাবে বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আছিল অনেক প্ৰত্যাহ্বান। তথাপি এক ব্যতিক্ৰমী চিন্তাধাৰাত বিশ্বাসী এইগৰাকী কন্যাই ১৯৩৯ চনত তেতিয়াৰ মাদ্ৰাজৰ প্ৰেসিডেন্সি কলেজৰ পৰা পদাৰ্থবিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত সন্মান সহকাৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। অসাধাৰণ মেধাৰ চানেকি দি তেওঁ স্নাতক পৰ্য্যায়তে গৱেষণা কৰিবলৈ লাভ কৰিলে এক বৃত্তি আৰু সেইসূত্ৰেই বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নোবেল বঁটা বিজয়ী প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী চি.ভি.ৰমণৰ অধীনত হীৰাৰ ষ্ফটিকৰ প্ৰতিপ্ৰভা (ফ্ল’ৰ’চেন্স) আৰু বৰ্ণালী সম্পৰ্কে গৱেষণা আৰম্ভ কৰে।

প্ৰায় পাঁচ বছৰ কাল নিৰৱচ্ছিন্ন গৱেষণাৰে তেওঁ ১৯৪৫ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ত দাখিল কৰে নিজৰ গৱেষণা-পত্ৰ। কিন্তু দুঃখজনকভাৱে বিশ্ববিদ্যালয়খনে তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰী নোহোৱাৰ অজুহাতত উক্ত গৱেষণা-পত্ৰখনক ডক্তৰেট ডিগ্ৰীৰ বাবে বিবেচনা নকৰিলে। লক্ষণীয়ভাৱে এই গৱেষণাৰ ভিত্তিতে তেওঁ ইংলেণ্ডত গৱেষণা কৰিবৰ বাবে এক চৰকাৰী বৃত্তিও লাভ কৰিছিল।

সময় পাৰ হ’ল। এইগৰাকী নাৰীয়ে এদিন নিজৰ শিক্ষা-নবিছি সম্পূৰ্ণ কৰি পুনেৰ ভাৰতীয় বতৰ-বিজ্ঞান বিভাগৰ যান্ত্ৰিকীকৰণ বিভাগৰ বিজ্ঞানী হিচাপে যোগ দিলে। নিজৰ কৰ্মজীৱনত অপৰিসীম মেধা আৰু দক্ষতাৰ পৰিচয় দি তেওঁ ভাৰতৰ বতৰ-বিজ্ঞান বিষয়ক গৱেষণাৰ বাবে দৰকাৰী সকলো যন্ত্ৰ-পাতি দেশতে নিৰ্মাণ কৰিব পৰা কৰি তুলিলে। কেৱল সেয়াই নহয়, নিজৰ কৰ্মজীৱনত তেওঁ দেশক দি গ’ল অজ’নস্তৰৰ গৱেষণাৰ বাবে প্ৰয়োজনীয় “অজ’নচণ্ডে” (ozonesonde) নামৰ যন্ত্ৰ, সৌৰশক্তি সম্পৰ্কীয় গৱেষণাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি তথা পৰিকাঠামো, বায়ুশক্তি সম্পৰ্কীয় অধ্যয়নৰ যন্ত্ৰ-পাতি তথা দৰকাৰী তথ্য। কেৰালাৰ থুম্বাস্থিত ৰকেট নিক্ষেপণ কেন্দ্ৰতো বতৰৰ অধ্যয়নৰ বাবে দৰকাৰী উচ্চমানৰ নিৰীক্ষণ কেন্দ্ৰ স্থাপনৰ কামো সফলভাৱে সম্পন্ন কৰিলে প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী বিক্ৰম চাৰাভাইৰ অনুৰোধ মৰ্মে। বতৰ-জলবায়ু, সৌৰশক্তি আদিৰ অধ্যয়নৰ বাবে যন্ত্ৰ-পাতিৰ প্ৰামাণিকীকৰণৰ কামত দেশৰ লগতে আন্তৰ্জাতিক পৰ্য্যায়তো যথেষ্ট অৱদান আগবঢ়াই যোৱা এই বিজ্ঞানীগৰাকীয়ে অৱসৰ লয় ভাৰতীয় বতৰ-বিজ্ঞান বিভাগৰ উপ-সঞ্চালক প্ৰধান হিচাপে। ভাৰতীয় বতৰ-বিজ্ঞান গৱেষণাক দৃঢ় কৰি যোৱা আৰু চিৰদিন সংগৃহীত তথ্যৰ শুদ্ধতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া আন্না মনি নামৰ এইগৰাকী বিজ্ঞানীয়ে ভুল তথ্য সংগ্ৰহ আৰু প্ৰকাশক এক অপৰাধ বুলি গণ্য কৰিছিল।

দুঃখৰ বিষয় ওৰে জীৱন নিষ্ঠাৰে বিজ্ঞানৰ সেৱাত নিজকে উৎসৰ্গা কৰা আন্না মনিৰ গৱেষণা-পত্ৰক আজিলৈকে ডক্তৰেট ডিগ্ৰী প্ৰদানৰ বাবে বিবেচনা কৰা নহ’ল আৰু আজিও সেইখন জমা দিয়া অৱস্থাতেই থাকি গ’ল! অৱশ্যে এই ডিগ্ৰীৰ গৰাকী হ’ব নোৱাৰাৰ কথাষাৰে নিজৰ কৰ্মময় বিজ্ঞানব্ৰতী জীৱনত খুব কমেই প্ৰভাৱ পেলাইছে বুলি প্ৰসংগক্ৰমে প্ৰকাশ কৰিছিল বিজ্ঞানীগৰাকীয়ে। সাম্প্ৰতিক সময়ত ভুৱা গৱেষণা আৰু তথ্য সম্পৰ্কীয় জালিয়াতিৰে নামৰ আগে-পিছে নানা উপাধি লোৱা তথাকথিত গৱেষকসকল আৰু বিজ্ঞানৰ নিষ্ঠাবান সাধক আন্না মনিৰ আদৰ্শগত পাৰ্থক্যৰ কথাটো সঁচাই চিন্তাকৰ্ষক!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!