ডলাৰ বনাম ভাৰতীয় মুল্য (-মানস দত্ত)

ডলাৰ বনাম ভাৰতীয় মুল্য

মানস দত্ত

 

যোৱা কেইবাদিনো ধৰি বাতৰি কাকতত প্ৰকাশ পাই আহিছে যে ভাৰতৰ ৰুপিৰ মূল্য আমেৰিকান ডলাৰৰ তুলনাত দ্ৰুতগতিত হ্ৰাস পাইছে৷ আজিৰ লেখাত কেনেকৈ এই বিনিময় হাৰ নিৰ্ধাৰিত হয় আৰু সাধাৰণ জনতাৰ ওপৰত কেনেকৈ প্ৰভাব পেলায় তাৰ ওপৰত এক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ৷

সাধাৰণতে মুদ্ৰাৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত(market) নিৰ্ধাৰিত হয়৷ ডলাৰৰ তুলনাত মাৰ্কেটত ৰুপিৰ চাহিদা যদি বেছি হৈ পৰে তেনেহ’লে ৰুপিৰ মূল্যও বেছি হৈ পৰে৷ বজাৰত পিঁয়াজৰ ষ্টক কম হ’লে পিঁয়াজৰ দাম বঢ়াৰ নিচিনা এই কথা৷ আনহাতে ৰুপিৰ চাহিদা কম যদি হয় তেনেহ’লে ৰুপিৰ মূল্যও কম হৈ পৰে৷ এই ৰুপি-ডলাৰৰ চাহিদা নিৰ্ভৰ কৰে বৈদেশিক মুদ্ৰাৰ গতিৰ দিশৰ ওপৰত৷ দেশখনলৈ বৈদেশিক মুদ্ৰাৰ সোঁত বৈছেনে নাই তাৰ ওপৰত নিৰ্ভৰ কৰে এই বিনিময় হাৰ ৷ দেশৰ আমদানি-ৰপ্তানি, বৈদেশিক বিনিয়োগ, সঞ্চয় আদিৰ ওপৰত নিৰ্ভৰ কৰে বৈদেশিক মুদ্ৰাৰ সোঁতৰ দিশ৷

যিমানেই ৰপ্তানি বেছি হয় সিমানেই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত ডলাৰৰ পৰিমাণ বাঢ়ি যায় (উদাহৰণৰ সুবিধাৰ্থে ডলাৰ লৈছো) বিদেশী ৰাষ্ট্ৰক ভাৰতৰ বস্তু কিনিবলৈ ৰুপিৰ দৰকাৰ পৰে৷ সেয়েহে তেওঁলোকে ডলাৰ দি ৰুপি কিনি লয়৷ ফলত ৰুপিৰ চাহিদা বজাৰত বাঢ়ি যায় আৰু তাৰ ফলস্বৰূপে ৰুপিৰ মূল্য বাঢ়ি যায়৷ তাৰ বিপৰীতে যেতিয়া অধিক আমদানি কৰিব লগীয়া হয় তেতিয়া আমি ডলাৰ পৰিশোধ কৰি বিদেশৰপৰা বস্তু কিনিব লগীয়া হয়৷ এই যে বস্তু কিনিবলৈ ডলাৰৰ প্ৰয়োজন হয় ই মাৰ্কেটত ৰুপিৰ তুলনাত ডলাৰৰ মূল্য বঢ়াই তুলে আৰু ফলস্বৰূপে ৰুপিৰ মান কমি যায়৷

যেতিয়া দেশৰ অৰ্থনীতি শক্তিশালী হয়, ভবিষ্যতে আৰু উন্নত হোৱাৰ সম্ভাৱনা থাকে তেতিয়া বিদেশী বিনিয়োগকাৰীয়ে ভাৰতত তেওঁলোকৰ ধন বিনিয়োগ কৰিবলৈ বিছাৰে৷ ফলস্বৰূপে মাৰ্কেটত ৰুপিৰ চাহিদা বাঢ়ি যায়৷ এনেদৰে যেতিয়াই দেশলৈ বৈদেশিক মুদ্ৰাৰ সোঁত বয় দেশখনৰ মুদ্ৰাৰ মূল্য বাঢ়ি যায়৷ ঠিক তেনেকৈ যেতিয়া এই সোঁতৰ দিশ বিপৰীত মুখী হয় তেতিয়া দেশৰ মুদ্ৰাৰ মূল্য তললৈ নামি আহে৷ দেশৰ অৰ্থনীতিৰ মন্দাবস্হা, চৰকাৰৰ দুৰ্বল নীতি বা দেশৰ ৰাজনৈতিক অৱস্থাৰ Instability আদি বিভিন্ন কাৰণত বিনিয়োগকাৰীয়ে দেশৰ অৰ্থনীতিৰ ভৱিষ্যতৰ ওপৰত শংকা প্ৰকাশ কৰে আৰু বিদেশত সেই ধন বিনিয়োগ কৰিবলৈ চেষ্টা কৰে৷ বিনিয়োগকাৰীয়ে বিশ্বাস কৰে যে ভাৰতৰ সলনি বিদেশত বিনিয়োগ কৰিলে তেওৰ ৰিটাৰ্ণ ভাল হ’ব৷ সেয়েহে তেও ৰুপি পৰিশোধ কৰি ডলাৰ কিনিবলৈ চেষ্টা কৰে৷ ফলস্বৰূপে ৰুপিৰ চাহিদা কমি যায় আৰু ডলাৰৰ মূল্য বজাৰত বাঢ়ি যায়৷ লগে লগে দেশত বিনিয়োগৰ পৰিমাণো কমি যায়৷

কিন্তু এই মুদ্ৰাৰ মানে অতি বেছি পৰিমাণে উঠা নমা কৰিলে দেশখনৰ চেন্ট্ৰেল বেংকে (ভাৰতৰ ৰিজাৰ্ভ বেংক) হস্তক্ষেপ কৰে মাজে মাজে ৷ ইয়াৰ বাবে কিছুমান পলিচি ৰিৰ্জাভ বেংকে হাতত লোৱা দেখা যায়৷ তাৰ ভিতৰত এটা হ’ল বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভৰপৰা ডলাৰ বেচা-কিনা কৰা৷৷
প্ৰত্যেক দেশৰে এটা বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভ থাকে৷ এই বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত বিভিন্ন দেশৰ বৈদেশিক মুদ্ৰা থাকে৷ দেশৰ সামগ্ৰীৰ ৰপ্তানিয়ে এই ৰিজাৰ্ভ বঢ়োৱাত সহায় কৰে৷ ঠিক তেনেদৰে আমদানিয়ে ৰিজাৰ্ভৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ কম কৰে৷ বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত থকা এই বিভিন্ন দেশৰ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি নিজ দেশৰ মুদ্ৰাৰ মূল্য নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ উদাহৰণ স্বৰূপে ৰুপিৰ মূল্য কমি গলে (ডলাৰৰ চাহিদা বাঢ়ি গলে) এই ৰিজাৰ্ভৰপৰা ডলাৰ বিক্ৰী কৰি বজাৰত ডলাৰৰ চাপ্লাই বঢ়াব পাৰি৷ চাপ্লাই বাঢ়ি গ’লে ডলাৰৰ মূল্য বৃদ্ধি কম হ’ব আৰু এনে কৰিলে ৰুপিৰ মূল্য বেছি তললৈ যোৱাৰ পৰা ৰোধ কৰিব পাৰি৷ ঠিক তেনেদৰে ৰুপিৰ মূল্য কমাবলৈ ৰিজাৰ্ভ বেংকে আন্তৰাষ্ট্ৰীয় বজাৰত ডলাৰ ক্ৰয় কৰিব পাৰে৷

আন এটা পলিচি হ’ল ইন্টাৰেষ্ট ৰেট বঢ়োৱা৷ ইয়াৰ উদ্দেশ্য হ’ল বিদেশী বিনিয়োগকাৰীক ভাৰতত বিনিয়োগ কৰিবলৈ আকৰ্ষিত কৰা যাতে তেওঁলোকৰ বিনিয়োগৰ কাৰণে ৰুপিৰ চাহিদা মাৰ্কেটত বৃদ্ধি হয় আৰু ৰুপিৰ মূল্য বাঢ়ি যায়৷ ঠিক তেনেদৰে ইন্টাৰেষ্ট ৰেট বৃদ্ধি কৰি ভাৰতীয় বিনিয়োগকাৰীৰ বিদেশত কৰা বিনিয়োগৰ পৰিমাণো হ্ৰাস কৰিব পাৰি৷ ইয়াতো যদি বিদেশলৈ বোৱা ধনৰ সোঁত নকমে তেন্তে ৰিজাৰ্ভ বেংকে বিদেশত কৰা বিনিয়োগত প্ৰতিবন্ধকতা লগাব পাৰে৷ কেইদিন মানৰ আগতে ৰিজাৰ্ভ বেংকে বিদেশত এজন ভাৰতীয়ই বিনিয়োগ কৰিব পৰা ধনৰ পৰিমাণৰ উচ্চ সীমা বান্ধি দিয়াৰ কাৰণ ইয়েই৷

এতিয়া আহোঁ বিনিময় হাৰে কিদৰে সাধাৰণ জনতাক প্ৰভাৱিত কৰে৷ দেশৰ মুদ্ৰাৰ মূল্য কমিলে বিদেশী সামগ্ৰীৰ দাম বাঢ়ি যায় যাৰ ফলত তুলনামূলকভাৱে আমদানিৰ খৰচ বাঢ়ি যায়৷ উদাহৰণ স্বৰূপে পেট্ৰলৰ দামৰ কথা ক’ব পাৰি৷ আজিকালি প্ৰায়েই পেট্ৰলৰ দাম কমা বঢ়া দেখা যায়৷ আন্তৰাষ্ট্ৰীয় বজাৰত ক্ৰোদ অইলৰ (crude oil) দাম কমা-বঢ়াৰ লগতে ভাৰতীয় মুদ্ৰাৰ ( ৰুপি) মূল্যৰ সঘনে উঠা নমা কৰাই তাৰ এটা প্ৰধান কাৰণ৷ ৰুপিৰ মূল্য যদি কম হয় তেন্তে একে পৰিমাণৰ পেট্ৰল আমদানি কৰিবলৈ তেল কোম্পানীবোৰে আগতকৈ অধিক খৰচ কৰিবলগীয়া হয় যাৰ ফলত সাধাৰণ জনতাই অধিক দামত পেট্ৰল কিনিবলগা হয়৷ উদাহৰণ স্বৰূপে crude oil আন্তৰাষ্ট্ৰীয় বজাৰত ডলাৰত কিনা হয়৷ এতিয়া ধৰক আজি ১ লিটাৰ পেট্ৰলৰ মূল্য ১ ডলাৰ আৰু ডলাৰ ৰুপিৰ বিনিময় হাৰ হ’ল ১ ডলাৰ=৫০ টকা ৷ এনেক্ষেত্ৰত ১ লিটাৰ পেট্ৰল কিনিবলৈ তেল কোম্পানীয়ে আজি ৫০ টকা দিব লাগিব৷ এতিয়া ধৰি লওক কালিলৈ বিনিময় হাৰ হ’লগৈ ১ডলাৰ=৬০ টকা৷ তেন্তে তেল কোম্পানীয়ে কালিলৈ সেই একেই ১ লিটাৰ পেট্ৰল কিনিবলৈ ৬০ টকা দিব লাগিব৷ ঠিক তেনেদৰে নিত্য ব্যৱহাৰ্য্য যিবোৰ সামগ্ৰী বিদেশৰপৰা আমদানি কৰা হয়, দেশৰ মুদ্ৰাৰ মূল্য কম হ’লে সেইবিলাক সামগ্ৰীৰ দাম বাঢ়ি যায় আৰু সাধাৰণ ৰাইজক জুৰুলা কৰে৷

বহুতে বৈদেশিক মুদ্ৰাৰ মূল্যৰ তুলনাত নিজ দেশৰ মুদ্ৰাৰ মূল্য কমি গলে আক্ষেপ কৰে৷ সেয়া স্বাভাৱিক৷ কিন্তু বহুতো এনে দেশ আছে যি জানি বুজিয়েই নিজৰ মুদ্ৰাৰ মূল্য কম কৰি ৰাখে৷ সাধাৰণতে চীনে এইধৰণে নিজৰ মুদ্ৰাৰ মূল্য কম কৰি ৰাখে বুলি আমেৰিকাই বহুত সময়ৰেপৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা দেখা গৈছে৷

সাধাৰণতে দেখা যায় মুদ্ৰাৰ মূল্য কমি গ’লে এখন দেশৰ ৰপ্তানিৰ পৰিমাণ বাঢ়ি যায়৷ ইয়াৰ মূল কাৰণ হ’ল যেতিয়া নিজ দেশৰ মুদ্ৰাৰ মূল্য বৈদেশিক মুদ্ৰাৰ মূল্যতকৈ কমি যায়, বিদেশৰ মানুহৰ বাবে সেই দেশৰ বস্তুবিলাক সস্তা হৈ পৰে৷ ফলস্বৰূপে সেই দেশৰ পৰা তেওলোকে কম খৰচতে বেছিকৈ সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰে৷ উদাহৰণ স্বৰূপে ধৰি লোৱা হওক ভাৰতৰ এজন চাহ ব্যৱসায়ীয়ে এক কিলো চাহ ৫০ টকাত বিক্ৰী কৰে৷ যদি আজি ১ ডলাৰ= ৫০ টকা তেন্তে এজন আমেৰিকানে আজি এক কিলো চাহ ক্ৰয় কৰিবলৈ ১ ডলাৰ পৰিশোধ কৰিলেই হ’ব৷ কিন্ত ৰুপিৰ মূল্য কম হৈ কালিলৈ যদি ১ ডলাৰ=৬০টকা হয় তেন্তে কালিলৈ সেই একেই ১ কিলো চাহ কিনিবলৈ ০.৮৩ ডলাৰ দিলেই হব৷ অথাৎ ভাৰতীয় চাহ আমেৰিকানজনৰবাবে সস্তা হৈ পৰিল৷ অন্যহাতে ইয়াৰ কাৰণে চাহ ব্যৱসায়ীজনৰ চাহ ৰপ্তানি কৰিবলৈ অধিক সুবিধা হৈ পৰিল৷ আজিৰ প্ৰতিযোগিতামূলক মূল্যৰ দিনত এনে সস্তা হৈ পৰা সামগ্ৰীয়ে এখন দেশৰ ৰপ্তানিৰ দিশটো সৱল কৰি ৰখাত বহুপৰিমাণে সহায় কৰে৷

এতিয়া আহোঁ চীনৰ প্ৰসংগলৈ৷ চীনৰ অৰ্থনীতি বহু পৰিমাণে ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল৷ সেয়েহে চীনৰ কাৰণে নিজৰ দেশৰ সামগ্ৰী আন্তৰাষ্ট্ৰীয় বজাৰত আন দেশৰ সামগ্ৰীতকৈ তুলনামূলকভাৱে অধিক প্ৰতিযোগিতামূলক কৰি ৰাখিবলৈ চীনৰ মুদ্ৰাৰ মূল্য কম কৰি ৰখাটো অতিকে জৰুৰী৷ সেয়েহে চীনে নিজৰ মুদ্ৰাৰ মান নিৰ্ধাৰণ কৰাটো আন্তৰাষ্ট্ৰীয় বজাৰৰ ওপৰত এৰি নিদি নিজেই হস্তক্ষেপ কৰি সদায়ে চীনৰ মুদ্ৰাৰ মান কম কৰি ৰাখে বুলি বাকী ৰাষ্ট্ৰবিলাকে অভিযোগ উত্থাপন কৰিছে৷ উদাহৰণ স্বৰূপে ডলাৰ’ৰ মূল্য কমি গলে চীনে আমেৰিকান ট্ৰেজাৰিৰ জৰিয়তে (us treasuries) ডলাৰ কিনে যাতে ডলাৰৰ মূল্য বাঢ়ি যায়৷ ফলস্বৰূপে চীনা মুদ্ৰাৰ মূল্য তুলনামূলক ভাবে কম হৈ থাকে আৰু চীনত উৎপাদিত সামগ্ৰী competitive হৈ থাকে ৷৷

 

এতিয়া ৰুপিৰ মূল্যৰ অৱনমনে ষ্টক, বিনিয়োগ, ৰপ্তানি-আমদানিৰ পৰা নিলগত থকা অসমৰ ৰাইজৰ জীৱনত কেনে প্ৰভাব পেলাব পাৰে তাৰে ৫ টা দিশ থোৰতে অৱলোকন কৰা হ’ল  –

১) যিবিলাক সামগ্ৰী আমি বাহিৰৰপৰা আমদানি কৰো- তেনে সামগ্ৰীৰ দাম অতি সোনকালেই বঢ়াৰ সম্ভাৱনা আছে৷ তাৰ ভিতৰত পেট্ৰল- ডিজেল আৰু সোণ উল্লেখযোগ্য৷ ভাৰতৰ আমদানিৰ এক বুজন অংশ খাৰুৱা তেল আৰু সোণে অধিকাৰ কৰে৷ সেয়েহে ৰুপিৰ মূল্য কম হোৱাৰ লগে লগে পেট্ৰল ডিজেলৰ লগতে সোণৰ দাম বৃদ্ধি হোৱাটো স্বাভাৱিক৷

কিন্তু ডিজেলৰ মূল্যৰ সমান্তৰালভাৱে বৃদ্ধি পাব খাদ্য সামগ্ৰীৰ মূল্য, পৰিৱহণত অধিক খৰচ কৰিবলগীয়া হ’ব৷

২)খাদ্য সামগ্ৰীৰ তালিকাত পালচ, তেল আদিৰ দাম বাঢ়িব পাৰে৷ কিয়নো ইয়াৰ বেছিভাগেই ভাৰতে আমদানি কৰে৷ ঠিক একেদৰে FMCG (fast moving consumer goods) সামগ্ৰীৰ দাম বৃদ্ধি পাব৷

৩) ল’ন ত অধিক ইন্টাৰেষ্ট দিব লাগিব

ৰিজাৰ্ভ বেংকে ইতিমধ্যে ভাৰতত বিনিয়োগৰ কাৰণে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ ইন্টাৰেষ্ট ৰেট বৃদ্ধি কৰিছে৷ ইয়াৰ সমান্তৰাল ভাবে আপুনি মই লোৱা বেংকৰ ল’নৰ সুত বেছিকৈ পৰিশোধ কৰিব লাগিব (যদিহে ইতিমধ্যে আপুনি ল’ন লৈছে আৰু সুত floating interest হ’লে) ৷ ঠিক তেনেকৈ নতুন ল’ন ল’বলৈ গ’লে অধিক সুতত ল’ন ল’ব লাগিব৷৷ এয়া গৃহ ল’ন, কাৰ ল’ন, শিক্ষাৰ বাবে লোৱা ল’ন সকলোতে প্ৰযোজ্য৷

বিশেষকৈ বাহিৰত পঢ়িবলৈ যোৱা বিদ্যাৰ্থীৰ কাৰণে খৰচৰ পৰিমাণ যথেষ্ট বাঢ়ি যাব৷

৪) বিদেশ ভ্ৰমণ অধিক খৰচী হ’ব৷ এই সময়ত বিদেশ ভ্ৰমণ নকৰাই ভাল৷ অন্যহাতে বিদেশী পৰ্যটকৰ বাবে ভাৰত ভ্ৰমণৰ বাবে অতি উপযুক্ত সময়৷ অতি কম খৰচতে ভাৰত ভ্ৰমণ কৰিব পাৰিব৷ সেইফালৰপৰা চাবলৈ গলে tourism industry ৰ কাৰণে ভাল সময় ৷৷

৫) নতুনকৈ গাড়ী কিনিব বিচাৰিছে যদি গাড়ীৰ দাম বঢ়াৰ সম্ভাৱনা অধিক৷ কিয়নো অধিকাংশ গাড়ী, মটৰ বাইকৰ নিৰ্মাতাই পাৰ্টছ বাহিৰৰপৰা আমদানি কৰে৷ গতিকে নিৰ্মাতাৰ খৰচ বঢ়াটো স্বাভাৱিক৷

ঠিক তেনেদৰে ঘৰ নিমাৰ্ণৰ বাবে দৰকাৰী সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব পাৰে৷ কাৰণ industry ৰ মূল ইন্ধন ডিজেল, কয়লাৰ ( কয়লাও আমদানি কৰে ভাৰতে) মূল্য বৃদ্ধিয়ে চিমেন্ট, ষ্টিলৰ দাম নিশ্চয় বৃদ্ধি কৰিব

শেহত কও যে এইয়া এক সম্ভাব্য ভৱিষ্যতৰ আলোকপাতহে৷ ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে পলিচিৰ যঠেষ্ট সাল সলনি কৰিছে যোৱা কেইমাহত৷ আশা কৰো অতি সোনকালেই ৰুপিয়ে আকৌ ডলাৰক টক্কৰ দিবলৈ সক্ষম হ’ব৷৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!