ডাক্তৰ বন্ধুৰ ফাৰ্মেচীত – পঙ্কজ নেওগ

ডাক্তৰ বন্ধুৰ ফাৰ্মেচীত

পঙ্কজ নেওগ

অসমৰ সৰু-বৰ চহৰত ডাঙৰ ডাঙৰ হৰ্ডিং আৰু বাতৰিকাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপনেৰে প্ৰচাৰিত হৈছে এক ঔষধ-নহয়, ঔষধ নহয় টনিক। ঔষধতো বেমাৰ হ’লেই খায়, কিন্তু টনিক? এজন ব্যক্তিৰ প্ৰাকৃতিকভাৱে যিখিনি আছে তাক আৰু উচ্চ, সৰ্বোচ্চতম সীমালৈ কঢ়িয়াই নিবলৈকে যেন এই টনিক! ব্ৰেনোলিয়া-বিজ্ঞাপনত উল্লেখ কৰা টনিকটোৰ নাম। দাবী কৰা হৈছে স্মৃতিশক্তি আৰু স্বাস্থ্য সতেজ ৰখাৰ উত্কৃষ্ট টনিক হেনো এইবিধ। অভ্যাসবশতঃ ফাৰ্মেচী দুই এখনত খবৰ কৰিছিলো-ব্ৰেনোলিয়া আছে নে নাই, দুই তিনিবাৰ খবৰ কৰিছিলো-নাই, আনিলেই শেষ হৈ যায়।
আচৰিত!

কেতিয়াবা ভাব হয়, টকা-পইচা গোটাই টনিকৰ ব্যৱসায়তেই নামো নেকি! এদিন ফাৰ্মেচী এখনত ৰৈ থাকোতেই ডাক্তৰৰ ব্যৱস্থা-পত্ৰ লৈ এজন আদহীয়া লোকে ব্ৰেনোলিয়া বিচাৰি আহিলে। বেছ হাততে চিকাৰ! কোন ডাক্তৰে ব্যৱস্থা-পত্ৰ দিছে, কাৰ কাৰণে লাগে আদি সুধিলোঁ। উত্তৰত পালোঁ-ছোৱালীজনী অষ্টমমান শ্ৰেণীত পঢ়ে, অংকৰ ফৰ্মূলা একদম মনত নাথাকে, আজিৰ বাতৰিত বিজ্ঞাপন দেখিলে ব্ৰেনোলিয়াৰ, তথাপি খুওৱাৰ আগতে ডাক্তৰৰ লগত পৰামৰ্শ লৈ এয়া কিনিবলৈ আহিছে। সুধিলো-কেলেই? ৰাতিপুৱা গধূলি ভালদৰে গাখীৰ খুৱালেচোন এই টনিকৰ প্ৰয়োজন নাই? কথা শুনি মানুহজনে মোলৈ অলপ দেৰি ঘোপাকে চাই থাকিল। তাৰ পিছত আলফুলে টনিকৰ বটলটো লৈ গাড়ীত উঠি গ’লগৈ। ফাৰ্মেচী মালিকৰ তাচ্ছল্যৰ হাঁহিটো হজম কৰি কোনোমতে কৈছিলোঁ- ব্ৰেনোলিয়া খাই সেইটোহে মগজ হৈছে। নাই কেৱল ব্ৰেনোলিয়াক দোষ দি কি লাভ-হাজাৰ হাজাৰ ব্ৰেইন টনিকে ৰমৰমাই আছে বজাৰ। কিয় এই আসক্তি?
আগতে মানুহে বিশ্বাস কৰিছিল ঈশ্বৰক। আজিকালি ঈশ্বৰ বিশ্বাসৰ পৰিপূৰক হিচাপে ঔষধ বেপাৰীয়ে আনিলে টনিক। ‘হৰেকৰকমৰ টনিকৰ ভিতৰত আজি বজাৰত ব্ৰেইন টনিকৰ সমাদৰ বেছি। যেতিয়াই বিজ্ঞানে ক’লে মানুহৰ মূৰৰ মাজত থকা ব্ৰেইন বা মগজুৰ ওপৰতেই শৰীৰৰ সকলো প্ৰক্ৰিয়াই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দায়বদ্ধতা থাকে, তেতিয়াই আৱিস্কাৰ হ’ল ব্ৰেইন টনিক। এই টনিকেৰে যেন অহৰ্নিশে পূজিব লাগিব ব্ৰেইনক-নহ’লে সকলো খেলি-মেলি হ’ব। কিন্তু চিকিৎসা বিজ্ঞানৰ ক’তোৱেই টনিক খাই ব্ৰেইন শক্তিশালী কৰাৰ কথা উল্লেখ নাই। স্মৃতিশক্তি বঢ়োৱা, বুদ্ধি বঢ়োৱা আদিৰ প্ৰতি মানুহৰ দুৰ্বলতাৰ সুযোগতেই চিকিৎসা বিজ্ঞানক বুঢ়া আঙুলি দেখুৱাই টনিকৰ ব্যৱসায় চলি আছে।
জেনেটিক তত্ত্ব, সামাজিক পৰিৱেশ আৰু অভ্যাস আদি লৈ স্মৃতিশক্তি, বুদ্ধি বঢ়োৱা আদি বিষয়ত আলোচনা কৰিব পাৰি। কিন্তু টনিক! এয়া মূৰ্খামিৰ বাহিৰে আন একো নহয়। কেইবিধমান ভিটামিন, কিছু অদৰ্কাৰী বস্তু আৰু এটা সুন্দৰ গোন্ধ মিলাই, এটি সুন্দৰ নাম দি, সুন্দৰ পেকিঙেৰে এনেদৰে এবিধ টনিক বজাৰত উলিয়াই দিয়া হয় যে, তাৰ এচামুচ খালেই যেন গাধয়ো সংস্কৃত ‘শ্লোক মাতিব পৰা হ’ব! ব্ৰেনোলিয়া। কেৱল নাম হী কাফী হে!’ তেনেদৰে ‘নেভ্ৰোভিটামিন ফ’ৰ। আৰু এখোপ চৰা- যেন ‘নিউৰো’ৰ বাবে প্ৰয়োজনীয় সকলো ভিটামিনেৰে শক্তিশালী এই টনিক। কিন্তু মগজুক ভিটামিনৰ কি প্ৰয়োজন আছে আৰু এনেদৰে দিয়া ভিটামিন কামত আহে বুলি কোনো চিকিৎসা শাস্ত্ৰত উল্লেখ নাই। তেনেকৈ নাৰ্ভৰ নামত “নাৰ্ভিটোন”। কিন্তু আপুনি কাক ক’ব কোনে শুনিব?
এদিন ডাক্তৰ বন্ধুৰ লগত বিৰাট তৰ্ক। তেওঁ বেছ বিজ্ঞৰ দৰে কৈ গ’ল- “শুনা, “গ্লিচাৰোফচফেট’ মানুহৰ স্নায়ুকোষত থাকে। এইবিধ বস্তু কমি গ’লে ব্ৰেইন, নাৰ্ভ দুয়োটাই দুৰ্বল হৈ যায়-গতিকে তেতিয়া এই গ্লিচাৰোফচফেট থকা টনিক খাবলৈ দিয়া হয়। নাজানি নুবুজি মূৰ্খৰ দৰে মানুহক বিপথে পৰিচালিত নকৰিবাচোন”।
ভিজা মেকুৰী হৈ বন্ধুৰ চেম্বাৰৰ পৰা ওলাই আহিছিলোঁ। পিচত দেখিলো এসোপা গ্লিচাৰোফচফেট থকা ঔষধ- ফচফোটন, ফচফোমিন, টেনোফচ। তথাপিও মনে নামানিলে। চিকিৎসা বিজ্ঞানৰ পাত লুটিয়াই তন্ন তন্ন কৰি চোন নাৰ্ভক গ্লিচাৰোফচফেট যোগান ধৰাৰ কথা বিচাৰি নেপাওঁ! অৱশেষত পালো- গ্লিচাৰোফচফেট-শৰীৰে নিজেই খাদ্য সম্ভাৰৰ পৰা গোটাই লয়। তৈয়াৰী অৰ্থাৎ কৃত্ৰিম গ্লিচাৰোফচফেটৰ এটা কণাও স্নায়ুৱে গ্ৰহণ নকৰে। মেডিকেল জাৰ্ণেলৰ সেই আপুৰুগীয়া লাইন কেইটাৰ ফটোকপি কৰি ডাক্তৰ বন্ধুৰ ওচৰলৈ দৌৰি গৈছিলোঁ। পিছে ইতিমধ্যেই টনিক প্ৰেচক্ৰাইব কৰি টনিক কোম্পানীৰ পৰা উপহাৰ পোৱা টিভি চোৱাত ব্যস্ত বন্ধুৱে হাঁহি এটা মাৰি বিৰক্তিৰে ক’ৰবাৰ পৰা খুচৰি প্ৰচাৰ পত্ৰ এখন উলিয়াই দিলে-য’ত লিখা আছে তেওঁ টনিকৰ সপক্ষে কোৱা কথাখিনি। টনিক কোম্পানীৰ সেই প্ৰচাৰ পত্ৰখন মোৰ হাতত দি ক’লে-ক’ৰপৰা গোটাই আনাহে এই টুকুৰা টুকুৰী কাগজ? এইখন চোৱা আৰ্ট বৰ্ডত কি ধুনীয়া প্ৰিণ্টিং- লৈ যোৱা লাগে যদি। মনে মনে ক’লো-বেটা মৌজ কৰিছ-তোৰ টেলিভিছন আৰু এই ৰঙীন পুস্তিকাৰ পইচাও যে অনৰ্থক টনিক কিনাবোৰে দিব লগা হৈছে খবৰ নাই। বন্ধুক মেডিকেল জাৰ্ণেলৰ পাতখিলা লৈ বুজাবলৈ চেষ্টা কৰিলোঁ। অৱশেষত- বন্ধুৱে ক’লে-“চোৱা, তোমাৰ হাতত জাৰ্ণেল আছে, মোৰ হাতত পুস্তিকা আছে-ধৰিলোঁ মই আজি জাৰ্ণেল মতে টনিকটো ৰেফাৰ নকৰিলো কাকো। তাৰ পিচত তুমি খবৰ কৰিবাচোন-কিমান মূৰ্খই নিজে বিজ্ঞাপন চাই টনিক কিনি খাইছে”।
এয়ে আমাৰ ডাক্তৰ বন্ধু! মাটিৰ বাবে যেনেকৈ চুপাৰ ফচফেট-মগজুৰ বাবে গ্লিচাৰোফচফেট!! অথচ আজিলৈকে মানুহৰ দেহৰ স্নায়ুকোষত গ্লিচাৰোফচফেটৰ অভাৱ বিশ্বৰ ক’তো হোৱা নাই। কিন্তু কি কৰিব? টনিক কোম্পানীয়ে কৈছে-গতিকে স্নায়ুকোষক সেইবিধ সাৰ যোগান ধৰিবইতো লাগিব!
‘সেইদৰে তিনিবিধ ভিটামিনৰ টনিক আৰু ইনজেকচন ডাক্তৰসকলৰ বৰ প্ৰিয়। বি১, বি৬ আৰু বি১২। কিন্তু অতি পৰিতাপৰ কথা নিউৰোবিয়ান, এৰিষ্টনিউৰোন আদি ভিটামিন ইনজেকচনবোৰ শৰীৰটোক যে কেতিয়া প্ৰয়োজন হয় সেয়া চিকিৎসা বিজ্ঞান পঢ়া কোনো লোকেই নাজানে। জানে ইয়াৰ ব্যৱসায়ীসকলৰ প্ৰচাৰপত্ৰ পঢ়াসকলেহে। তেওঁলোকে কয় স্নায়ুকোষক এইবোৰ বস্তু লাগে আৰু স্নায়ুকোষত এই তিনিবিধ ভিটামিন যোগান ধৰি থাকিব লাগে। কিন্তু, কেতিয়া আৰু কেনেকৈনো এই তিনিবিধ ভিটামিন স্নায়ুকোষত কমি যাব পাৰে সেই কথাই উল্লেখ নাই চিকিৎসা বিজ্ঞান শাস্ত্ৰত। গতিকে বেপাৰীবোৰে আমি ক’ব খোজা কথা যুক্তিৰে খণ্ডাব পাৰিবনে? তেওঁলোকে নিম্নলিখিত ছটা সিদ্ধান্তক প্ৰত্যাহ্বান হিচাপে লওঁকঃ

১) টনিক এটা অন্ধ বিশ্বাস,
২) টনিক খাই শৰীৰৰ একো লাভ নহয়,
৩) মগজুক টনিকেৰে উন্নত, সুস্থ কৰিব নোৱাৰি;
৪) স্নায়ুক টনিক, ভিটামিন ইনজেকচনেৰে একো যোগান ধৰিব নোৱাৰি;
৫) অপ্ৰয়োজনত ভিটামিন গ্ৰহণ কৰি থাকিলে ৰোগহে হয়;
৬) টনিকৰ নামত পইচা পানীত পেলোৱা হয়।

এইবোৰকে বলকি আছিলোঁ বন্ধুৰ ফাৰ্মেচীত ৰৈ। বন্ধুৱে বটল এটা দি ক’লে-‘বাদ দে, বাদ দে এইবোৰ। এইটো কাঁহৰ ঔষধ। খাই দে। ভাল এলক’হল আছে। চিন্তাৰ পৰা মুক্ত হ’ব পাৰিবি-এইকেইদিন বিৰাট বিক্ৰী হৈছে- নে। পিচে জ্বলা জুইত ঘিউহে ঢালিলে।।

LIST OF DRUGS BANNED FOR MARKETING IN INDIA

ভাৰতৰ বজাৰত নিষিদ্ধ ঔষধবোৰৰ কেইবিধমান

The Government of India vide notifications published in the Gazette of India vide G.S.R. No. 578 (E) dated 23/07/1983 and subsequent amendments, made under Section 26 A of Drugs and Cosmetics Act, 1940 has prohibited the manufacture, sale and distribution of the following categories.
তলত উল্লেখ কৰা ঔষধবোৰ ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ভাৰত চৰকাৰৰ গেজেটত প্ৰকাশ পোৱা এক জাননী (G.S.R. No. 578 (E) dated 23/07/1983) যোগে ঔষধ আৰু প্ৰসাধন আইন, ১৯৪০ৰ অধীনত ২৩ জুলাই ১৯৮৩ ত প্ৰথম ঔষধৰ বিক্ৰী, প্ৰস্তুত আৰু বিতৰণ নিষিদ্ধ কৰে। এই আইনৰ ধাৰা ২৬ (ক) ৰ অধীনত আনুসাংগিক সংশোধনেৰে বৰ্তমানলৈকে ৮০ বিধ বুনিয়াদী ঔষধ নিষিদ্ধ কৰে। এই ঔষধবোৰ বুনিয়াদী নামত উল্লেখ কৰা হ’ল। বুনিয়াদী নাম আৰু তাৰ পৰিমাণ প্ৰত্যেক ঔষধৰ ওপৰৰ আৱৰণী বা বটলৰ ওপৰত থকা লেবেলত লিখা থাকে। অধ্যাদেশৰ বিপৰীতে নিষিদ্ধ কৰা ঔষধবোৰৰ তালিকা দিয়া হ’ল। অধ্যাদেশ জাৰি কৰা তাৰিখৰ পৰা এইবোৰ নিষিদ্ধ কৰা হৈছে:
জাননী : G.S.R. No. 578 (E) dt 23-07-1983 1. Amidopyrine ১) এমাইড’পাইৰিন: এই ঔষধ বেদনানাশক হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই বুনিয়াদী ঔষধ থকা যি কোনো ঔষধ ব্যৱহাৰ কৰাৰ ফলত হোৱা ক্ষতিকাৰক প্ৰভাৱৰ প্ৰমাণ পোৱাৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰত এই ঔষধবিধ ত্ৰিছৰ দশকতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়। পৃথিৱীৰ কোনো এখন উন্নয়নশীল দেশতে ইয়াৰ প্ৰচলন নাই। এই দ্ৰৱ্য ব্যৱহাৰ কৰিলে তেজৰ শ্বেতৰক্ত কণিকাৰ তৈয়াৰ কাৰ্য্য বন্ধ হৈ যায় আৰু ৰোগীৰ মৃত্যু হোৱাটোও অস্বাভাৱিক নহয়। ইয়াক Agranulocytosis বোলা হয়। নিষিদ্ধ ঘোষণা হোৱাৰ তিনিবছৰমান পাচলৈকে বিভিন্ন ঔষধত এই দ্ৰব্যবিধ মিহলোৱা দেখা গৈছিল। কিন্তু পাচত সেয়া বন্ধ হ’ল। ঔষধ কোম্পানীবোৰে উক্ত ঔষধবোৰৰ পৰা এমাইড’পাইৰিন আঁতৰাই তাৰ ঠাইত প্ৰোফিফেনাজন আৰু পেৰাছাইটাম’ল নামৰ দ্ৰৱ্য দুবিধ মিহলাবলৈ আৰম্ভ কৰিলে। কিছুমান এনালজিন মিহলালে। কিন্তু আচৰিত হ’ব লগা কথা যে, প্ৰোফিফেনাজন নামৰ দ্ৰব্যবিধৰ উল্লেখ কোনো চিকিৎসা শাস্ত্ৰত উল্লেখ নাই আৰু ইয়াৰ লাভ বা ক্ষতি সম্পৰ্কে কোনো পৰীক্ষাও হোৱা নাই। আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ ২৫০ টা প্ৰয়োজনীয় ঔষধৰ ভিতৰত এনালজিনৰ নাম নাই। বহুদেশে এনালজিনক এমাইড’পাইৰিনৰ সমানেই ক্ষতিকাৰক বুলি নিষিদ্ধ ঘোষণা কৰিছে।
2. Fixed dose combinations of vitamins with anti-inflammatory agents and tranquilizers.
২) ভিটামিনৰ লগত প্ৰদাহৰোধী আৰু স্নায়ু শিথিলকাৰীৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰিত ঔষধ: ইয়াক অবৈজ্ঞানিক আৰু অপ্ৰয়োজনীয় মিশ্ৰণ বুলি নিষিদ্ধ কৰা হৈছে। স্নায়ুশিথিলকাৰী ঔষধ বহুদিন ধৰি ব্যৱহাৰ কৰিলে এনে ঔষধৰ প্ৰতি আসক্তিৰ সৃষ্টি হয়। আনহাতে, এনেবোৰ ঔষধ যিবোৰৰ কাৰণত ব্যৱহাৰ কৰা দেখা যায়-তেনে কাৰণত কেৱল প্ৰদাহৰোধী ঔষধ এককভাৱে ব্যৱহাৰ কৰিলেই বেছি ভাল ফল পোৱা যায়। ইয়াৰ লগত ভিটামিন বা স্নায়ুশিথিলকাৰী মিহলালে কোনো উপকাৰ সাধন নকৰে।
3. Fixed dose combinations of Atropine and Analgesic and Antipyretics.
৩) বেদনানাশক আৰু জ্বৰ কমোৱা ঔষধৰ লগত এট্ৰ’পিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: আমাৰ দেহৰ অনৈচ্ছিক পেশীসমূহৰ হঠাতে কেতিয়াবা সংকোচন বা প্ৰসাৰণ ঘটে অস্বাভাৱিকভাৱে। ইয়াৰ অসহ্যকৰ বেদনা অনুভূত হয়। যেনে-আলচাৰ, ষ্ট’ন আৰু অন্ত্ৰ, পাকস্থলী, মূত্ৰনলী, পিত্তথলী আদিৰ সংকোচনৰ ফলত অনুভূত হোৱা বেদনা কমোৱাৰ ক্ষেত্ৰত এট্ৰপিনৰ একক ব্যৱহাৰ যথেষ্ট কাৰ্য্যক্ষম।
আনহাতে, সাধাৰণ বেদনা আৰু জ্বৰনাশৰ বাবে-যেনে, মাংসপেশী, গাঠিৰ বিষ, দাঁতৰ বিষ আৰু এই বিষৰ পৰা হোৱা জ্বৰ কমাবৰ বাবে বেদনানাশক আৰু জ্বৰ নিবাৰক ঔষধ যেনে, পেৰাচিটামল, এছপিৰিন, ইবুপ্ৰফেন আদি ঔষধ বেছি কাৰ্য্যক্ষম। এই দুয়োবিধ ৰোগ পৃথক আৰু ইহতৰ কাৰ্য্যকাৰিতাও পৃথক। এট্ৰপিনে যি বিষ নাশ কৰে, সাধাৰণ জ্বৰ আৰু বেদনানাশক ঔষধে সেয়া কৰিব নোৱাৰে। আনহাতে এট্ৰপিনৰো ঐচ্ছিক পেশীৰ বিষ কমোৱাত দক্ষতা কম। এট্ৰপিনে দেহৰ উত্তাপ বঢ়াই দিয়ে, কিন্তু জ্বৰ আৰু বিষনাশক ঔষধে দেহৰ উত্তাপ কমাই দিয়ে। এট্ৰপিন ব্যৱহাৰ কৰিলে-মুখ শুকাই যোৱা, চকুত চানিপৰা, নিদ্ৰাহীনতা, ঘাম ওলোৱা বন্ধ হোৱা আদি পাৰ্শ্বক্ৰিয়া দেখা যায়।
4. Fixed dose combinations of Strychnine and Caffeine in tonics. ৪) ষ্ট্ৰিকনিন আৰু কেফেইন নিৰ্দিষ্ট পৰিমাণত মিশ্ৰিত টনিক: প্ৰকৃততে টনিক বস্তুটোৱেই অবৈজ্ঞানিক। চৰকাৰে টনিকক ঔষধ হয়ো, নহয়ো-এনে এটাত সীমিত ৰাখিছে। আচলতে, টনিকৰ পৰা কিবা লাভালাভ হোৱা কথাটো ব্যৱহাৰকাৰীৰ টনিকৰ ওপৰত থকা বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰে। কাৰণ ই লাভ কৰাতকৈ ইয়াত থকা নানা অ-প্ৰয়োজনীয় আৰু ক্ষতিকাৰক দ্ৰব্যই মানৱদেহৰ ক্ষতিহে কৰে আটাইবোৰ টনিক নিষিদ্ধ কৰা প্ৰয়োজন যদিও অতি ক্ষতিকাৰক আৰু অপ্ৰয়োজনীয় বুলিহে এই মিশ্ৰণ নিষিদ্ধ ঘোষণা কৰা হৈছে।বহু বছৰৰ আগতে ষ্ট্ৰিকনিনৰ ব্যৱহাৰ হৈছিল বিহ হিচাপে। পগলা কুকুৰ আদি মাৰিবলৈ এই বিহ ব্যৱহাৰ কৰা হৈছিল। পিচে, আজিৰ পৃথিৱীৰ কোনো দেশতে এই কাৰ্য্যৰ বাবেও এনে মাৰাত্মক বিহৰ ব্যৱহাৰ নকৰে। প্ৰথমতে এই দ্ৰৱ্যবিধ মানৱ শিশুৰ দেহত প্ৰয়োগ কৰা হৈছিল ভোক বঢ়াবৰ বাবে। কিন্তু পিচলৈ প্ৰমাণিত হ’ল- ই মানৱ শৰীৰৰ বাবে ভয়াবহ ক্ষতিকাৰক। অৱশ্যে অতি কম মাত্ৰাতহে ষ্ট্ৰিকনিনৰ ব্যৱহাৰ হৈছিল। কাৰণ বেছি মাত্ৰাৰ এই দ্ৰব্যই ব্যক্তিৰ মানসিক উত্তেজনা বঢ়াই তোলে আৰু প্ৰৱল স্নায়বিক উত্তেজনাত ব্যক্তিৰ বেদনাদায়ক মৃত্যু হয়। ভাৰতৰ বাহিৰে সকলোবোৰ দেশত ইয়াৰ ব্যৱহাৰ কেতিয়াবাই নিষিদ্ধ কৰা হৈছে। ভাৰতত কিন্তু এতিয়াও এই দ্ৰব্যক ভোক বঢ়াবলৈ ব্যৱহাৰ কৰি থকা হৈছে। প্ৰকৃততে এই দ্ৰব্যবিধক ঔষধৰ স্বীকৃতিতো দিব নোৱাৰিয়েই-বিহ বুলিহে ক’ব পাৰি। ভাগৰ আৰু অৱসাদ গুচাবলৈ প্ৰয়োজনীয় বিশ্ৰামেই যথেষ্ট। খুউব বেছি প্ৰয়োজন হ’লে- একাপ চাহ বা কফি যোগেও কেফেইন গ্ৰহণ কৰিব পাৰি। আকৌ, অপ্ৰয়োজনত এই দ্ৰব্যৰে স্নায়ুক উত্তেজিত কৰি থকাটোও ক্ষতিকাৰক। পিচে ষ্ট্ৰিকনিন আৰু কেফেইন যুক্ত টনিকেৰে আজিৰ বজাৰ ভৰি আছে।
5. Fixed dose combinations of Yohimbine and Strychnine with Testosterone and Vitamins. ৫) য়ুহিমবিন আৰু ষ্ট্ৰিকনিনৰ লগত টেষ্টোষ্টেৰণ আৰু ভিটামিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: য়ুহিমবিন আৰু টেষ্টোষ্টেৰনক ঔষধ কোম্পানীবোৰৰ লগতে সুৰ মিলাই ডাক্তৰসকলেও যৌন শক্তি বঢ়োৱা ঔষধ হিচাপে প্ৰচাৰ কৰে। মানুহৰ যৌন ক্ষমতা বঢ়োৱাৰ যি হেপাঁহ-তাকে মূলধন হিচাপে লৈ ঔষধ কোম্পানীয়ে এই ঔষধৰ ব্যৱসায় কৰিছে। প্ৰকৃততে কিন্তু কোনোবিধ ঔষধেই এই কাম কৰিব নোৱাৰে। ষ্ট্ৰিকনিনৰ ক্ষতিৰ কথা আগতেই কোৱা হৈছে। য়ুহিমবিন ব্যৱহাৰৰ ফলত যৌন শক্তি বঢ়াৰ প্ৰমাণ নাপালেও ঘনাই প্ৰস্ৰাব হোৱা, নিদ্ৰাহীনতা আদি ৰোগৰ বাবে দায়ী কৰিব পৰা যায়।টেষ্টোষ্টেৰণ এবিধ যৌন হৰমন। ইয়াৰ ব্যৱহাৰৰ ফলত পুৰুষৰ যৌন প্ৰষ্টেট গ্ৰন্থিৰ কেন্সাৰ হ’ব পাৰে। খুউব বিৰল কোনো ৰোগ বা দুৰ্ঘটনাৰ ফলত অণ্ডকোষৰ কাম কমি গ’লে এই হৰমনবিধ যথেষ্ট সাৱধানতা আৰু বিশেষজ্ঞৰ অধীনত গ্ৰহণ কৰিব লগা হয়। পিচে, প্ৰকৃত ক্ষেত্ৰত তেনে নহয়। কোম্পানীয়ে ইয়াৰ লগত ভিটামিন মিহলি কৰি বিষয়টো বেছ সাধাৰণ কৰি দিয়ে। কোম্পানীবিলাকৰ প্ৰচাৰৰ লগত-যেতিয়াই তেতিয়াই ভিটামিন খাই দেহটো ভালে ৰাখিব পৰা ধৰণৰ যি অন্ধ বিশ্বাস সাধাৰণ মানুহৰ মাজত প্ৰচলিত-এই মিশ্ৰণেও বিষয়টো সাধাৰণ কৰাৰ দৰে কথা। পিচে, অপ্ৰয়োজনীয় অধিক ভিটামিন গ্ৰহণ কৰাটো দেহত ভিটামিনৰ ঘাটি হৈ পৰা ৰোগতকৈ অধিক ক্ষতিকাৰক। প্ৰকৃততে কোনো ঔষধৰ লগতে মিশ্ৰিত ৰূপততো ভিটামিন গ্ৰহণ কৰাটো বিজ্ঞানসন্মততো নহয়েই, জনসাধাৰণে সচৰাচৰ ভিটামিন কিনি খোৱাসকলৰ শতকৰা ২ জনৰো প্ৰকৃততে ভিটামিনৰ প্ৰয়োজন নহয়।
6. Fixed dose combinations of Iron with Strychnine, Arsenic and Yohimbine. ৬) আইৰণৰ লগত ষ্টিকনিন, আৰচেনিক আৰু ওহিম্বিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: এইয়া এক ক্ষতিকাৰক, অবৈজ্ঞানিক মিশ্ৰণ। ঔষধ কোম্পানীয়ে কেৱল ঔষধৰ প্ৰতি থকা মানুহৰ দুৰ্বলতাৰ প্ৰতি লক্ষ্য কৰি এনে ঔষধ তৈয়াৰ কৰে। নিষিদ্ধ কৰাৰ পাচতো আইৰণৰ লগত উক্ত ঔষধসমূহ মিশ্ৰিত ৰূপত পোৱা যায় কিছুমান টনিকত (টনিক ঔষধ নহয়, পিচে সাধাৰণ মানুহে ঔষধ বুলি খায়) এইবোৰে মানৱ দেহত নানা ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে।
7. Fixed dose combinations of Sodium Bromide/chloral hydrate with other drugs.
৭) চোডিয়াম ব্ৰমাইড আৰু ক্লৰেল হাইড্ৰেটৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: প্ৰকৃততে আন ঔষধৰ লগত মিশ্ৰৰূপত ইয়াক নিষিদ্ধ কৰাতকৈ এই ঔষধ দুবিধেই নিষিদ্ধযোগ্য। ক্লৰেল হাইড্ৰেট পাকস্থলীৰ বাবে ক্ষতিকাৰক। লিভাৰ, কিডনীৰ ৰোগ আৰু পেপটিক আলচাৰ থকা লোকে এই দ্ৰব্য গ্ৰহণ কৰা আৰু বিহ গ্ৰহণ কৰা একে কথা। ছডিয়াম ব্ৰমাইডৰ ক্ষতিও প্ৰায় একেই। চিকিৎসা ব্যৱস্থাৰ অনুন্নত অৱস্থাত-এই দুয়োবিধ ঔষধক আবেশকাৰী (Hypnotic) আৰু প্ৰশান্তিদায়ক (Sadatine) ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু এতিয়া নিৰাপদ ঔষধ আৱিস্কাৰ হোৱাৰ পাচতো এনে ঔষধ ব্যৱহাৰ কৰাৰ কোনো যুক্তি নাই। সি যি কি নহওক-নিষিদ্ধ ঘোষণা হোৱাৰ পাচতো- টনিক, জ্বৰৰ ঔষধ আদিৰ লগত মিশ্ৰিত ৰূপত আজিও এই ঔষধ পোৱা যায়।
8. Phenacetin. ৮) ফেনাচেটিন: বেদনানাশক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰৰ ফলত তেজৰ ক্ষতি হোৱাৰ লগতে যকৃত আৰু বৃক্কৰ ভয়াবহ ক্ষতি হয় বুলি প্ৰমাণিত হোৱাৰ পাচত ইয়াক নিষিদ্ধ কৰা হয়।
9. Fixed dose combinations of antihistaminic with anti-diarrhoeals. ৯) এলাৰ্জি বিৰোধী আৰু ডায়েৰিয়াৰ ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: ডায়েৰিয়া হ’লে, এলাৰ্জি-বিৰোধী ঔষধবোৰে ডায়েৰিয়াৰ লক্ষণবোৰ নোহোৱা কৰিব পাৰে। ফলত প্ৰকৃত চিকিৎসা বাদ পৰি ৰোগীৰ দেহত ভিতৰি-ভিতৰি মাৰাত্মক অৱস্থা হ’ব পাৰে। প্ৰকৃততে এই দুই মিশ্ৰণ সম্পূৰ্ণ অবৈজ্ঞানিক। আনহাতে এইখিনিতে উল্লেখ কৰা ভাল যে, ডায়েৰিয়া-বিৰোধী ঔষধৰ প্ৰকৃততে কোনো প্ৰয়োজন নাই। ডায়েৰিয়া প্ৰকৃত কাৰণ বিচাৰি তাৰ চিকিৎসা কৰাটোহে প্ৰয়োজন। বৰ্তমান ডায়েৰিয়া-বিৰোধী ঔষধৰ লগত বিভিন্ন দ্ৰব্য মিহলি ঔষধো বজাৰত পোৱা যায়। আনহাতে এলাৰ্জি-বিৰোধী ঔষধো ঘনাই ব্যৱহাৰ কৰিলে বা বেছি পৰিমাণত ব্যৱহাৰ কৰিলে মাৰাত্মক অৱস্থা হ’বগৈ পাৰে।
10. Fixed dose combinations of Penicillin with Sulphonamides. ১০) পেনিছিলিন আৰু ছালফনামাইডৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ : পেনিছিলিন আৰু ছালফনামাইড জাতীয় ঔষধ মিশ্ৰৰূপত ব্যৱহাৰ কৰিলে-দুয়োবিধ ঔষধৰে আৰোগ্য দক্ষতা লোপ পায়। এই দুই বিধ অত্যাৱশ্যকীয় ঔষধৰ কাৰ্য্যদক্ষতা পৃথক। ছালফনামাইডে দেহত বিজাণুৰ বৃদ্ধিত বাধা দিয়ে। পেনিছিলিনে বিজানুবোৰক মাৰি পেলায়। কিন্তু মিশ্ৰিতৰূপত ব্যৱহাৰ কৰিলে দুয়োটা গুণেই হেৰুৱায়।
11. Fixed dose combinations of Vitamins with Analgesics. ১১) বেদনা নিবাৰকৰ লগত ভিটামিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: বেদনা নিবাৰক ঔষধ যে প্ৰয়োজনত একক হিচাপে ব্যৱহাৰ কৰিব লাগে বা সেইটোৱেই চিকিৎসা-বিজ্ঞানসন্মত তাক আগতে উল্লেখ কৰা হৈছে। পিচে ঔষধ কোম্পানীবোৰে সাধাৰণ মানুহৰ প্ৰতিটো বেমাৰতে ভিটামিনৰ প্ৰতি লক্ষ্য কৰি তাৰ পূৰ্ণ সুযোগত বেদনা নিবাৰকৰ লগতো ভিটামিন মিহলাই। এজন মানুহৰ দেহত কি ভিটামিনৰ ঘাটি হৈছে আৰু তেওঁক প্ৰকৃততে কি পৰিমাণৰ ভিটামিনৰ প্ৰয়োজন, সেই কথা নজনাকৈ এনেদৰে ভিটামিন গ্ৰহণ কৰি থাকিলে মানৱ শৰীৰত কি ভয়াবহ অৱস্থাৰ সৃষ্টি কৰিব পাৰে-সেয়া বৈজ্ঞানিকসকলে প্ৰমাণ কৰিছে। ভিটামিন মিশ্ৰিত এনে বহুবোৰ ঔষধ আজিও বজাৰত পোৱা যায়।
12. Fixed dose combinations of Tetracycline with Vitamin C. ১২) টেট্ৰাচাইক্লিনৰ লগত ভিটামিন চিৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: নিষিদ্ধ হোৱাৰ পিচতো এনে মিশ্ৰণ বজাৰত অনেক পোৱা যায়। ভিটামিন-চিৰ প্ৰতি থকা মানুহৰ দুৰ্বলতাৰ সুযোগত ঔষধ কোম্পানীয়ে যাতে ভিটামিন মিহলি বুলি বেছি দামত নিজৰ ঔষধটো বিক্ৰী কৰিব পাৰে, তাৰ বাবেই এনে মিশ্ৰণ। ই সম্পূৰ্ণ অবৈজ্ঞানিক। ক্ষতিকাৰক দিশবোৰ আছেই। প্ৰয়োজনত ভিটামিন-চি বা আন ভিটামিনো পৃথককৈ গ্ৰহণ কৰাটোৱেই চিকিৎসা বিজ্ঞানসন্মত-আন ঔষধৰ লগত নহয়-এই কথা প্ৰতিমূহূৰ্তত মনত ৰখা উচিত।

জাননী: G.S.R. No. 793 (E) dt 13-12-1995
13. Fixed dose combinations of Hydroxyquinoline group of drugs with any other drug except for preparations meant for external use only.
১৩) শৰীৰৰ বাহিৰত ব্যৱহাৰৰ বাহিৰে হাইড্ৰক্সিকুইলিন গোটৰ ঔষধৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: নানা দেশৰ লগতে, বিশেষকৈ জাপানত হাইড্ৰক্সিকুইলিন গ্ৰুপৰ ক্লাইওকুইনলৰ ব্যৱহাৰে মানৱ দেহত মাৰাত্মক ক্ষতি কৰা বুলি প্ৰমাণিত হোৱা আৰু বিশ্বৰ সকলোবোৰ দেশতে এই গ্ৰুপৰ ঔষধ নিষিদ্ধ কৰাৰ পিছত ভাৰততো ১৯৮২ চনৰ ৩০ এপ্ৰিলত এই গ্ৰুপৰ সকলো ঔষধৰ উত্পাদন আৰু বিক্ৰী নিষিদ্ধ কৰি আদেশ জাৰি কৰিছিল যদিও ১৯৮৩ চনৰ ২৩ জুলাইত সেই আদেশৰ পৰিবৰ্তন কৰি ইয়াক পেটৰ অসুখ, গ্ৰহণী, চৰ্মৰোগৰ বাবেহে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। যিহেতু এই ঔষধ তিনি ধৰণৰ ব্যৱহাৰৰ বাহিৰে আন ব্যৱহাৰ নায়েই আৰু এনে ব্যৱহাৰতেই মাৰাত্মক ক্ষতি হয়-গতিকে চৰকাৰে ওপৰে ওপৰে নিষেধাজ্ঞা জাৰি কৰিলে যদিও সেয়া জনস্বাস্থ্য-বিৰোধী হৈয়েই ৰ’ল। যিহেতু, উক্ত অসুখবোৰ নিৰাময়ৰ বাবে হাইড্ৰক্সিকুইলিনতকৈ বেছি কাৰ্য্যকৰী আৰু কম ক্ষতিকাৰক ঔষধ পোৱা যায়। অৱশেষত ১৯৯৫ চনত এই ঔষধ নিষিদ্ধ কৰা হয়।

জাননী: G.S.R. No. 1057 (E) dt 03-11-1988
14. Fixed dose combinations of Corticosteroid with any other drug for internal use except for preparations meant for meter dose inhalers and dry powder inhalers.[Substituted vide GSR 738 (E) dated 9.10.2009]
১৪) নিৰ্দিষ্ট পালি অনুসৰি নাকেৰে শুঙা আৰু নাকেৰে শুঙা শুকান গুৰিৰ বাহিৰে কৰ্টিক’ষ্টেৰয়ডৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ (9.10.2009 তাৰিখৰ জাননী নং GSR 738 (E) যোগে ): ই হৰমন জাতীয় দ্ৰব্য। প্ৰয়োজন বা অপ্ৰয়োজনত অধিক মাত্ৰাত এই ঔষধ ব্যৱহাৰ কৰিলে মানৱ দেহত ভয়াবহ ক্ষতি হয়। ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ ফলত মুখ উখহি যায়, হাড় বেঁকা হৈ যায়, আলচাৰ, মধুমেহ, উচ্চ ৰক্তচাপ আদি হয়। তদুপৰি-ব্যৱহাৰকাৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা লুপ্ত হৈ পৰে। ইয়াৰ ব্যৱহাৰৰ ফলত শিশুৰ দৈহিক বৃদ্ধি হ্ৰাস পায়। এই হৰমন ব্যৱহাৰ কৰাসকলৰ দেহত হৰমনৰ উত্পাদন ক্ষমতা লাহে লাহে কমি গৈ পিচত একেবাৰে লুপ্ত হয়গৈ। ফলত বাহিৰৰ পৰা হৰমন যোগান নধৰিলে ৰোগীৰ মৃত্যু হ’ব পাৰে।
15. Fixed dose combinations of Chloramphenicol with any other drug for internal use.
১৫) শৰীৰৰ ভিতৰত ব্যৱহাৰৰ বাবে ক্ল’ৰামফনিকলৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: কেৱল ক্ল’ৰামফনিকলৰেই পাৰ্শ্বক্ৰিয়া মাৰাত্মক। ইয়াৰ ব্যৱহাৰৰ ফলত তেজৰ কোষৰ উত্পাদন বন্ধ হ’ব পাৰে। বহু ক্ষেত্ৰত ই তেজৰ কেন্সাৰ বা লিউক’মিয়াৰ কাৰণ হোৱাৰো প্ৰমাণ পোৱা গৈছে। প্ৰথম ব্যৱস্থাত ক্ল’ৰামফনিকল আন কিছুমান ঔষধৰ স’তে মিহলাই বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। পিচত, যোৱা ১৯৮৩ চনত এক নিৰ্দেশযোগে ইয়াক কেৱল ষ্টেষ্ট্ৰমাইছিনৰ লগত ব্যৱহাৰ কৰিবলৈ কোৱা হ’ল। কিন্তু এয়াও মানৱ দেহৰ পক্ষে নিৰাপদ নাছিল। অৱশেষত যেনিবা চৰকাৰে পুনৰ সংশোধিত নিৰ্দেশ যোগে ইয়াক এককভাৱে ব্যৱহাৰৰ বাহিৰে আন ঔষধৰ লগত মিশ্ৰিত ৰূপত ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰে। কিন্তু চৰকাৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ৰ কাষ চাপি বহুবোৰ ঔষধ কোম্পানীয়ে ইয়াক আন ঔষধৰ লগত মিশ্ৰিত ঔষধ হিচাপে উত্পাদন আৰু বিক্ৰী কৰি আছে। কিন্তু এটা কথা মনত ৰাখিবলগীয়া যে, কেৱল টাইফয়েড ৰোগতহে ক্লৰামফনিকল ব্যৱহাৰ কৰাটো চিকিৎসা বিজ্ঞানসন্মত। পিচে, আজিকালিৰ চিকিত্সকে নানা পেটৰ অসুখ আৰু সন্দেহজনক টাইফয়েড ৰোগীকো এই ক্ল’ৰামফনিকল থেৰাপী কৰাটো প্ৰত্যক্ষ কৰা হৈছে। আন সকলো দেশতে এই বিষাক্ত ঔষধবিধ নিষিদ্ধ কৰা হৈছে। কিন্তু আমাৰ দেশত টাইফয়েডৰ উপযুক্ত ঔষধ নোহোৱাৰ ফলত আজিও এই ঔষধৰ প্ৰচলন হৈ আছে।

জাননী : G.S.R. No. 304 (E) dt 07-06-1991
16. Fixed dose combinations of crude Ergot preparation except those containing Ergotamine, Caffeine, analgesics, antihistamines for the treatment of migraine, headache.
১৬) মাইগ্ৰেন আৰু মূৰৰ বিষৰ বাবে আৰগটামাইন, কেফেইন, বেদনানাশক, এলাৰ্জীবিৰোধী ঔষধৰ বাহিৰে শোধন নকৰা আৰগটৰ স’তে আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: সন্তান জন্ম হোৱাৰ পাচত হোৱা ৰক্তপাত আৰু মাইগ্ৰেন(Migraine) নামৰ প্ৰচণ্ড মূৰৰ বিষ কমোৱাৰ ক্ষেত্ৰত আৰগটৰ ব্যৱহাৰ হয়। কেইবাবিধও Alkaloid থকা এই দ্ৰব্যবিধ জলজ উদ্ভিদৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক শোধন নকৰাকে ব্যৱহাৰ কৰা অনুচিত। ইয়াৰ লগত আন ঔষধ মিশ্ৰভাৱে থাকিলে প্ৰসূতি মাতৃৰ দেহত নানা ধৰণৰ মাৰাত্মক পাৰ্শ্বক্ৰিয়া কৰিব পাৰে। মাইগ্ৰেন আৰু মূৰৰ বিষৰ বাবে আৰগটামাইন, কেফেইন, বেদনানাশক আদিৰ লগতহে মিশ্ৰিত ৰূপত ইয়াক ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে।
17. Fixed dose combinations of Vitamins with Anti TB drugs except combination of soniazid with Pyridoxine Hydrochloride (Vitamin B6).
১৭) আইচোনায়াজাইডৰ লগত পাইৰিড’ক্সিন হাইড্ৰক্ল’ৰাইডৰ (ভিটামিন বি৬)মিশ্ৰণ বাহিৰে কোনো ধৰণৰ যক্ষ্মাবিৰোধী ঔষধৰ লগত ভিটামিনৰ নিৰ্দিষ্ট পৰিমাণত মিশ্ৰণ: আইচোনায়াজাইড হ’ল যক্ষ্মাৰ ঔষধ। ইয়াৰ লগত পাইৰিড’ক্সিন হাইড্ৰক্লৰাইডৰ বাহিৰে আন কোনো ধৰণৰ যক্ষ্মা ৰোগৰ ঔষধৰ লগত কোনো ধৰণৰ ভিটামিন মিহলোৱা অবৈজ্ঞানিক।
18. Penicillin skin/eye Ointment.
১৮) ছাল আৰু চকুৰ বাবে পেনিছিলিন মলম: কিছুদিনৰ আগলৈকে ছাল আৰু চকুৰ অসুখৰ বাবে পেনিছিলিনৰ মলমৰ বেছ জনপ্ৰিয়তা আছিল। পিচে, এই ঔষধ ব্যৱহাৰ কৰিলে ৰোগীয়ে ৰোগৰ পৰা পৰিত্ৰাণ পায় যদিও- বহু ক্ষেত্ৰত এই ঔষধে ৰোগীৰ শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰে। আনহাতে, উক্ত ৰোগৰ বাবে আন নিৰ্ভৰযোগ্য ঔষধ, কম ক্ষতিকাৰক আৰু পূৰ্ণদক্ষতা থকা ঔষধ আৱিস্কাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এনে পেনিছিলিনৰ মলম নিষিদ্ধ ঘোষণা কৰা হয়।
19. Tetracycline Liquid Oral preparations.
১৯) মুখেৰে গ্ৰহণ কৰা তৰল টেট্ৰাচাইক্লিন জাতীয় ঔষধ: সাধাৰণতে টেট্ৰাচাইক্লিন ঔষধ বিজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু এই ঔষধে শিশু বা উঠি অহা ল’ৰা-ছোৱালীৰ দাঁত আৰু হাড়ৰ ভয়াবহ ক্ষতি কৰে। দাঁতবোৰ শক্তিশালী নহয়। হাড়ৰ বৃদ্ধিৰ হাৰ কমি যায়। গৰ্ভৱতী মহিলাই এই ঔষধ ব্যৱহাৰ কৰিলে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ ভ্ৰূণৰ ওপৰতো পৰে। শিশুটিৱে দাঁত-হাড়ৰ নানা নিসংগতিসহ জন্ম লয়। বিজানুনাশক হিচাপে আন এণ্টিবায়টিক বা কোট্ৰাইমস্কাজ’ল জাতীয় ঔষধ চিকিত্সকৰ তত্বাৱধানত গ্ৰহণ কৰা ভাল।
20. Nialamide.
২০) নিয়েলামাইড: হতাশা-বিৰোধী ঔষধ (anti-depresent) হিচাপে ইয়াৰ জনপ্ৰিয়তা আছিল। আন হতাশা-বিৰোধী ঔষধ আৱিস্কাৰ বা বিকল্প নথকা অৱস্থাত এই ঔষধৰ ব্যৱহাৰ আছিল যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়া অতি ক্ষতিকাৰক। সেইবাবেই এই ঔষধ কিনোতাক ফাৰ্মাচীয়ে এখন কাৰ্ড দিয়াটো নিয়ম আছিল-য’ত এই ঔষধৰ ব্যৱহাৰ কৰিলে হ’ব পৰা বিপদ আৰু ল’ব লগা সতৰ্কতাৰ কথা লিখা থাকিব লাগে। ইয়াতকৈ কম ক্ষতিকাৰক ঔষধ ওলোৱাৰ বাবে ইয়াক নিষিদ্ধ কৰা হয়।

21. Practolo.
২১) প্ৰেকটোলল: নিষিদ্ধ কৰাৰ আগৰে পৰা ভাৰতত এই ঔষধৰ প্ৰচলন নাই।

22. Methapyrilene, its salts.
২২) মেথাপাইৰিলিন: টোপনি অহা ঔষধ হিচাপে এই ঔষধৰ জনপ্ৰিয়তা আছিল। ইয়াৰ ব্যৱহাৰৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা অধিক বুলি প্ৰমাণিত হোৱাৰ পাচত এই ঔষধ নিষিদ্ধ কৰা হয়।

জাননী : G.S.R. No. 49 (E) dt 31-01-1984
23. Methaqualone.
২৩) মেথাকোৱালন: ই এবিধ টোপনি অহা ঔষধ। কিন্তু নিচাযুক্ত দ্ৰব্য হিচাপেহে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে। নানা ঔষধৰ লগত মিশ্ৰিত ঔষধ হিচাপে ব্যৱহাৰ কৰিলে ইয়াৰ আসক্তিৰ পৰিমাণ বাঢ়ি যায়। টোপনিৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিলেও ইয়াৰ প্ৰতি আসক্ত হৈ পৰাটো স্বাভাৱিক। নিষিদ্ধ হোৱাৰ পিচতো আজিকালি ইয়াক কেৱল নিচাসক্ত লোকসকলৰ বাবেই ঔষধ কোম্পানীবোৰে উত্পাদন কৰি আছে। গৰ্ভৱতী অৱস্থাত এই দ্ৰব্য ব্যৱহাৰ কৰিলে-গৰ্ভস্থ সন্তানৰ ওপৰত মাৰাত্মক ক্ষতিকাৰক প্ৰভাৱ পৰে। সন্তান পঙ্গু অথবা মৃত হৈ প্ৰসৱ হ’ব পাৰে। বিখ্যাত নিচাৰ দ্ৰব্য ম্যেনড্ৰেক্সৰ উপাদান এই মেথাকোৱালনেই।
জাননী: G.S.R. No. 322 (E) dt 03-05-1984
24. Oxytetracycline Liquid Oral preparations.
২৪) মুখেৰে খোৱা অক্সিটেট্ৰাছাইক্লিনৰ তৰল ঔষধ:
25. Demeclocycline Liquid Oral preparations.
২৫)ডিমেক্ল’ছাইক্লিনৰ মুখেৰে খোৱা তৰল ঔষধ: এই দুয়োবিধ ঔষধেই নিষিদ্ধ হয়- কাৰণ ইয়াৰ ক্ষতিকাৰক দিশবোৰ টেট্ৰাছাইক্লিনযুক্ত তৰল ঔষধৰ (আগতে উল্লেখ কৰা হৈছে) দৰে।

জাননী : G.S.R. No. 863 (E) dt 22-11-1985
26. Combination of anabolic Steroids with other drugs.
২৬)এনাবলিক ষ্টেৰয়েডৰ লগত আন ঔষধৰ মিশ্ৰণ: এনাবলিক ষ্টেৰয়েডৰ প্ৰয়োজন বিশেষ ৰোগীক বিশেষ পৰিমাণৰ। কিন্তু এই দেশত নানা ঔষধৰ সৈতে ঔষধ কোম্পানীয়ে ইচ্ছামতে এই ঔষধ মিশ্ৰণ কৰে। এই ক্ষতিকাৰক দ্ৰব্য এটা বিভিন্ন ঔষধৰ লগত মিশ্ৰিত ৰূপত থকা বাবে প্ৰয়োজন অপ্ৰয়োজনত ৰোগীয়ে ইয়াক ব্যৱহাৰ কৰিব লগাত পৰে। সম্পূৰ্ণভাৱে চিকিত্সকৰ তত্বাৱধানত থাকি বিশেষ কিছুমান ৰোগৰ বাবেহে এই ঔষধ এককভাৱে গ্ৰহণ কৰা উচিত। বিভিন্ন ঔষধৰ লগত এই দ্ৰব্য মিশ্ৰিত হৈ থকাৰ ফলত-এটা ৰোগৰ আৰোগ্যৰ বাবে ব্যৱহাৰ কৰা ঔষধে পুনৰ নতুন ৰোগহে সৃষ্টি কৰে। প্ৰসংগত যৌন ষ্টেৰয়েড ব্যৱহাৰৰ ফলত পুৰুষৰ স্তন বৃদ্ধি, বন্ধ্যাত্ব, প্ৰষ্টেট কেন্সাৰ, মহিলাৰ দাড়ি গোফ গজা, স্বৰ পৰিবৰ্তন, জননাংগৰ আৰু স্তনৰ কেন্সাৰ আদি হব পাৰে। ঔষধ কোম্পানীৰ মিছা বিজ্ঞাপনত ভোল গৈ কিছুলোকে চিকিত্সকৰ পৰামৰ্শ নোলোৱাকৈ নিজে এনে ঔষধ ব্যৱহাৰ কৰি সংকটময় অৱস্থাত পৰাটো অসমত অধিক হাৰত প্ৰত্যক্ষ কৰা হৈছে।

27. Fixed dose combination of Oestrogen and Progestin (other than oral contraceptives) containing per tablet Estrogen content of more than 50 mcg (equivalent to Ethinyl Estradiol) and Progestin content of more than 3 mg (equivalent to Norethisterone Acetate) and all fixed dose combination injectable preparations containing synthetic Oestrogen and Progesterone. (Subs. By Noti. No. 743 (E) dt 10-08-1989)
২৭) নিৰ্দিষ্ট মাত্ৰাৰ অষ্ট্ৰোজেন আৰু প্ৰোজেষ্টিনৰ মিশ্ৰণ (মুখেৰে খোৱা গৰ্ভনিৰোধকৰ বাহিৰে)ত প্ৰতিটো বড়িত এষ্ট্ৰোজেনৰ পৰিমাণ ৫০ মাইক্ৰগ্ৰাম (ইথিনাইল এষ্ট্ৰাডিঅলৰ সমান) আৰু প্ৰোজেষ্টিনৰ পৰিমাণ ৩ মিলিগ্ৰাম (নৰেথিষ্টেৰন এচিটেটৰ সমান)তকৈ অধিক আৰু নিৰ্দিষ্ট মাত্ৰাত কৃত্ৰিম এষ্ট্ৰোজেন আৰু প্ৰজেষ্ট্ৰেৰণ থকা ইনজেকছন (জাননী নং 743 (E) dt 10-08-1989) : এসময়ত এই ঔষধেৰে গৰ্ভধাৰণ নিৰূপণ কৰা আৰু মহিলাৰ মাহেকীয়া ঋতু পলম হোৱাৰ চিকিৎসাত ব্যৱহাৰ কৰা হৈছিল। কিন্তু দুয়োটা ক্ষেত্ৰতে ইয়াৰ দক্ষতা নিম্নমানৰ বুলি প্ৰত্যক্ষ কৰাৰ লগতে ইয়াৰ ভয়াবহ ক্ষতিকাৰক দিশবোৰ প্ৰমাণিত হোৱাৰ পিচৰেপৰা এই ঔষধ নিষিদ্ধ ঘোষণা কৰিবলৈ বহু আগৰেপৰাই দাবী জনাই অহা হৈছিল যদিও এই ঔষধ কেৱল কোম্পানীৰ স্বাৰ্থতেই সম্পূৰ্ণভাৱে নিষিদ্ধ নকৰি নিয়ন্ত্ৰণহে কৰা হৈছে। এই ঔষধ বিশ্ব স্বাস্থ্য সংস্থাই ১৯৮১ চনতেই নিষিদ্ধ কৰাৰ বিষয়ত মতপোষণ কৰে। ভাৰত চৰকাৰে এই দুইবিধ ঔষধৰ মিশ্ৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ নকৰি ইষ্টোজেন ৫০ মিলিগ্ৰাম আৰু প্ৰজেষ্ট্ৰেৰণ ৩ মিলিগ্ৰামতকৈ বেছি থকা ঔষধৰ বিক্ৰী নিষিদ্ধ কৰে। জন্ম নিয়ন্ত্ৰণৰ বাবে এই নিয়ন্ত্ৰিত পৰিমাণৰ দুয়োবিধ ঔষধৰ মিশ্ৰণৰ বড়িৰ বাহিৰে আন কোনো চিকিৎসাতে এই দ্ৰব্যৰ ব্যৱহাৰ এতিয়া নিষিদ্ধ। এই ঔষধৰ পাৰ্শ্বক্ৰিয়াও বৰ বেদনাদায়ক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!