ডাকৰ-বচন

সংকলক: বৰ্ণালি দেউৰী-বৰা

১) যদি বৰিসে জল ধাৰে |

কি কৰিব তাক গনিতি কাৰে ||

২) তথাপিতো তিথি বাৰক চাই |

ডাকে বোলে কিচো বোলা জাই ||

৩) আসাঢ়ৰ নৱমি শুক্ল পক্ষত |

যদি বৰিষে ভুমি তলত||

৪) হাল ফাল বেচি চিন্তিয়ো দেৱ |

ৰাজ গৄহত কৰিয়ো সেৱ ||

৫) যদি বৰষে জলৰ কণা |

ৰঙ্গ কৰি নাচে কৄষক জনা ||

৬) বোলন্ত ডাকে ঢিল মাটি পাই |

কান্ধে নাঙ্গাল ধৰিয়া যাই ||

৭) মেঘ্ক দেখি হালক বাই |

জানা শস্যৰ লাভাক পাই ||

এহাত এমুঠন কলৰ পোত ৷

তেহে চাবা কলৰ গোট৷৷|

৮) ডাকে বোলে কেনে ধৰনি চহ |

কঠিয়া নাঙ্গল নষ্ট নকৰহ ||

৯) পৌষ মাসে যদি মেঘ গৰ্জন |

মাঘ মাহতে মেঘ সোসন ||

১০) চৈত্ৰ্ত কেন্দু ফল নিৰন্তৰ |

বৈসাগ মাহত পৰে পাথৰ ||

১১) ৰিনি ৰিনি জল পৰে জৈষ্ঠত |

চাৰি মাহ বৄষ্টি হোৱে লোকত ||

 

১৩} চৈত্ৰ্ৰৰ চতুৰ্দ্দশি যদি সমতুল |

ডাকে বোলে বৰ্ষা হোৱে বহুল ||

 

 

১৪) তিথি বৄদ্ধিয়ে শয্যক নাশে |

ৠক্ষ বৄদ্ধিয়ে তিল বিনাশে ||

 

১৫ ) শ্ৰাৱন মাসত ৰোহিনি ৠক্ষত |

যদি নবৰষে দেৱ |

হাল ফাল বেচি কৰ সব লোক

দেৱি মহাদেৱ সেৱ ||

 

১৬) বাৰিষা কালত বেঙ্গৰ ৰাৱ |

হাল গৰু লৈ পথাৰক যাৱ ||

 

 

১৭) মাঘত ৰ’দ বহাগত শীত |

চাৰি মাহে অল্প বৄষ্টি ভূমিত ||

 

১৮) তিনিশ ষাঠী জোপা ৰুবা কল

মাহেকে পষেকে চিকুনাবা তল ৷

পাত পচলা লাভত খাবা

লঙ্কাৰ বনিজ ঘৰতে পাবা ৷৷

 

 

ৰন্ধন  প্ৰকৰণ

 

১) চিত জেৰোৱা চলি কাতি |

বতা হেঙ্গেৰা খাগৰা মুঠি ||

২) স্বাস দীৰ্ঘ কৰি দিবা ফু |

তেহে দেখিবা জুইৰ মু ||

৩) সোকোতাৰ পাত বেসুয়াৰৰ ঝোল |

তৈলৰ ওপৰে দিয়া তোল ||

8) পোৰোলা শাক ৰোহিত মাছ |

ডাকে বোলে সেই ব্যঞ্জন সাচ ||

৫) মাগুৰ মাছক কচি কুটিয়া |

হালধী মৰিচ হিঙ্গক দিয়া ||

তৈল লোণ দি কৰিবা পাক |

এই ব্যঞ্জন সাৰ বোলে ডাক ||

৭) কায়ৈ মাছক কচি কুটিয়া |

হালধী মৰিচ হিঙ্গক দিয়া ||

ওলোট পালট কৰিবা পিঠি |

খাই পাইবা তেবে দৄষ্টি   ||

( উলট  পালট   কৰিয়া   পিঠ,

খায়া  পাবা   ভোজন    মিষ্ঠ  )

 

৯)  চেঙ্গা   চেঙ্গলী  জামিৰৰ  ৰসে    |

কাহুদি    দিয়া   জেবে   পৰিসে     ||

মুখৰ   অৰুচি   দূৰক   যায়    |

আচোক    নৰ  দেবো   মোহ   পাই  ||

 

১০)   ইলিহ  মাছক   কচি   কুটিয়া    |

ত্ৰিকুট   দিয়া   তৈল  ভাজিয়া   ||

এই   বেঞ্জন  যি  জনে   খাই    |

আম্ৰৰ   সদৄশ  মুখ   গন্ধাই     ||

 

১১)    কচ  বচ   চিতলৰ   আদ খান  |

নেমু  লোণ  দি  বুঝি  পৰিমাণ   ||

১২)   আকে  খাই  পাই   সন্তোষ  প্ৰচুৰ  |

আন    বেঞ্জঁনক   ক ৰিব   দূৰ   ||

১৩)    চাউল   দিবা  যতেক |

পানী    দিবা   ততেক   ||

১৪)    পাগ    আহিলে  দিবা   কাঠি  |

তেবে   কৰিবা   জুই   ভাঠি   ||

১৫)      জেবে  নিসিজে  চাউল   |

তেবে বুলিবা  ডাকক বাউল ||

১৬)      পকা  তেতেলী  বুঢ়া  বৰালী    |

বিস্তৰ  কৰি  দিবাহা   জালি    ||

১৭)       বাঢ়ি    দিবা  টেঙাৰ   ঝোল   |

খাবৰ   বেলা  মুণ্ড   নোতোল  ||

 

 

5 thoughts on “ডাকৰ-বচন

  • February 27, 2012 at 7:43 pm
    Permalink

    ডাকৰ বচন কেইটা সাহিত্য়.অৰ্গ লিন্ক ত পালো, পঢ়ি যঠেষ্ট সন্তুষ্ট হ’লো.

    Reply
  • February 27, 2012 at 7:48 pm
    Permalink

    ডাকৰ বচন কেইটা সাহিত্য়.অৰ্গ লিন্ক ত পালো, পঢ়ি যঠেষ্ট সন্তুষ্ট হ’লো. 1

    Reply
  • August 2, 2018 at 6:56 pm
    Permalink

    ডাকৰ বচন পঢ়ি আনন্দিত হোৱাৰ লগতে বহুতো নজনা কথা জানিব পাৰিলো।

    Reply
  • November 10, 2020 at 2:18 pm
    Permalink

    হেৰাই যাব খোজা ডাকৰ বচন সমূহ সংগ্ৰহ কৰা বাবে অশেষ ধন্যবাদ জনালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!