ডায়েৰীৰ পাতৰপৰা অলপমান কিবা-কিবি (-ৰ’দালিসপোন বৰগোহাঞি)
ডায়েৰীৰ পাতৰপৰা অলপমান কিবা-কিবি (-ৰ’দালিসপোন বৰগোহাঞি)
লিখি গৈ থকা মোৰ ডায়েৰীৰ পাতৰ অলপমান কিবা কিবি…..কাৰোবাৰ কামত আহিবও পাৰে বা নাহিবও পাৰে….ভাবিছো ক’ৰবাত দি দিওঁ লেখাবোৰ..কিন্তু কিবা লাজ লাগে…যেতিয়া খুব হতাশ বা বিফল হওঁ অলপ সময় মাৰ মুখখন মনত পেলাওঁ….পৃথিৱীৰ আটাইতকৈ নিৰাপদ আশ্রয় আৰু সকলোতকৈ বেছি অলপো স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা ব্যক্তিজনেই হৈছে মা….মই বা আপুনি দুখ পালে পৃথিৱীৰ একো আও ভাও বুজি নোপোৱা ‘মা’জনীয়ে বহুত দুখ পাব মনত…..নিজে নাখাইও ভালৰো ভাল বস্তুবোৰ আমাৰ বাবে জানো সাচিঁ নাৰাখে…..আমি দুখ পালে মায়ে দুখ পাই আমাতকৈও বেছি…..অজানিতে ওলোৱা চকুপানীবোৰ ধৰা পৰে মাৰ ওচৰত……নোকোৱাকৈ থকা কথাবোৰ মায়ে যে কেনেকৈ গম পায়…বৰ আচৰিত লাগে কেতিয়াবা মোৰ বা আপোনাৰ….হতাশ হ’লে মাৰ মুখখন আৰু চকুযোৰলৈ মনত পেলাওঁ….আচৰিত ধৰণে কিবা যেন মনলৈ জোৰ আহে কিয় হতাশ হ’ম….মাৰ সপোনবোৰ জানো মোৰ বা আপোনাৰ ওপৰত নহয়…..মায়ে জানো আপোনাক বা মোক বহুত ধুমুহাৰ মাজত ডাঙৰ দীঘল কৰা নাই জানো অলপো কষ্ট নিদিয়াকৈ….তেওঁ জানো বিচৰা নাছিল আমিবোৰ মনেৰে শক্তিশালি হোৱাটো…..নিশ্চয় ভাঙি নপৰো মা।