ডাষ্টবিনত জীৱনৰ ছবিঃ ৰঞ্জিত হাজৰিকা

ৰাস্তাৰ দাঁতিত গেলা-পচা পেলনীয়া সামগ্ৰীৰে ভৰি থকা ডাষ্টবিনবোৰে নাকত ৰুমাল ল’বলৈ বাধ্য কৰে যদিও সেই কদৰ্যতাৰ মাজতো লুকাই থকা জীৱনৰ একো একোখন ডুখৰীয়া ছবিয়ে মোক প্ৰায়ে আকৰ্ষিত কৰে৷ স্বীকাৰ কৰিছোঁ‌, এইটো মোৰ অদ্ভুত খেয়াল৷

….সেয়া ডাষ্টবিনটোৰ ওপৰৰ অংশতে পৰি আছে এখন খেলনা গীটাৰ৷ বিকল হৈ পৰা সূত্ৰে আজি ডাষ্টবিনলৈ নিক্ষেপিত সেইখন গীটাৰেইতো এদিন হাঁহি বিৰিঙাইছিল কোনোবা কণমানিৰ মুখত৷ কিমান সুৰ সৃষ্টিৰে সফল-বিফল প্ৰয়াস চলিছিল চাগৈ সেইখন সৰু গীটাৰত৷ এতিয়া বিবৰ্ণ ৰূপ ধৰা এইখন গীটাৰকে লৈ ল’ৰা-ছোৱালী এজাকৰ মাজত কিমান কিজানি টনা-আঁজোৰা লাগিছিল! পঢ়াৰ সময়ত বেসুৰাভাৱে গীটাৰখন টুংটুঙাই থকা বাবে কণমানিটোৱে মাকৰ হাতৰ কাণচেপা খাবলগীয়া হৈছিলনে বাৰু? … পৰি আছে “ডমিন’জ পিজ্জা’ৰ এটা চিনাকি ব্ৰেণ্ডেড পেকেট ৷ পেকেটটো প্ৰায় নতুন যেনেই হৈ আছে৷ সম্ভৱ অলপ আগতেহে কোনোবাই পেলাই থৈ গৈছে ৷ “ডমিন’জ পিজ্জা”ৰ হ’ম ডেলিভাৰী আছিল নে বাৰু ? নে কোনোবাই নিজেই আনিছিলগৈ সেইটো? যেনেকৈয়ে নানক, হাতত পৰাৰ সময়ত কম হেঁপাহৰ আছিল নে বাৰু সেই পেকেটটো? আৰু পিজ্জাৰ লগত দিয়া চছৰ সৰু সৰু পেকেটকেইটা— আস্‌ জবাব নাই! …পৰি আছে মহিলাৰ এযোৰ শতচ্ছিন্ন চেণ্ডেল৷ দামী ব্ৰেণ্ড সেইটোও৷ দোকানত কিমানবোৰ চেণ্ডেল চোৱাৰ পিছত বাৰু এইযোৰ পছন্দ কৰিছিল অচিনাকি চৌখিন মহিলাগৰাকীয়ে? কিমানৰ ঈৰ্ষাদৃষ্টিয়েই বা চুই গৈছিল সেইযোৰ ধুনীয়া চেণ্ডেলেৰে সুশোভিত ভদ্ৰমহিলাগৰাকীৰ পদযুগলক? সেই সময়ত বাৰু কোনোবাই বন্য সপোনতো দেখিছিল নে ধুনীয়া চেণ্ডেলযোৰৰ আজিৰ এই বিধ্বস্ত ৰূপটো? সুৰাৰ খালী বটল দুটামানো দেখোন পৰি আছে ডাষ্টবিনটোত৷ বোকা-বালি লাগি লেবেল অস্পষ্ট হৈ পৰিলেও বটলকেইটাৰ আকাৰ-প্ৰকাৰ দেখিলেই বুজিব পাৰি যে বেচ দামী সুৰা আছিল সেইবিধ৷ কাষতে একেদৰে পৰি আছে ছ’ডাৰো দুটামান উদং বটল৷ ঠিকেইতো, ইমান দামী সুৰা পানী মিহলাই খাব পাৰি নেকি— ছ’ডা লাগিবই! হাঁহিৰ কিমান ফোৱাৰাই বাৰু উচ্ছ্বল কৰি তুলিছিল নিশাৰ সেই মজলিচ? নে কলিজা ভঙা বেদনাইহে ভাৰাক্ৰান্ত কৰিছিল নিশাৰ আন্ধাৰবোৰক? এইদৰেই….. এইদৰেই ডাষ্টবিনত পৰি ৰোৱা প্ৰতিটো টোপোলা, পেকেট, খালী বটল, টেবলেটৰ ষ্ট্ৰীপ আৰু প্ৰতিপদ লাম-লাকটুৰ মাজতেইতো শুই থাকে একোখনকৈ সৰু পৃথিৱী৷ সৰু সৰু পৃথিৱীবোৰৰ হাঁহি-চকুলো-খং-অভিমান আৰু কত কি…৷ এসময়ত আহে মিউনিচিপালিটীৰ জাবৰ কঢ়িওৱা বিশাল ডাম্পাৰখন৷ যান্ত্ৰিক নিৰ্দয়তাৰে চপাই-কোঁচাই লয় সৰু সৰু পৃথিৱীবোৰ৷ লৈ যায় ডাম্পিং গ্ৰাউণ্ডলৈ৷ তাৰে কিছুমান হয়তো ৰিচাইকল্ড্‌ হৈ এসময়ত ঘূৰি আহে আমাৰ মাজলৈকে৷ সাজি-কাঁচি থকা ন-কইনাজনীৰ ৰূপত৷ আনবোৰ মিহলি হৈ যায় মাটিৰ লগত৷ ডাম্পাৰে খালী কৰা ডাষ্টবিনে মুখ মেলি লয় পৰিত্যক্ত সপোনৰ অপেক্ষাত৷ আকৌ উপচি পৰে ডাষ্টবিন৷ আকৌ আহে মিউনিচিপালিটীৰ ডাম্পাৰ…

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!