ডা° ভুপেন্দ্ৰ শইকীয়া

(১)

সাধুকথা – ডাক্তৰৰ 

ডাক্তৰ এজনে চিকিৎসালয়ৰ জৰুৰী ফোন পাই খৰখেদাকৈ আহি গম পালে
– অপাৰেচন কক্ষলৈ দূৰ্ঘটনা হোৱা যুৱক এজনক নিয়া হৈছে৷
তেওঁ খৰখেদাকৈ অ’ টিত প্ৰবেশ কৰিব লওঁতে দূৰ্ঘটনা হোৱা যুৱকৰ পিতৃয়ে অনেক কৰ্কথনা কৰিলে
– আপোনালোকে দায়িত্ব নুবুজে, ইমান দেৰী লগাইছে হস্পিতেল পাওঁতে- নিজৰ ল’ৰাৰ এনেকুৱা হলে বুজিলেহেতেন৷
এঘন্টাৰ মূৰত সামান্য হাঁহিৰে ডাক্তৰ অপাৰেচন কক্ষৰ পৰা ওলাই আহিল আৰু যুৱকৰ পিতৃক কলে – ভগবানক ধন্যবাদ৷ ল’ৰাজন বিপদমুক্ত হ’ল৷যুৱকৰ পিতৃয়ে আৰু কিবা কিবি সুধিলে যদিও উত্তৰ নিদি তেওঁ চিকিৎসালয় ত্যাগ কৰিলে৷
মানুহজনে তেতিয়া ডিউটিত থকা নাৰ্চক কলে- কি অভদ্ৰ এই ডাক্তৰজন !
নাৰ্চে কলে : চাৰৰ ডেকা পুতেকৰ কালি অকাল মৃত্যু হৈছে৷
আপোনাৰ ল’ৰাৰ অপাৰেচন কৰিবলৈ তেখেতে নিজৰ লৰাক শশ্মানত দাহ নকৰাকৈ দৌৰি আহিছে !

(২)

আগন্তুক দিনৰ দুটি দৃশ্য ! 

দুখুনি মাকৰ বিননি – বোপাই অ’ – তোৰ চুলিখিনি নাকাট কিয় ?
পুতেক- কি হ’ল মা ? কিয় ইমান দুখেৰে কৈছা ?
মাক- দুখ নকৰিম ? বায়েৰক চাব অহা মানুহবোৰে বাৰে বাৰে তোকহে পচন্দ কৰি থৈ যায় !

(৩)
২০৫২ চনৰ বিবাহ অনুস্থানৰ দৃ্শ্য : –
হাতত আইফোন আৰু পিন্ধনত ৰঙা জিনচ পেন্ট আৰু হালধীয়া কুৰতা পিন্ধা পুৰোহিত
বিবাহ মণ্ডপত দুটা লেপটপ মালা দি সজোৱা আছে- তাৰে এটা দৰাৰ আৰু এটা কইনাৰ
পুৰোহিতে নিমন্ত্ৰিত অতিথিসকললৈ চাই ঘোষণা কৰে- এটেনচন প্লিজ ৷
এতিয়া আমি এওঁলোক দুজনৰ বিবাহ কাৰ্য সম্পন্ন কৰিম ৷
তাৰ পিছত দৰা আৰু কইনাক দুয়োকে নিজৰ লেপটপৰ আগত বহিবলৈ নিৰ্দেশ দি কয়-
এতিয়া দুয়ো নিজৰ ষ্টেটাচ “চিংগলৰ” পৰা “মেৰিড” কৰক৷
অলপ পৰ পিছত –
হৰি ঔ ওম, বিবাহ কাৰ্য সুকলমে সম্পন্ন হ’ল৷
এতিয়া ককটেল-বুফে আৰম্ভ আৰম্ভ কৰাৰ আগতে বৰ-বধুক সকলোৱে আশীৰ্বাদ দিয়ক ৷
মই যাওঁ, মোৰ আজি দুখন বিয়া আৰু চাৰিখন ডাইভৰ্চৰ কাম সম্পন্ন কৰিলগীয়া আছে !

(৪)

মদ নিবাৰণীৰ চাইড এফেক্ট !
গুৱাহাটীত মদৰ দোকানসমূহ স্থায়ীভাবে বন্ধ হৈ যোৱাৰ পিছত কাহানিও নোহোৱা কিছুমান ঘটনা ঘটিবলৈ ধৰিলে৷ গ্ৰন্থমেলা পোনতে ছমাহে, পিছলৈ প্ৰতি দুমাহৰ ব্যৱধানত হবলৈ ধৰিলে৷ ৰাইজৰ অপূৰ্ব সঁহাৰি৷ প্ৰতিখন গ্ৰন্থমেলাত ন-ন অসমীয়া কিতাপৰ উন্মোচন৷ গুৱাহাটীত ৫০০খনতকৈয়ো অধিক কিতাপৰ দোকান মুকলি হ’ল৷ ৰবীন্দ্ৰ ভৱন আৰু মাছখোৱাৰ প্ৰাগজ্যোতিষ কলা কেন্দ্ৰত প্ৰতিমাহে থলুৱা কলাকৃষ্টিৰ মনোমোহা সংগীতানুষ্ঠানৰ কথা প্ৰদেশৰ বাহিৰতো চৰ্চা হবলৈ ধৰিলে৷ অইন প্ৰদেশৰ টিভি ৰিপৰ্টাৰ, আনকি বি বি চিৰো প্ৰতিনিধি মাজে মাজে লাইভ কভাৰেজৰ বাবে আহিব ধৰিলে৷ জিলা পুথিভঁৰাল বন্ধৰ দিনতো খুলিবলৈ আৰম্ভ হ’ল৷ আনহাতে মানুহে মুকলিকৈ মদখোৱাৰ কথা কবলৈ সংকোচ কৰা হ’ল৷ উৎসৱ অনুষ্ঠানতো মদ পৰিৱেশন নোহোৱা হ’ল৷ ৰাতি বিয়লি মহিলাই অকলে ৰাজপথত অহাযোৱা কৰিবলৈ ভয় নকৰা হ’ল৷ চেইন চোৰ কৰা, ৰাস্তাত বাইকৰ তামাচা দেখুৱা চেঙেলীয়াকেইটা হঠাতে অন্তৰ্ধান হ’ল ৷পুলিচ বিভাগৰ মানুহৰ ডিউটি কৰিবলৈ ভাল লগা হ’ল৷ চিকিৎসালয়সমূহত গাড়ী দূৰ্ঘটনাৰ কেচ প্ৰায় নোহোৱাৰ দৰে হ’ল৷ গুৱাহাটীক দেশৰ এখন ” আদৰ্শ নগৰী” হিচাপে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ১৪আগষ্টৰ নিশা দূৰদৰ্শনত ঘোষণা কৰাৰ কথা ৷
-এনেতে মোৰ ম’বাইল ফোনতো দীঘল দীঘল শব্দ কৰি বাজি উঠিল৷ সচকিত হৈ দেখা পালোঁ মই বিচনাত ৷ মোৰ সন্মুখত থকা ৱাল ক্লকত পুৱাৰ ৬টা বজিছে৷ কাটাৰত ৬টা মানে অসমত চাৰে আঠটা৷শ্ৰীমতীয়ে ফোনত কলে -মুখখন ধুই সোনকালে নেটত আহাচোন৷ ওচৰৰ কলিতাদাৰ অসুখ৷ কলিতানী বাইদেৱে তোমাৰ পৰামৰ্শ লবলৈ আহিছে৷
-ছেহ ! তেনেহলে ইমান দেৰী মই সপোনহে দেখি আছিলোঁ —!

 

(৫)

আকৌ শিৰোনামাত নবীন !
(ক)
এবাৰ ইন্টাৰভিউত নবীনক সুধিলে- দায়িত্ব মানে কি বুজা ?
নবীনৰ দায়িত্বশীল উত্তৰ- চাৰ, এটা উদাহৰণেৰে মই অৰ্থটো বুজাব খোজোঁ৷
প্ৰশ্নকৰ্তা – কোৱা৷
নবীন-যেতিয়া পেন্টৰ বুটাম বা হুক চিঙে তেতিয়া
পেন্টৰ চেইনডালৰ ওপৰতে সুৰক্ষাৰ সকলো দায়িত্ব আহি পৰে !
(খ)
কেইজনমানলোকো নবীনক পিটি আছিল৷
নবীনে খঙ কৰাৰ সলনি হাঁহি থকা দেখি এজনে কাৰণটো সুধিলত ক’লে-
নাহাঁহিম কিয় ? মোক এওঁলোকে অপূৰ্ব বুলি ভাবিছে !

 

নাহাঁহিব দেই !

এখন মডাৰ্ণ আৰ্ট এস্কিবিচন চাবলৈ এহাল দম্পত্তি আহিল৷
তাত এজনী সুন্দৰী যুৱতীক গছৰ পাতেৰে ঢাকি থোৱা এখন ছবি আছিল৷
বহুত দেৰী সেই ছবিখনৰ ওচৰত গিৰিয়েকক ৰৈ থকা দেখি মহিলাই আৰু
ধৈৰ্য্য ধৰি ৰাখিব নোৱাৰি মাত লগালে- হব আৰু যাওঁ ব’লা৷ বতাহ-ধুমুহা অহালৈ বাট চাব নালাগে !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!