“ডিজিটেল অসমীয়া”ৰ সমৃদ্ধি সুনিশ্চিত কৰোঁ আহক :মনোৰম গগৈ

বহুতে মাজে মাজে আশংকা প্ৰকাশ কৰে যে ক্ৰমশ: বৃদ্ধি পাই অহা ইংৰাজী ভাষাৰ আগ্ৰাসনে অসমীয়া ভাষাক এদিন মাৰি পেলাব পাৰে৷বিশেষকৈ ৰাজ্যখনৰ গাঁৱে-ভূঞে,নগৰে-চহৰে গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰত অসমীয়া ভাষাৰ জ্ঞান একেবাৰে দিয়া নহয়৷ইংৰাজী ধৰণ-কৰণ অনুকৰণ কৰি এচাম ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মাতৃভাষাক লৈ হীনমন্যতাত ভুগে৷একেদৰে, ৰাজ্যভাষা অসমীয়া বুলি স্বীকৃত হোৱাৰ পিচতো চৰকাৰী কাম-কাজবোৰৰ বেছিভাগেই এতিয়াও ইংৰাজীতহে চলি আছে৷শিপা হেৰুওৱা এচাম অসমীয়াই আকৌ নিজৰ সন্তানে অসমীয়া ভালকৈ পঢ়িব-লিখিব নাজানে বুলি কৈ গৌৰৱহে অনুভৱ কৰে!ইফালে, অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে এশবছৰ আগেয়ে আমাৰ পূৰ্ব-পুৰুষসকলে গঢ়ি তোলা অসম সাহিত্য সভাৰ মজিয়াতো ভাষা সাহিত্য চৰ্চাৰ পৰিৱৰ্তে এতিয়া নিকৃষ্ট ক্ষমতাৰ ৰাজনীতি চলি থকাহে দেখা গৈছে৷এনে প্ৰেক্ষাপটতে অসমীয়া ভাষা-সাহিত্যৰ গৰিমা ৰক্ষাৰ লগতে ইয়াৰ সৰ্বাত্মক বিকাশৰ বাবে এক আন্তৰিক সংঘৱদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন হৈছে৷প্ৰয়োজন হৈছে সময়ৰ সৈতে তাল মিলাই অসমীয়া ভাষাক ইন্টাৰনেটৰ মাধ্যমেৰে ডিজিটেল মাধ্যমতো সমানেই প্ৰতিষ্ঠা কৰাৰ৷

এটা কথা ঠিক যে আৰ্ন্তজাতিক পৰ্যায়ৰ সংযোগী ভাষা হিচাপে ইন্টাৰনেট বা ডিজিটেল মাধ্যমত ইংৰাজী ভাষাৰ প্ৰৱল আধিপত্য আছে৷কিন্তু লগে লগে এই কথাও সঁচা যে ইংৰাজীৰ বাহিৰেও অন্যান্য ভাষাসমূহৰ বাবে ইন্টাৰনেট বা ডিজিটেল জগতখনত সীমাহীন সম্ভাৱনা লুকাই আছে৷এনে সম্ভাৱনাসমূহ আৱিস্কাৰ কৰি তাক বিকশাই তোলাৰ ওপৰতে প্ৰান্তীয় ভাষাসমূহৰ ভৱিষ্যৎ বহুপৰিমাণে নিৰ্ভৰশীল হৈ পৰিছে৷

আনন্দৰ কথা যে এচাম ভাষাপ্ৰেমী-জাতিপ্ৰেমী তৰুণ প্ৰজন্মৰ অসমীয়াৰ উদ্যোগত অসমীয়া ভাষা-সাহিত্যৰ ডিজিটেলকৰণ আৰম্ভ হৈছে৷ইউনিক’ডৰ মাধ্যমেৰে ইন্টাৰনেটত অসমীয়া লিখাৰ প্ৰচেষ্টাই লাহে লাহে বহুতকে আকৰ্ষণ কৰিছে৷ছ’চিয়েল মেডিয়াত অসমীয়া ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷অসমীয়া ৱিকিপেডিয়াতো বহুতে নিজৰ অৱদান আগবঢ়াইছে৷লক্ষণীয়ভাৱে অসমীয়া ভাষাত ই-আলোচনী বা ই-কাকত প্ৰকাশৰ কামো আৰম্ভ হৈছে৷কোনো কোনোৱে আকৌ অসমীয়া লেখকৰ ন-পুৰণি গ্ৰন্থৰাজিক ইউনিক’ডলৈ নি ইন্টাৰনেটত সহজলভ্য কৰি তোলাৰো আঁচনি লৈছে৷বহুতে ব্লগৰ জৰিয়তে অসমীয়াতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে৷এনেবোৰ প্ৰচেষ্টাৰ ফলত ডিজিটেল ৰূপতো যে অসমীয়া ভাষা জিলিকি উঠিব সেয়া নিশ্চিত৷কিন্তু অসমীয়া ভাষাৰ এই ডিজিটেলকৰণ যাতে দ্ৰুতগতিৰ ক্ৰটিবিহীনভাৱে হ’ব পাৰে,সেই কথাত প্ৰতিজন অসমীয়াই গুৰুত্ব দিয়াৰ সময় আহিছে৷

প্ৰথম পৰ্যায়ত অসমীয়া ভাষা-সাহিত্যৰ বিশেষজ্ঞসকলৰ সৈতে তথ্য-প্ৰযুক্তিৰ বিশেষজ্ঞ অসমীয়া সকলে বিষয়টো সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ৷ইন্টাৰনেটত যাতে অসমীয়া ভাষা শুদ্ধ ৰূপত ব্যৱহাৰ কৰা হয়,তাৰ বাবে ব্যৱহাৰকাৰী সকলৰ বাবে নীতি-নিৰ্দেশনাৰ প্ৰয়োজন আছে নেকি,সেই সন্দৰ্ভতো চিন্তা-চৰ্চ্চাৰ প্ৰয়োজন আছে বুলি ভাবোঁ৷বিশেষকৈ ই-আলোচনী বা ই-কাকত প্ৰকাশৰ বেলিকা শুদ্ধৰূপত অসমীয়াভাষাক যাতে জগত-সভালৈ লৈ যাব পৰা যায় সেই দিশত সকলোৱে চকু ৰখা উচিত৷অসমীয়া ভাষাৰ শুদ্ধৰূপ বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰয়োজন হ’লে “অসমীয়া ভাষা প্ৰয়োগ কৰ্তৃপক্ষ”ৰ গঠনৰ ব্যৱস্থা কৰিব পাৰি৷এনে কৰ্তৃপক্ষৰ কাম হ’ব শুদ্ধভাৱে অসমীয়া ভাষা যাতে প্ৰয়োগ কৰা হয়,তাৰ ওপৰত চকু ৰখা৷

দীৰ্ঘদিন ধৰি অসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত থাকি লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত আন এটা কথা মনলৈ আহিছে৷সঠিক পৰিকল্পনাৰে কাৰ্যক্ষেত্ৰত আগবাঢ়িলে অদূৰ ভৱিষ্যতে “ডিজিটেল অসমীয়া সংবাদ- মাধ্যম”এ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷এই সংবাদ-মাধ্যম বহুদিশৰ পৰা আকৰ্ষণীয় হৈ উঠিব পাৰে৷বাতৰি,বিশ্লেষণ,দৃশ্য-শ্ৰাব্য উপাদান আদিৰ সুষম প্ৰয়োগ তথা সুসম্পাদনাৰে প্ৰস্তুত কৰি উলিওৱা “অসমীয়া অন-লাইন নিউজ পৰ্টেল”-এ এদিন যে ছপা মাধ্যম তথা বৈদ্যুতিন মাধ্যমৰ প্ৰতি তীব্ৰ প্ৰত্যাহবানৰ সৃষ্টি কৰিব,সেয়া নিশ্চিত৷
———————————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!