ডেটিং (নিশাংক মিলন)

দোঁ খাই থকা অনিদ্ৰাৰ তলেৰে তেওঁ আহিছে,
ঘঁড়ীৰ কাটা দুডালে খেদি খেদি চুব নোৱাৰা বৰ্তমানত
মই তেওঁলৈ ৰৈ আছো
মৰি অহা গধূলি এটাৰ গেটত,
আৰু মাথো এই এটা গধূলিৰ বাবে তেওঁ পিন্ধি আহিছে তেওঁৰ প্ৰিয়তম শূন্যতা
যি ঢাকি থব পৰা নাই মোৰ শোকৰ উদং গা ;

সকলো গছৰে সিদিনা পাতিবলগীয়া অলেখ কথা আছিল
যাৰ গুণগুণণিৰ তলত অধিৰ বেঞ্চবোৰে লুকুৱাই থৈছিল আলিঙ্গনৰ আখাৰা
আৰু চুমাৰ সুদীৰ্ঘ ক্লান্তি ,
প্ৰেমৰ গভীৰতাৰ পৰা আহি নিয়ৰবোৰ তিতিছিল প্ৰতিষাৰ
কথাৰ খিৰিকিৰ পৰ্দাত
পাত জপাই যাৰ বাবে জোপোহাবোৰে ঠাই এৰি দিছিল
অন্ধ আন্ধাৰক ;

ধূলিয়ে সাৱটি ধৰা জোতাত ক্ৰমশ
কোনো কেচুৱাৰ দৰে শুই পৰিছিল আমাৰ খোজ
আৰু সেয়ে সৰাপাতবোৰৰ হেলনীয়া দুখৰ কোনোবাখিনিত
আমি বহিছিলো ,
যি বিষন্নতাৰে তিতি আছিল ঘাঁহবোৰৰ সেউজীয়া চুলি
সেয়া মই তুলি দিছো তেওঁৰ হাতত
তেওঁৰ কাতৰ আঙুলিৰ পাৰতে ৰৈ আছিল মোৰ আত্মা
যিয়ে সেমেকাই তুলিছিল বিনম্ৰ শিলবোৰক ,
আৰু সেই প্ৰাচীন শব্দ এটাৰ কেঁকুৰিত
লগালগি হৈছিল আমাৰ ওঁঠৰ বৰফ
এটা নীৰৱতাৰ দোলক চকুমুদি দুলি আছিল য’ত
স্বপ্নমগ্ন সন্ধিয়াবোৰৰ ইচ্ছাত ,

দীঘল হৈ অহা গুণগুণণিৰ ঘাঁহবোৰৰ মাজত
আমি যেতিয়া নেদেখা হৈ আহিছিলো ইজনে সিজনৰ মুখ,
আমি কাক দেখিছিলো ?
সেই কথাবোৰটো কোনেও নাজানে
ওলাই যোৱাৰ চুক্তি কৰি
আমি যে সোমাই আছো নিজৰেই অভ্যন্তৰত,
মই তেওঁক জুমি চাও
তেওঁ মোক জুমি চায়
কলাক্ষেত্ৰত কোনে বাই যায় শীত ?

তেওঁৰ কফিৰ কাপটোত অথবা
মিনাৰেল ৱাটাৰৰ বটলটোৰ ওঁঠত
সাৰে থকা স্পৰ্শৰ ইমান ৰূপালী কাইট
কোন বসন্তই মোৰ বুকুৰ পৰা ছিঙি নিব পাৰিব
কফিৰ গোন্ধবোৰে জানিছিল নেকি সিদিনা সেই কথা ??

ঘূৰণীয়া টেবুল চকীযোৰ য’ত
আমি উদযাপন কৰিছিলো নৈশব্দৰ উৎসৱ ,
আৰু হাঁহিৰ চাবুকবোৰ
যাৰ সিপাৰে সাৰে থাকে মোৰ আহত নিদ্ৰা
এই সকলোবোৰৰ বাবে সন্ধিয়াটো সিদিনাৰে পৰা
মোচৰ খাই থাকে মোৰ বুকু ভিতৰত !!

***********************************

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!