ঢাকাৰ শ্বাহবাগ স্কোৱেৰৰ গণ-প্ৰতিবাদ (ডাঃ উদ্দীপ তালুকদাৰ)

ৰাজনৈতিক নিৰীক্ষণঃ

বাংলাদেশ–আমাৰ চুবুৰীয়া এই ৰাষ্ট্ৰখনত বৰ্তমান এক জটিল পৰিস্থিতিৰ মাজেৰে গৈ আছে। ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানৰ সপক্ষে মতামত দিয়া এটা ৰাজনৈতিক দলৰ বিৰুদ্ধে বাংলাদেশৰ ব্লগ আদিত কেইবাবছৰ ধৰি মতামত ব্যক্ত কৰা হৈছে। এইখিনি মানুহে এই ৰাজনৈতিক দলৰ নেতাসকলে মানি চলিব বিচৰা ইছলামীয় নীতিৰ বিৰোধী (ঠিক শ্বৰিয়ত আইনৰ কথা অহা নাই ইয়াত)। এই আচিলাকে লৈ বৰ্তমানৰ বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধ-অপৰাধীসকলৰ বিচাৰৰ বাবে ট্ৰিব্যুনেল স্থাপন কৰে ২০১০ চনত। এই ট্ৰিব্যুনেলে ৫ ফেব্ৰুৱাৰীত যুদ্ধ-অপৰাধত অভিযুক্ত কৰি আব্দুল কাদেৰ মোল্লা নামৰ ব্যক্তিগৰাকীক যাৱজীৱন কাৰাদণ্ড বিহে। ইবাৰ পাছতে বাংলাদেশৰ সংঘাতৰ এক মহল আৰম্ভণি হয়।

যুদ্ধ-বন্দীসকলক কাৰাদণ্ডৰ দৰে লঘূ শাস্তি নিদি চৰম শাস্তি দিয়াৰ দাবীৰে ঢাকাৰ শ্বাহবাগ স্কোৱেৰত বহুলোক সমবেত হ’বলৈ ধৰে। বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত বাংলাদেশৰে একাংশ লোকে পাকিস্তানৰ শাসন অৱধাৰিত কৰি ৰাখিবলৈ বিচাৰিছিল আৰু তেওঁলোকে পাকিস্তানৰ হৈ কাম কৰিছিল। এওঁলোকক বোলা হৈছিল ৰাজাকাৰ। ৰাজাকাৰসকল চৰমপন্থী মুছলমান আছিল, আৰু পাকিস্তানৰ লগত থকাৰ কাৰণো তেওঁলোকৰ বাবে সেইটোৱেই আছিল। বাংলাদেশৰ মুক্তি-যুদ্ধ ঘাইকৈ সীমাসমূহত হৈছিল। কিন্তু ৰাজাকাৰসকলে দেশৰ ভিতৰতে থাকি হত্যা, হিংসা, ধৰ্ষণ আদিৰে পৰিবেশত আতংক বিয়পাইছিল । সেইবাবেই বেছিভাগ বাংলাদেশীৰে মনত ৰাজাকাৰসকল দেশদ্ৰোহী হিচাপেই পৰিচিত। সেই ‘ৰাজাকাৰ’ এতিয়া নাই যদিও, এটা ৰাজনৈতিক দলে মুক্তিযুদ্ধৰ সময়ত পাকিস্তানক সমৰ্থন কৰিছিল, আৰু পিছলৈ দলটো স্বাধীন বাংলাদেশৰো ৰাজনৈতিক দল হয়। যুদ্ধ-বন্দীসকলক চৰম শাস্তি দিয়াৰ পোষকতা কৰা সকলে এই দলৰ আৰু চৰমপন্থী মুছলমানসকলকো সমৰ্থন নকৰে। শ্বাহবাগ স্কোৱেৰত জমা হোৱা সকলে প্ৰতিবাদীসকলে কৈছে যে যেতিয়ালৈ যুদ্ধ-অপৰাধীসকলক চৰম শাস্তি দিয়া নহয়, তেওঁলোক তেতিয়ালৈ নাযায়। তেওঁলোকে তাত অৱস্থান কৰি বাংলাদেশৰ সাংস্কৃতিক উৎসৱ, গীত-মাত, আদিৰে প্ৰতিবাদ কৰি আছ। চৰম-শাস্তি প্ৰদান কৰাৰ উপৰিও তেওঁলোকৰ দাবীসমূহত আছে ‘জামাত-ই-ইছলামী’ক নিষিদ্ধ ঘোষণা কৰা, আৰু উগ্ৰ-মুছলমান দলৰ হাতত থকা (ইংৰাজী কাকতত Islamist groups) ব্যৱসায়-বাণিজ্যৰ ধন ৰাষ্ট্ৰীয়কৰণ কৰিবলৈ কৰিবলৈ দাবী জনাইছে। ইয়াৰ অন্যথা তেওঁলোক শ্বাহবাগৰপৰা আঁতৰি নাহে৷

ইয়াৰ সমান্তৰাল ভাৱে তেওঁলোকৰ মুখ্য লক্ষ্য ‘জামাত-ই-ইছলামী’ৰ দলৰ লোকে ইয়াক শাসকীয় দলৰ ৰাজনৈতিক অভিসন্ধি আখ্যা দি হৰতাল ঘোষণা কৰে। উল্লেখনীয় যে বিচাৰাধীন যুদ্ধ-বন্দী সকলৰ বেছিভাগেই ‘জামাত-ই-ইছলামী’ দলৰ সদস্য, আৰু দুগৰাকী বিৰোধী দলৰ। সেয়ে তেওঁলোকে ইয়াৰ চৰকাৰী অভিসন্ধি বুলি উল্লেখ কৰে। ইয়াৰ মাজতে ‘জামাত-ই-ইছলামী’ৰ বিৰোধিতা কৰি ইণ্টাৰনেটত ব্লগ লিখা আহমেদ ৰাজীৱ হালদাৰক ৰাজপথত হত্যা কৰা হয় ১৫ ফেব্ৰুৱাৰীত। ইয়াৰ লগে লগে শ্বাহবাগ-ৰ জাগৰণ আৰু প্ৰৱুদ্ধ হ’বলৈ আৰম্ভ কৰে। বাংলাদেশৰ অধ্যাপক, চিকিৎসক, বেংকৰ চাকৰিয়াল আদিয়েও শ্বাহবাগ স্কোৱেৰত সমবেত হ’বলৈ আৰম্ভ কৰে। ‘জামাত’ দলৰ প্ৰতিবাদক নিয়ন্ত্ৰণ কৰিবলৈ গৈ চৰকাৰী বাহিনীয়ে ৪ জনক হত্যা কৰে। জামাত-য়ে শ্বাহবাগ স্কোৱেৰত হোৱা সকলক ইছলামী বিৰোধী আখ্যা দিয়ে। জামাত হৰতালৰ সপক্ষে মাদ্ৰাছাৰ ছাত্ৰসকল ৰাজপথলৈ ওলাই আহে।

বৰ্তমান প্ৰতিবাদ, প্ৰতি-প্ৰতিবাদ, হৰতালৰ মাজেৰে বাংলাদেশ উখল-মাখল । আৰক্ষীয়ে ইতিমধ্যে বহুতো ব্লগ বন্ধ কৰি দিছে। এই উথল-পুথলৰ মাজত মুঠ নিহতৰ সংখ্যা ৫ জন শনিবাৰলৈ।

বাংলাদেশৰ এই জাগৰণে যদি সঁচাকৈয়ে তাৰ ভিতৰত ‘গোড়া-মুছলমান’ আৰু ‘প্ৰগতিকামী’ ব্যক্তিসকলৰ (এই শব্দকেইটা Islamist আৰু progressive শব্দকেইটাৰ অনুবাদ হিচাপেহে ব্যৱহাৰ কৰিছোঁ, প্ৰকৃত অসমীয়া অৰ্থটো বুজোৱা হোৱা নাই) মাজত থকা বিভাজন তীব্ৰতৰ কৰি তোলে, তেন্তে মৌলবাদীসকলে কি ভূমিকা ল’ব আদি বোৰে আমাৰ বাবে সুদূৰ-প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব।

বাংলাদেশৰ এই জনজাগৰণে আমাৰ দেশ আৰু বিশেষকৈ আমাৰ ৰাজ্যৰ কাৰণে অতি বিশেষ, এই জাগৰণৰ ফলাফলে হয়তো বাংলাদেশৰ ভৱিষ্যত নিৰ্মাণত মুখ্য ভূমিকা ল’ব। সেয়ে ইয়াক অতি সক্ৰিয়তাৰে নিৰীক্ষণ কৰাটো আমাৰ ৰাজনৈতিক বিশ্লেষকসকলৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু আচৰিত ধৰণে আমাৰ এখন কাকততো এই বিষয়ে একো পঢ়িবলৈ পোৱা নাই। কিন্তু বিবিচি, অৱজাৰ্ৱাৰ আদি বাতৰি কাকতত ইয়াৰ খবৰ প্ৰায় নিতৌ প্ৰকাশ পাই আহিছে। এই বিষয়ে আমাৰ অকব-তেই কেবাদিনো আগতে খুৱ সম্ভৱ ‘কুশল দত্ত’ (নামটো অকণমান খেলি-মেলি হ’ব পাৰে, কাৰণ সেই পোষ্টটো মই এতিয়া বিচাৰি পোৱা নাই) ডাঙৰীয়াই উনুকিয়াইছিল । সেইটো পঢ়িয়েই এইকেইদিন অলপ খবৰ ৰাখি আছিলোঁ বাবে এইখিনি লিখিলোঁ ।

বাংলাদেশৰ প্ৰতি আমি বিশেষকৈ অসমীয়া মানুহখিনিয়ে এক সাংঘাতিক steretypical মনোবৃত্তি ৰাখোঁ। কিন্তু সেইটো সঁচা নহ’বও পাৰে। সেই মনোবৃত্তিটোৰ বাবেই আমি কিছুমান কথা বুজিবলৈ মুঠেই প্ৰয়াস নকৰি কথাবিলাক আৰু গোলমলীয়া কৰি পেলাও। আগতে আমি আমাৰ বাতৰি-কাকত, টিভি, ৰেডিঅ’-ই যিখিনি কয়, তাৰ বাহিৰে জানিবলৈ একো উপায় নাছিল। কিন্তু ইণ্টাৰনেটাৰ কৃপাত সেই সীমাবদ্ধতা নাই। সেয়ে কিনো হৈ আছে, নিজেই অকণমান নেট খুঁচৰি বিচাৰি ল’ব পাৰি। আমাৰ সীমাতে লাগি থকা দেশখনত কিনো হৈ আছে, সেইখিনি খবৰ ৰখাটো আমাৰ প্ৰতিজনৰে দায়িত্ব, কাৰণ তেনে ঘটনাৰ প্ৰভাৱ আমাৰ ওপৰতো পৰে।
পুনশ্চঃ
৫ ফেব্ৰুৱাৰীত ৰায়দান কৰা মোল্লাৰ যাৱজীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ আগতে দেশখনত ‘জামাত-ই-ইছলামী’য়ে হিংসাৰ সৃষ্টি কৰিছিল। বহুতো ব্লগাৰে আগৰেপৰাই যুদ্ধ-অপৰাধীসকলক শাস্তি দিয়া দাবী তুলি আহিছিল। এই ঘটনাত তেওঁলোকে অভিযোগ তোলে যে বৰ্তমানৰ চৰকাৰ আৰু জামাত-ৰ মাজত কিবা গোপন বুজা-বুজি আছে বা জানিবুজিয়েই চৰকাৰে পৰ্যাপ্ত সাক্ষ্য-প্ৰমাণ দাঙি ধৰা নাই, বা জামাত দলৰ হিংসাৰ আতংকত মূৰ দোৱাই চৰকাৰে শাস্তি কম কৰিছে। ব্লগাৰসকলেও ঢাকা ইউনিভাৰ্চিটিৰ নিকটতম শ্বাহবাগ স্কোৱেৰত সমবেত হৈ এই ৰায়ৰ প্ৰতিবাদ কৰিবলৈ গোহাৰি দিয়ে। ইয়াৰ পাছতেই শ্বাহবাগ স্কোৱেৰত লোক সমবেত হ’বলৈ ধৰে আৰু প্ৰতিবাদ তীব্ৰতৰ হৈ গৈ থাকে। বৰ্তমানেও নতুন নতুন লোক এই প্ৰতিবাদত চামিল হ’বলৈ আহি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!