ঢেঁকীয়াপতীয়া (চৈয়দ আহমদ ছাহ)

(WILLIAM BLAKE ৰ বিখ্যাত কবিতা TYGER ৰ অসমীয়া ৰূপান্তৰ)

বাঘ! বাঘ!! সৌৱা ঢেঁকীয়াপতীয়া !!!
হাবিত জ্বলিছে ৰাতি,
কোনে অমিত হাতেৰে সৰজিলে তোৰ
ভয়াবহ মূৰুতি ?

অসীমৰ কোন গৰ্ভত জ্বলে
তোৰ দুচকুৰ জুই?
(কোনে) সাহসেৰে মেলে আশাৰ ডেউকা
অগনি হাতেৰে ছুই ?

কিনো শকতিৰে নিপুন হাতেৰে
ৰচিলে হৃদয় তন্ত্র?
নহ’লনে বুকুৰ ধপ ধপনিত
হাত ভৰি সন্ত্রষ্ট ?

ক’ৰেনো হাতুৰী, ভীমকায় শিকলি, কোন কমাৰৰ শাল?
মগজুৰ সেই দাউ দাউ জুই ভাটিত জ্বলিছিল কাৰ?
ভয়ানক তোৰ মৰণ খামোচ কোনেনো দুহাতে ধৰি
সৰজিলে তোক ঢেঁকীয়াপতীয়া কিযে আঁচনি কৰি ?

যেতিয়া তৰাই দিয়ে দলিয়াই জ্যোতিৰ জোঙাল যাঠি
চকুলোৰে বানে নিয়ে উপচাই সৰগৰ সাৰুৱা মাটি
নিজৰ হাতৰ কাম দেখি নিজে লভিলেনে সন্তোষ?
যিয়ে সৰজিলে নিমাখিত ভেড়া তেৱেঁ স্রজিলেনে তোক ?

বাঘ! বাঘ!! সৌৱা ঢেঁকীয়াপতীয়া !!!
হাবিত জ্বলিছে ৰাতি,
কোনে সৰজিলে অসীম সাহেৰে
(তোৰ) ভয়াবহ মূৰুতি ?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!