তপা মুৰৰ বিপদ – ডা° অনুপ বৈশ্য

(১)
হৰেনৰ বয়স বেছি হোৱা নাই যদিও বিয়াৰ সময়ত মূৰত চুলি নাই বুলিয়েই কব পাৰি আৰু যি কেইডাল আছিল পুত্ৰৰজন্মৰ সময়ত তাৰো মূধা মৰিল৷ পুত্ৰইজন্মতেই তাক তপা হিচাবেই দেখিলে৷ গুৱাহাটীত চাকৰি কৰে কাৰণে সপ্তাহত এদিনকৈ ঘৰত যায়৷ সি নোযোৱা দিন কেইটাত মিছেছে সিহঁতে উঠা বিয়াৰ ফটোখন দেখুৱাই পোৱালিটোক কয়..বাবু চোৱা পাপা পাপা! সিও কয় পা….পা৷ এইখিনিলৈ থিকেই আছিল৷ পিছে অথন্তৰটো হ’ল লৰাই যিকোনো তপা মানুহ দেখিলেই পাপা পাপা কৰে৷ তাই এদিনাখন বজাৰলৈ গৈ পাঁচজনমান তপা লগ পালে৷ দুই বছৰীয়া লৰাই কলে মা পাপা পাপা চব পাপা৷ তপা কেইজনে ঘূৰি চালে তাইলৈ৷ তাৰেই এজন তপাৰ ঘৈণীয়েকে ঘোপাকৈ তাইলৈ চালে৷ তাই তাৰ মুখত সোপা দি কোনোমতে লৰা লৰিকৈ আহি ঘৰ পালেহি৷
(২)
পাঁচজন বন্ধুৱে হোটেলত চাহ খাবলৈ গ’ল৷ তাৰেই এজন একেবাৰেই তপা৷ চাহ খাই সকলোৱে উঠি আহিল৷ বিল পৰিশোধ কৰাৰ সময়৷ এজন বন্ধুৱে তপালৈ চাই কলে ..আজি বিলটো তয়েই দি৷ সি আপত্তি কৰিলে, মই অকলে কিয় দিম৷ এজনে তপৰাই মাত লগালে তই দিবই লাগিব৷ কিয় সি কলে৷ তোৰ যে চুলি কটা খৰচ নাই৷ বাকী কেইজনে খেক খেকাই হাঁহি দিলে৷
(৩)
চিকিৎসকৰ কক্ষত ৰোগীজন সোমাই মুখখন সেমেকি উঠিল৷ চিকিৎসকে কলে বহা৷ কি অসুবিধা তোমাৰ৷ কথাখিনি শুধি ঔষধ লিখি দিলে৷ ছাৰ ভাল হবনে? ৰোগীৰ শংকা৷ একেবাৰেই চিন্তা নকৰিবা৷ ১০০শতাংশ ভাল হব৷ নহয় মানে ছাৰ..ৰোগীজনে মূৰটো খজুৱাই খজুৱাই কলে…..আপুনি ব্যৱহাৰ কৰা নাছিল নেকি? ৰোগীজনে চিকিৎসকৰ মূৰৰ পিনে আৰু চিকিৎসকজনে ৰোগীজনৰ চকুৰ পিনে ৰহ লাগি চাই থাকিল৷
(৪)
মানুহজনৰ চুলিৰ প্ৰতি বৰ মোহ৷ সেই বাবেই তপা মূৰটো ঢাকিবলৈ কাণৰ ওপৰৰ চুলিখিনি খুব দীঘল কৰে যাতে পকাই নি ইফালৰ পৰা সিফাল আৰু সিফালৰ পৰা ইফাল কৰি বগা তালুখন ঢাকিব পাৰে৷ তেওঁৰ এই বেশভূষাৰ বাবেই কোনেও গমেই পোৱা নাছিল যে তেওঁৰ তালুত এডালো চুলি নাই৷ এদিনাখন বিবাহৰ পাৰ্টিত হাতত দিছখন লৈ খাই আছিল তেওঁ৷ হঠাৎ কোনোবাই তীব্ৰবেগী ষ্টেণ্ড ফেনখন তেওঁৰ পিনে ঘূৰাই দিলে৷ বেচেৰাৰ দুকোছা চুলি দীঘলকৈ বেণীৰ দৰে দুয়োখন কাণৰ কাষেৰে ওলমি থাকি বগা তালুখন পৰিস্ফুট হৈ পৰিল৷ দিছখন হাতত লৈ বেচেৰা কিং কৰ্তব্য বিমূঢ় হৈ ভেবা লাগি চাই থাকিল৷ কাষৰ সুন্দৰী কেইজনীমানে তেওঁৰ পিনে চাই খেক খেকাই হাঁহি দিলে৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!