তাই – তৃষ্ণা দেৱী

বতাহজাক বৰ বেগেৰে আহিছিল৷ আগফালে থকা বেকা তামোলজোপা হালি আহি মাটি চুইছিলহি৷ দুপৰীয়া বাৰ বজাতেই গোটেইখন এন্ধাৰ কৰি ধৰিছিল৷

“শিল-ধুমুহাই আহিব এতিয়া, এনেই মাঘমহীয়া ঠাণ্ডা, তাতে আকৌ বতৰৰ এইয়া ৰূপ, হে ভগৱান, তুমিহে জানা কি কৰা৷ “ ভিতৰৰ পৰা আইতাৰ মাত৷

ঘৰৰ সকলো মানুহ শংকিত৷ ধুমুহাজাকে কিবা অমংগল মাতিছে নেকি? দেউতাক অস্থিৰ, মাকে বাৰান্দাতে বহি চকুপানী মচি আছে৷ সকলো মাকৰ দৰেই তেওঁৰো একেই চিন্তা “ল’ৰাটো ক’লৈ গৈছে, কি কৰিছে, কিবা খাইছে নে নাই৷ “

ঘৰৰ ডাঙৰ ল’ৰাটো আজি দুদিন ধৰি ঘৰলৈ অহা নাই৷ ফোনটো উঠোৱা নাই৷ যাওঁতে দেউতাকৰ লগত কাজিয়াও কৰি গৈছে৷ খঙৰ ভমকতে সি পিন্ধি থকা হাফ-চুয়েটাৰটোৰ সৈতেই গুচি গৈছে৷

তাৰ বয়স সাতত্ৰিশ বছৰ মান হ’ব৷ ঘৰৰ মানুহে জোৰ কৰিও তাৰ বিয়া খন পাতি দিব পৰা নাই৷ সি বোলে বিয়া কৰাই নিজকে এটা বান্ধোনৰ মাজত সুমুৱাই ৰাখিব নোখোজে৷ সৰুয়ে পৰাই সি অলপ বেলেগ আছিল বুলি মাকহঁতে কয়৷ সি মানুহক সহায় কৰি ভাল পায় কিন্তুু বহুতে তাৰ পৰা সুবিধাও লয়৷ সি সলনি নহয়, মানুহৰ বাবে কিবা এটা কৰাৰ তাৰ তীব্ৰ হেপাঁহ৷ সি মাকক কয়,

“ পৃথিৱীখন বিৰাট ধুনীয়া মা, আমিহে সদায় বেয়া বস্তুবোৰত চকু দি ফুৰো৷ “

যোৱা কেইবছৰ মানৰ পৰা শিশুৰ অনাথ-আশ্ৰম এখনৰ লগত জড়িত হৈ আছে সি৷ কণ-কণ শিশু বোৰে তাক জীয়াই থকাৰ প্ৰেৰনা দিয়ে৷ সিহঁতৰ দুখত সি দুখী হৈ পৰে, সিহঁতৰ মাজত বিচাৰি পায় জীৱনৰ ৰং৷ সিহঁতৰ কষ্ট দেখিলে কেতিয়াবা তাৰ বিৰাট খং উঠে সমাজৰ ওপৰত, মানুহৰ ওপৰত৷ ডাঙৰ মানুহে কৰা ভুলৰ ফল সদায় সৰু হঁতেই কিয় পায়? সমাজৰ নিয়ম বনোৱা ডাঙৰ ডাঙৰ মানুহ বিলাক কিয় মনে মনে থাকে?

মাকে তাক সদায় কয় “ এই অনাথ আশ্ৰম খনেই তোৰ কাল হ’ল, আমি বোৱাৰী নাতি-পুতিৰ মুখ নেদেখাকৈ মৰিব লাগিব? “ সি একো নকয়, হাঁহি মাৰি আতঁৰি যায়৷

এমাহ মানৰ আগৰ কথা, তিনিবছৰীয়া অকণমানি ছোৱালী এজনী আনিছিল আশ্ৰমলৈ মানুহ এজনে৷ তাইৰ মাকৰ মৃত্য়ু হৈছে আৰু দেউতাকে তাইক এৰি থৈ গুচি গৈছে ক’ৰবালৈ৷ ছোৱালীজনীয়ে খুব ভয় খাইছিল, কান্দিছিল চিঞৰি চিঞৰি৷ সেইদিনা তাইক দেখি তাৰ অন্তৰত কিবা এটা হৈছিল, ইমান মৰম লগা ছোৱালীজনী.. আশ্ৰমৰ কষ্টকৰ জীৱন.. তাই কেনেকৈ জীয়াই থাকিব?

সি এটা সিদ্ধান্ত ল’ব খুজিছিল…৷

স্বাভাবিকতেই ঘৰত মাক দেউতাকহঁত কোনো ৰাজি নহ’ল৷ মাকৰ কেইবাদিনলৈ টোপনিও নাহিল৷ দেউতাক আৰু পুতেকৰ মাতবোল বন্ধ হ’ল৷ ঘৰৰ ডাঙৰ ল’ৰাটোৰ জীৱনলৈ এইদৰে জানি বুজি অমানিশা নমাই আনিবলৈ কোন মাক-দেউতাকে নো দিব পাৰে?

চাওঁতে চাওঁতে মাঘৰ বিহু পালেহি৷ বাহিৰৰ বিহুৰ আয়োজন, ৰং-তামাচাই সিহঁতৰ ঘৰ চুবহি পৰা নাই৷ তাৰ কাৰণেই সকলোৰে ইমান অশান্তি হৈছে, তাৰ ভাল লগা নাই৷ সি মাকৰ ওচৰত বহিলগৈ৷
“ মা, তহঁতে মোক কিয় ইমান বাধা দিছনো, মই জানো কিবা বেয়া কাম কৰিবলৈ উলাইছো? সমাজৰ কথা, মানুহৰ কথা কিয় ভাবিছ ইমান? যি কৰিছো নিজেই কৰিছো, ভাল হ’লেও আমাৰে, বেয়া হ’লেও আমাৰেই হ’ব৷ ”

“কিন্তুু তেজ-মঙহৰ সৰ্ম্পক নথকা, জাত-কুল একো নজনা ছোৱালী এজনীক নো কেনেকৈ ঘৰত ঠাই দিওঁ, আৰু তোৰ জীৱন টো কি হ’ব?”
মাকৰ চকুৰ পানী ওলাই আহিল, পুতেকৰ ভবিষ্য়ত কি হ’বগৈ তেওঁলোকে ভাবিবও পৰা নাই৷

“মা, তহঁতে এনেয়ে ইমান চিন্তা কৰিছ, মই যি কৰিবলৈ লৈছো বহুত ভাবি চিন্তিহে কৰিছো৷ তেজ-মঙহৰ সৰ্ম্পক টো ডাঙৰ কথা নহয়, আচল কথা বিশ্ৱাস, আস্থা আৰু শিক্ষা৷ মই তাইক শিকাম মানুহক ভাল পাবলৈ, আকাশ চাবলৈ, তোৰ নিচিনা সহনশীল হ’বলৈ৷ তোৰ জানো দেউতাৰ পৰিয়ালৰ মানুহৰ লগত তেজৰ সৰ্ম্পক আছিল, তই আইতাৰ কাৰণে যিমান কৰিছ নিজৰ জীয়েক পুতেক হঁতেও দেখুন কৰিব পৰা নাই৷ দেউতাকো ক’বি মই মোৰ সিদ্ধান্ত সলনি নকৰোঁ, তহঁতে যি কৰ কৰিবি৷”

দেউতাকে পুতেকৰ সিদ্ধান্ত শুনি খঙত টিঙিৰি তুলা হৈ কিবা-কিবি কৈ ওলাই গ’ল, সিও ওলোটাই কিবাকিবি কৈ গুচি গ’ল৷ দেউতাক সন্ধিয়া ঘূৰি আহিল, সি নাহিল৷

আজি মাঘ বিহুৰ উৰুকা৷ দুপৰীয়া দুই বাজিছে৷ ধুমুহাজাক লাহে লাহে কমিছে, আকাশখনো অলপ মুকলি হৈছে৷ বিহুৰ বজাৰলৈ মানুহবোৰ উলাইছে খৰধৰকৈ৷ বহুসময় ধৰি বাৰান্দাতে বহি থকা দেউতাকে কি জানো চিন্তা কৰিলে বহি থকাৰ পৰা উঠি গৈ ঘৈণীয়েকক ক’লে–
“ সি যি ভাল দেখে তাকে কৰিবলৈ দিয়া, মই তাক আৰু বাধা নিদিওঁ৷” সিও এইবাৰ মাকৰ ফোনটো উঠালে দেখুন৷

বাহিৰত গাড়ী এখন ৰোৱা শব্দ হ’ল, মাক দৌৰ মাৰি ওলাই গ’ল৷ পুতেক গাড়ীৰ পৰা নামিছে আৰু তাৰ হাতত ধৰি এজনী তিনি বছৰীয়া ছোৱালী নামিছে৷ মাক আগবাঢ়ি গ’ল৷ বগাকৈ ক্ষীণ ছোৱালীজনীৰ চকুকেইটা ভয়-শংকাৰ মাজতো তিৰবিৰাই আছে, তাই মাকলৈ চাই যেন কৈছে–
“ মোক নিজৰ কৰি লোৱা, মই একো ক্ষতি নকৰো তোমালোকৰ৷” —

মাকে তাইক আকোৱালি ল’লেগৈ আৰু তালৈ চাই ক’লে “ ব’ল দেউতাৰ ওচৰলৈ, দুদিন ধৰি ঘৰখনৰ কোনোৱে খোৱা নাই, শুৱা নাই, তোৰ জানো চিন্তা আছে৷”

সি দেউতাকৰ ওচৰলৈ তাইক লৈ গ’ল “দেউতা এইয়া তোমাৰ নাতিনী আকাংক্ষা৷”

দেউতাকে খিৰিকিৰে আকাশলৈ চাই আছিল, পশ্চিমৰ আকাশত ধুনীয়া ৰামধেনু এখনে আকাংক্ষাক তেওঁলোকৰ ঘৰলৈ আদৰণি জনাইছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!