‘তা’ আৰু ‘ত্ব’ প্ৰত্যয়ৰ ভুল প্ৰয়োগ – শোণিত হাজৰিকা


আমি কিছুমান শব্দৰ পিছত ’তা’ আৰু ’ত্ব’ লগাই সেই শব্দবোৰ ভুল কৰি পেলাওঁ‌৷ যেনেঃ লাৱণ্যতা৷ লাৱণ্য শব্দটো নিজেই বিশেষ্য (গুণবাচক বিশেষ্য), ইয়াৰ পিছত ’তা’ লগাই ইয়াক পুনৰ বিশেষ্যৰ ৰূপ দিবলৈ গ’লে ভুলহে হ’ব৷
কিছুমান বিশেষ্য বা বিশেষণৰ পিছত ’ত্ব’ আৰু ’তা’ প্ৰত্যয় যোগ কৰি নতুন শব্দ (গুণবাচক বিশেষ্য) গঠন কৰোঁ৷ যেনেঃ সাধু (বিশেষণ)—- সাধুতা (গুণবাচক বিশেষ্য), মাতৃ (বিশেষ্য)—- মাতৃত্ব (গুণবাচক বিশেষ্য)৷ এনেকৈ জাতিবাচক বিশেষ্যৰ পৰা গুণবাচক বিশেষ্য হোৱা ৬টা উদাহৰণ তলত দেখুওৱা হৈছে—
বিশেষ্য (জাতিবাচক) —– বিশেষ্য (গুণবাচক)
দাস —– দাসত্ত্ব
পিতৃ —– পিতৃত্ব
বন্ধু —– বন্ধুত্ব
সখী/ সখা —– সখিত্ব /সখ্য
বীৰ —– বীৰত্ব
মনুষ্য —– মনুষ্যত্ব /মনুষ্যতা
আজি একুৰি গুণবাচক বিশেষ্য (abstract noun) আগবঢ়াইছোঁ‌, যিবোৰৰ লগত ’ত্ব’ বা ’তা’ যোগ নহয়৷ তলত ২০টা গুণবাচক বিশেষ্যৰ ভুল আৰু শুদ্ধ দুয়োটা ৰূপেই দিয়া হৈছে৷ এইকেইটাৰ পিছত ’ত্ব’ বা ’তা’ প্ৰত্যয় যোগ কৰিলে ভুল হ’ব৷ বন্ধনীৰ ভিতৰৰ ৰূপটো অৱশ্যে শুদ্ধ৷
শুদ্ধ ভুল
১৷ আলস্য (অলসতা) ——— আলস্যতা
২৷ উৎকৰ্ষ ( উৎকৃষ্টতা) ——— উৎকৰ্ষ
৩৷ ঐক্য (একতা) ——— ঐক্য
৪৷ চাতুৰ্য (চতুৰতা) ——— চাতুৰ্যতা
৫৷ দাৰিদ্ৰ্য (দৰিদ্ৰতা) ——— দাৰিদ্ৰ্যতা
৬৷ দৈন্য (দীনতা) ——— দৈন্য
৭৷ দৈৰ্ঘ্য্য্য (দীৰ্ঘতা) ——— দৈৰ্ঘ্য্য্যতা
৮৷ ধৈৰ্য (ধীৰতা) ——— ধৈৰ্যতা
৯৷ পাৰ্থক্য (পৃথকতা) ——— পাৰ্থক্যতা
১০৷ প্ৰাচুৰ্য (প্ৰচুৰতা) ——— প্ৰাচুৰ্যতা
১১৷ প্ৰাধান্য (প্ৰধানতা) ——— প্ৰাধান্যতা
১২৷ প্ৰাবল্য (প্ৰবলতা) ——— প্ৰাবল্যতা
১৩৷ বৈচিত্ৰ্য (বিচিত্ৰতা) ——— বৈচিত্ৰ্য
১৪৷ বৈশিষ্ট্য (বিশিষ্টতা) ——— বৈশিষ্ট্যতা
১৫৷ মাধুৰ্য ( মধুৰতা) ——— মাধুৰ্যতা
১৬৷ সাদৃশ্য (সদৃশতা) ——— সাদৃশ্যতা
১৭৷ সামৰ্থ্য (সমৰ্থতা) ——— সামৰ্থ্য
১৮৷ সৌজন্য (সুজনতা) ——— সৌজন্য
১৯৷ সৌন্দৰ্য (সুন্দৰতা) ——— সৌন্দৰ্যতা
২০৷ সৌহাৰ্দ্য (সুহৃদ্যতা) ——— সৌহাৰ্দ্যতা
দুদিনমানৰ আগতে কবিতাৰ গোট এটাত এগৰাকী উচ্চশিক্ষিত কবিয়ে (ডক্টৰেট ডিগ্ৰীধাৰী) তেখেতৰ এটা ধুনীয়া কবিতাত ’নষ্টালজিকতা’ শব্দটো প্ৰয়োগ কৰিছে৷ কবিতাটোৰ ভাব-ভাষা আৰু প্ৰকাশভংগী অতি সুন্দৰ৷ কিন্তু এটা ইংৰাজী শব্দত সংস্কৃতৰ তদ্ধিত প্ৰত্যয় যোগ কৰাটো ভুল কথা৷ ’nostalgic’ শব্দটো ব্যৱহাৰ কৰাত কোনো আপত্তি নাই৷ নৱকান্ত বৰুৱাৰ দৰে বহু বৰেণ্য, যশস্বী কবিয়ে তেওঁলোকৰ কবিতাত প্ৰসংগ ৰক্ষা কৰি ঠায়ে ঠায়ে কিছুমান ইংৰাজী শব্দ প্ৰয়োগ কৰি গৈছে৷ ’নষ্টালজিকতা’ লিখাতকৈ ’স্মৃতিকাতৰতা’ বুলি লিখিলে নহ’বনে বাৰু? nostalgic শব্দটো বিশেষণ (adjective) আৰু বিশেষ্য (noun) হৈছে nostalgia৷ ’নষ্টালজিকতা’ নিলিখি পোনছাটে ’নষ্টেলজা’ (nostalgia) বুলি বিশেষ্য ৰূপটোকে লিখিব পাৰে দেখোন (অসমীয়া লিপ্যন্তৰিত ৰূপটো সকলোৱে মানি নল’বও পাৰে, সেইটো বাৰু বেলেগ কথা)! কিন্তু ইংৰাজী শব্দ একোটাত সংস্কৃত প্ৰত্যয় এটা যোগ কৰাটো (’তা’ বা ’ত্ব’ যিয়েই নহওক লাগিলে) সমীচীন বুলি নাভাবোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!