তিতা ভেকুৰিয়ে সৈতে কচুথুৰিৰ পিটিকা –নমি বৰা ফুকন

উপকৰণ –১/কচুথুৰি এমুঠি
২/ভেকুৰি কেইটামান
৩/ নিমখ আন্দাজমতে

প্ৰণালী —কচুথুৰি মুঠি আৰু ভেকুৰিকেইটা ভালকৈ ধুই আন্দাজমতে নিমখ দি মিহলাই ল’লোঁ৷ কেৰাহী এখনত গৰম কৰি উক্ত উপকৰণকেইটা ঢালি দি ঢাকোন মাৰি দিলোঁ৷ অকণমান সময়ৰ পিছতে ঢাকোন খুলি মিশ্ৰণটো লৰাই দি পুনৰ ঢাকোন লগাই দিলোঁ৷ তাৰ পাঁচ মিনিটৰ পিছতেই ৰন্ধন পাত্ৰটো জুইৰ পৰা নমাই দিলোঁ৷ ঠাণ্ডা হোৱাত হেতা বা হাতেৰে পিটিকি অকণমান কেঁচা বা পকা মিঠাতেল মিহলাই ল’লোঁ৷ বচ, তৈয়াৰ হৈ গ’ল এখনি সুস্বাদু পিটিকা৷ ভাত বা ৰুটিৰ সৈতে পৰিবেশন কৰি নিশ্চয় ভাল পাব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!