তিনিটা গল্প : মনজিৎ

 

১) #প্ৰত্যুত্তৰ

: দাদা আপোনাৰ দোকানত বেয়াও নহয় ভালো নহয়, গধুৰো নহয় পাতলো নহয়, বগাও নহয় থিক ক’লাও নহয় বস্তু বিধ পাম নেকি বাৰু? : অহ’ আপুনি বিচৰা বস্তু বিধ পাবও কিন্তু থিক নাপাবও৷ কি কৰিম নাপায় বাবে দিম নে পায় বাবে নিদিম বাৰু?

২) #ৰিৰ্ম্বাচমেণ্ট

“বৈদ্য মৰমৰ অতিকে দিয়েৰ এঞ্জেল তুলতুলি, ঘৰত তামাম মানা কৰাৰ পিছতো বুকুত পাথৰ ৰাখি তোমাৰ প্ৰেমত পৰিছিলো, মস্তি মস্তিকে সাতুৰিছিলো৷ পিছে তুমি ৰিৰ্চাজ ভৰোৱা ৰমেনৰ লগত পলাই যোৱাৰ পিছত বুকুৰ সেই পাথৰ আহি এতিয়া কিডনি পালেহে৷ ডাক্টৰে অপাৰেচন কৰিব কৈছে৷ সেইবাবে বহুত টকা লাগিব৷ সেয়ে মই তোমাৰ লগত কৰা খৰচ বোৰ সোণকালে ঘূৰাই দিয়া যেন৷ সেই ছমাহৰ হিচাপ এনেধৰণৰ… নেট পেক => ২৪৯*৬ =১৪৯৪ চকলেট => ২৫*৩০*৬ =৪৫০০ আইচক্ৰীম => ৫০*৪*৬ =১২০০ ৰেষ্টুৰেণ্ট => ৫০০*২*৬ =৬০০০ বাইকৰ তেল=>৫০*৩০*৬ =৯০০০ টোটেল =২২১৯৪/-

(NB. ১৯৪ টকা নেলাগে দিব বাৰু৷ যদি বাকী কেইটা নিদিয়া মোৰ কিডনীৰ পৰা এনেকুৱা শাও দিম তোমাৰ নতুন 4G মোবাইল লেট্ৰিনৰ গাতত পৰি বেয়া হৈ যাব বাপ্পেকে৷ )

ইতি মই তোমাৰ প্ৰাক্তন চুনচুনি মাইনা

৩) #Divided By /United By

নামঘৰৰ বিয়নি মেলত সংগী ভকতনিয়ে শাহুৰ কাণ ভৰালে যে পুতেৰৰ নতুনকে বিয়া পাতিছা বোৱাৰীক মূৰৰ ওপৰত উঠিব নিদিবা৷ নিজৰ তলত ৰাখিব৷ শাহুও সেই মতেই গ’ল৷ অধুনিক মনৰ বোৱাৰী শাহুৰ দমন কত আৰু সহে৷ লাগি গ’ল এখুন্দা৷ মাত বোল বন্ধ দুয়ো দুফালে ৰোহঘৰত৷ পুতেক আৰু বাপেক বাৰুকে অসহায়, যায় মানে এতিয়া কোনফালে যায়৷ আবেলিৰ পৰা সন্ধিয়া লাগিল নাই জুই কুৰা নুনুমাইহে নুনুমাই৷ ৰাতিৰ সাজ লঘোনেই হব বুলি ধৰি ল’লে আৰু৷ ৰাতিহৈ আহোতেই পুতেকৰ খেলাল এটি আইদিয়া, এফালে আই আনফালে প্ৰিয়া৷ লাগি গল টিভি জনপ্ৰিয় চিৰিয়েল “য়ে হে মোহাব্বেতে..” তাকো একদম ফুল ভলিউমত৷ ঘণ্টা যোৰা অস্বস্তিৰ মুহুৰ্ততে অৱসান৷ কোন তলকত শাহু বোৱাৰী আহি একেখন চকীতে বহি ল’লে বাপেক পুতেকে তলকিবই নোৱাৰিলে৷ : অ আজিজে পিহুৰ স্কুলত ৰমনে কুকিং কম্পিটিচনত ভাগ লোৱৰ কথা আছিল৷ কিবা হয়৷ “- বোৱাৰীৰ এক্সাইটমেণ্ট: অ পাই চগুনৰো বিয়া হ’ব নহয়৷ ইচিতা জনীক যে যি পিন্ধিলেও বৰ মজা লাগে ন? —শাহুৱে তাতে উজান দিলে৷ : সঁচাকে দেই কালি যে ৰেড শাৰী খন পিন্ধিছিল লগত যে পাৰ্ল চেটটো৷ উফফ ইম্মান ধুনীয়া লাগিল ঔ………………………………………………………………………. ……………………………………………………………………………………….. ………………………. বাপেক পুতেক শ্বস্তিৰ নিশ্বাস পেলাই মিচিকিয়াই ৰুমৰ পৰা ওলাই গ’ল৷

মৰেল: Divided By বিয়নি মেল; United By টিভি চিৰিয়েল৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!