তিনিটা সৰু কবিতা (নিবেদিতা বৰুৱা ফুকন)

তিনিটা সৰু কবিতা

এক:

ঠেঁটুৱৈ লগা জাৰ

ধাৰাষাৰ বৰষুণ

বাহিৰত এজাক নাঙঠ শিশুৰ কলকলনি

 

দুই:

ঘৰমুৱা পক্ষীৰ গীত

পাহাৰৰ সিপাৰে বেলি ডুবিছে

অতীত ৰোমন্থন জোনৰ পোহৰত

 

তিনি:

ক্ৰমে কমি আহিল জোনৰ পোহৰ

মহিলাৰে ভৰা কোঠাটোত

সৰুকৈ বাজি থাকিল ৰেডিঅ’ৰ কৰুণ ৰাগ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!