তিনি শৰীয়া তিনিটা স্তৱক ( প্ৰাণজিৎ বৰুৱা )

Untitled

আক্ষেপ :

(১)

পাৰিলে মোকো এবাৰ  চুই যোৱা,

শুনো বহুতে কোৱা,

সি বৰ দুৰ্ভগীয়া যাৰ নাথাকে হেনো ভালপোৱা ।

*******

প্ৰাপ্তি :

(২)

ৰাতিপুৱা এটাত সপ্ৰতিভ হৈ  মই ওলাই গ’লো,

দুপৰীয়া এটাত উলাহেৰে প্ৰেমত পৰিলোঁ,

আৰু একে দিনাই ৰাতিটোতে মই নিখোঁজ হৈ থাকিলোঁ ।

*******

অভিজ্ঞতা :

(৩)

দৰাচলতে মানুহ বোৰৰ দুখন মুখ,

বুজি নাপালেই সুখ,

বুজি পালে  মনৰ অসুখ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!