তুমিতো জানাই মোৰ মনৰ কথা…..(প্ৰদ্যুতজ্যোতি শইকীয়া)


 
 
 
 
 
 
 
 
 
তুমিতো জানাই মোৰ মনৰ কথা
প্ৰেমনো কি ??
শৰীৰী খেলৰ অনুজ্ঞাপত্ৰ!!
নে প্ৰেম মানে তৃপ্ততা ?
নে স্বৰ্গীয় অনুভুতিৰ তীব্ৰতা ?
হোঃ ….
সঁচা, মিছা সকলো প্ৰেমৰ সমাপ্তিত নগ্নতা ।।
তুমিতো জানাই মোৰ মনৰ কথা
প্ৰেম মানেটো একো নাই
সকলোবোৰ খেলা,
প্ৰেমৰিক্ত জীৱন,
সমন্ধৰ টনাটনি খেলা ?
প্ৰেম মানেটো একো নাই
হোঃ..
নগ্ন সমাজৰ বীভত্‍স জীৱন গাঁথা ||
তুমিতো জানাই মোৰ মনৰ কথা …..
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!