তুমি আহিবা বুলি মই ৰৈ থাকিম- (- বিজু সেনাপতি)

তুমি আহিবা বুলি মই ৰৈ থাকিম-
– বিজু সেনাপতি৷
wait2
তুমি আহিবা বুলি মই ৰৈ থাকিম,
জালুকবাৰী বাচষ্টপ,
ভৰলুমুখ,
অথবা চিৰিয়াখানাত৷
মোৰ অপক্ষাৰ আমনিৰ অন্ত পেলাই তুমি আহিবা,
মোৰ নতুনকৈ প্ৰকাশিত কবিতাটোৰ বাবে মোক শুভেচ্ছা জনাবা,
বিনিময়ত মই তোমাক এটা উষ্ণ চুমা দিম৷
আৰূ সেই চুমাটোৰ প্ৰত্যাসা পূৰণ হোৱাৰ পাছতেই তুমি হাঁহিবা,
আমি দুয়ো কিছুদুৰ খোজকাঢ়িম,
দীঘলী পুখুৰীৰ পাৰত বহিম,
তোমাক জোকাম৷
লাহেকৈ চিকুটিলে,
যোৰকৈ নিচিঞৰিবা,
মানুহে শুনিলে পুলিচক জনাব,
পুলিচে ধৰি নিলে ধন ভৰিব লাগিব৷
আৰূ ধন…..
মোৰ জেপত কতেইবা ধন?
কেৱল আছে,
ম’বাইলৰ নম্বৰ লিখা কাগজখন৷
তথাপি তুমি আহিবা
তুমি আহিবা বুলি
জালুকবাৰী বাচষ্টপ,
ভৰলুমুখ,
অথবা চিৰিয়াখানাত মই
ৰৈ থাকিম,
ৰৈ থাকিম,
ৰৈ থাকিম………..
…………………………………

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!