তুমি কোন? (উজ্জ্বল ফুকন)

তুমি কোন

উজ্জ্বল ফুকন

হেলমেটৰ মাজেদি আঁৰ চকুৰে নাচাওঁ বুলি ভাবিও ৰাজে এবাৰ চালে ছোৱালীজনীলৈ । কাষৰ বাইকখনৰ পিছ ছীটটোত বহি আছে তাই । হাত দুখনেৰে পিছফালৰ পৰা চালকক এনেকৈ সাৱটিছে যে সিহঁতৰ মাজত থকা বতাহখিনিও তৰা নৰা ছিঙি আঁতৰি গৈছে । বাইকত প্ৰেম চাগৈ এনেকুৱাই বতাহেও নিজৰ দিশ পাহৰি যায় । ট্রেফিক ছিগনেলটোত ৰৈ থকা প্রায় ভাগ মানুহলৈ ৰাজে এবাৰ চকু ফুৰালে । সকলোৰে চকুবোৰ বিভিন্ন এঙ্গোলত তাইৰ ফালে ঘূৰি আছে । কিছুমানৰ চাৱনিয়ে যেন ক’ব বিচাৰিছে ছিগনেলৰ ৰঙা লাইটটোৱে আজি অমৰত্বৰ বৰ পাৱক । সিহঁতে একো বেয়া নাপায় । এজনী ছোৱালীয়ে জাতি ধৰ্ম বয়সৰ উৰ্ধত সকলো পুৰুষক আনি একে শাৰীত বহুৱাব পাৰে এয়া যেন তাৰেই প্ৰমাণ । জেমছ বণ্ডৰ চিনেমাৰ মহিলা স্পাই আৰু দ্বিতীয় বিশ্বযুদ্ধত বিভিন্ন দেশে যুদ্ধৰ অন্যতম আহিলা হিচাপে ব্যৱহাৰ কৰা ধুনীয়া স্পাইবোৰ মনৰ জেব্রা ক্রছটোৱেদি পাৰ হৈ যোৱা যেন লাগিল । “এই ছোৱালীবোৰ দেখিলে বা সেই কাহিনীবোৰ পঢ়িলে এনেকুৱা লাগে যেন প্রথম চাৱনিত ৰূপেই সকলো কৰে । গুণ(বদগুণ?)বোৰ বহু পিছতহে ধৰা পৰে । আজিৰ যুগত ‘ৰূপে কি কৰে গুণেহে সংসাৰ তৰে’ এই বাক্যটো নাখাটে যেন লাগে । কোন বিশ্বামিত্ৰ আছে আজিকালি যি ফটোখন নোচোৱাকৈ গুণবোৰ শুনিয়েই বিয়া পাতিব ।” ৰাজে মুখৰ ভিতৰতে ভোৰভোৰালে ।

“ইমান কৈ যে চাইছ, চিনি পাৱ নেকি? কোন তাই?” ভাল ৰাজটোৱে মনৰ ভিতৰৰ পৰা ভুমুকিয়াই সুধিলে ।
ৰাজক আকৌ এবাৰ ছোৱালীজনী চাবলৈ হেঁচা দি থকা বেয়া ৰাজটোৱে মাত লগালে “তই দেখিছই দেখোন তাই ছোৱালী, মানে নাৰী । যদি এতিয়াও বুজি পোৱা নাই সোধ গৈ যা তুমি কোন?”
“তুমি কোন?” ৰাজেও মুখৰ ভিতৰতে ভোৰভোৰালে । বহু নাৰীৰ মুখ পলকতে চকুৰ আগেদি পাৰ হৈ গ’ল ।
“তুমি নাৰী । তুমি অৰ্ধ আকাশ । তুমি লাজৰ ওৰণিৰ মাজত থাকিও পুৰূষৰ প্রেমৰ উৎস ।” ভাল ৰাজে ক’লে।
“তুমি যৌৱনৰ মুক্ত প্রকাশ । ছুটি ছুটি কাপোৰৰ মাজৰ আকৰ্ষণ তুমি । পাবত মতলীয়া হৈ পূৰণ চিন সাজি নৃত্য কৰা তুমি । ঘৰত থাকোঁতে ল’ৰা দেখিলেই তলমূৰ কৰা আৰু বাহিৰত পঢ়িবলৈ আহি ‘লিভ ইন’ কৰা তুমি ।” বেয়া ৰাজেও সমানে সমানেই উত্তৰ দিলে ।
“তুমি মা, বৰমা বা খুড়ীৰ মৰম । তুমি বাইদেউৰ শাসন । তুমি আইতাৰ সাধুকথাৰ কুকি । তুমি ভন্টিৰ ৰাখী । তুমি প্ৰেয়সীৰ হাঁহিটোৰ দৰে ধুনীয়া ।” ভাল ৰাজে আকৌ ক’লে ।
“তুমি মিছা হাঁহিৰ ফুলজাৰী । তুমি নিদ্রাহৰণকাৰী । তোমাৰ ধুনীয়া হাঁহিৰ আগত হাজাৰজন ঘুণীয়া । ” বেয়া ৰাজে ক’লে ।
“আজি আৰু ইহঁত দুটাৰ তৰ্ক শেষ নহয় ।” ৰাজে ছিগনেলটো পাৰ হৈ মনে মনে ভাবিলে ।
“তুমি মেৰী কিউৰী । দুবাৰকৈ নোবেল বটা বিজয়ী । তুমি মানৱতাৰ সাগৰ মাডাৰ টেৰেছা । তুমি বেউলাৰ পতিভক্তি । তুমি জয়মতী, তুমি মূলাগাভৰু । তুমি সাহসৰ প্রতীক ৰাণী লক্ষ্মীবাঈ । তুমি কল্পনা চাওলা আৰু তুমিয়েই মেৰী কম । এতিয়া ক’ তুমি কোন?” ভাল ৰাজৰ আক্ৰমণ ।
“তুমি চানী লিঅনী । তুমি ৰাখী চাৱন্ত । তুমি যৌনতাৰ ৰাণী । পথৰ কাষত গ্রাহকৰ বাবে ৰৈ থকা তুমি পথভ্রষ্টকাৰী ।” বেয়া ৰাজৰ উত্তৰ ।
“তুমি মা মহিমাময়ী । তুমিয়েই দুৰ্গা আৰু তুমিয়েই কালী । তুমি ধনলক্ষ্মী । তুমি বাগদেৱী সৰস্বতী । মা কামাখ্যা তুমিয়েই। তুমিয়েই সতী পাৰ্বতী ।” ভাল ৰাজে ক’লে।
“তুমি সীতা। যাৰ বাবে ৰাম ৰাৱণৰ যুদ্ধ হ’ল ।। তুমি দ্ৰৌপদী । যি কৌৰৱ ধ্বংসৰ এক অন্যতম কাৰণ । তুমিয়েই হেলেন যাৰ ৰূপৰ তাপত ট্রয় ছাঁই হ’ল । তুমি মৃত্যুৰ বাহক ।” বেয়া ৰাজে উত্তৰ দিলে ।
আজি আৰু এইকেইটাৰ তৰ্কা তৰ্কি শেষ নহয় । ৰাজে বাইকখন অফিছৰ পাৰ্কিং প্লেচত পাৰ্ক কৰি মনৰ ভিতৰতে ক’লে । সিহঁত দুটাৰ যুদ্ধৰ মাজত ৰাজেও এবাৰ ভাবিবলৈ বাধ্য হ’ল তুমি কোন ?

কেতিয়াবা তুমি মাকৰ মৰম
কেতিয়াবা ডাষ্টবিনত তোমাৰ অবৈধ কৰম ।
কেতিয়াবা পৃথিৱী পাৰ হৈ মহাকাশ ভ্ৰমিছা
কেতিয়াবা আখলৰ মাজতে জীৱন গঢ়িছা ।

কাৰোবাৰ বাবে প্ৰেৰণা তুমি
কাৰোবাৰ বাবে নৰকৰ দুৱাৰ
কাৰোবাৰ বাবে তুমি আকাশৰ জোন
কাৰোবাৰ বাবে মায়াবী সপোন
অবুজন মনে আকৌ সুধিছে
ভগৱানে বুজি নোপোৱা তুমি কোন ?

“ৰাজ, হুৱাই আৰ ইউ চ’ লেট?” ছিনিঅ’ৰ মেনেজাৰজনীৰ মাতত ৰাজৰ কবিতা একেচাটে বতাহত মিলি গ’ল ।
“ট্রেফিক জাম” লাহেকৈ কৈ ৰাজ তাইৰ কাষেদি পাৰ হৈ গ’ল ।
তাইৰ বিশ্বাস নোহোৱা চাৱনিটোৱে যেন দিনটোৰ প্রশ্নটোত আৰু এটা শাৰী যোগ দিলে । তাই যোৱাৰ ফালে চাই ৰাজে মনৰ ভিতৰতে ক’লে ”
তুমি আমাৰ লেডী ডন্ ।
তুমিয়েই দস্যুৰাণী ফুলন ।
পানত লাগি থকা তুমি এক্সট্রা চূণ
আৰু নোসোধোঁ মই তুমি কোন?”

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!